Logo
image

প্ৰসংগঃ নাৰী দিৱস

কাইলৈ ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস৷ সমগ্ৰ বিশ্বতে অতি আগ্ৰহেৰে উদ্‌যাপন কৰা এই দিৱস সম্প্ৰতি ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ৱল্ডৰ্ ইক’নমিক ফ’ৰামৰ মতে ক’ভিড-১৯ অতিমাৰীৰ ফলত সমগ্ৰ বিশ্বতে লিংগ-অসমতা বৃদ্ধি পাইছে৷ কিয়নো, পুৰুষৰ তুলনাত প্ৰায় দ্বিগুণসংখ্যক মহিলাই এই অতিমাৰীৰ ফলত কৰ্মহীন হৈ পৰিছে৷ এই কৰ্মহীনতাৰ অৰ্থ হৈছে উপাৰ্জনহীনতা৷ পূৰ্বৰে পৰাই পুৰুষ আৰু মহিলাৰ মাজত উপাৰ্জন-অসমতা আছেই৷ বৰ্তমান ই অধিক হৈ পৰিছে৷ আনহাতে, অতিমাৰীসৃষ্ট পৰিস্থিতিত বিনা-পাৰিশ্ৰমিকত কৰিবলগীয়া কামবোৰৰ বোজা অধিক পৰিমাণে মহিলাসকলেহে ব’বলগীয়া হৈছে৷ এই কামবোৰৰ প্ৰায়বোৰেই ঘৰুৱা কাম-কাজ৷ ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি, সন্তানৰ প্ৰতিপালন, ঘৰ-পৰিচালনাৰ সিংহভাগ কাম পৰম্পৰাগতভাৱেই মহিলাসকলে কৰিবলগীয়া হয়৷ এইবোৰৰ কেতিয়াও মূল্যায়ন কৰা নহয় আৰু সেইবাবেই ৰাষ্ট্ৰীয় আয়ত এনে কামৰ মূল্য অন্তৰ্ভুক্ত নহয়৷ ২০১৮ চনৰ এখন প্ৰতিবেদনত ইণ্টাৰনেশ্বনেল লেবাৰ অৰ্গেনাইজেশ্বনে প্ৰকাশ কৰিছিল যে প্ৰতিদিনে ‘বিশ্বৰ মুঠ অৰ্থনৈতিক উৎপাদনৰ দহভাগৰ এভাগ উৎপাদন কৰিব পৰা সময় বিনা পাৰিশ্ৰমিকৰ কামৰ বাবে ব্যয় কৰা হয়৷ বিশ্ব-আয়ক প্ৰভাৱিত কৰা এনে কামৰ বোজা এতিয়া মহিলাসকলৰহে ওপৰত বেছি বুলি ৰাষ্ট্ৰসংঘই স্বীকাৰ কৰিছে৷ এহাতে অসংগঠিত খণ্ড তথা ঘৰুৱা কাম-কাজত মহিলাৰ অধিক যোগদান আৰু আনহাতে বিজ্ঞান-গৱেষণাকে ধৰি ৰাজনীতি-অৰ্থনীতিৰ নেতৃত্ববহনকাৰী কাম-কাজত মহিলাৰ যোগদান যথেষ্ট কম৷ ‘ইউ এন ৱ’মেন’ৰ তথ্যমতে, বিশ্বত মহিলা সাংসদৰ সংখ্যা হৈছে মাথোন ২৫ শতাংশ৷ বহুতো দেশত এই পৰিসংখ্যা ১০ শতাংশৰ তলত৷ বিশ্বৰ ১১৯খন দেশত এতিয়ালৈ কোনো মহিলা ৰাষ্ট্ৰ-মুৰব্বীৰ আসনত বহিবলৈ সক্ষম হোৱাই নাই৷ বেছিভাগ মহিলা সাংসদ, মন্ত্ৰী বা মুৰব্বী ৰাজনীতিকৰ পৰিয়ালৰ পৰাই নিৰ্বাচিত-মনোনীত হৈ অহা৷ তেনেদৰে, শিক্ষাৰ ক্ষেত্ৰখনত মহিলাৰ সংখ্যা বাঢ়ি গৈ মাথোন ৩৩ শতাংশহে মহিলা৷ এনে অসংখ্য তথ্যই বিশ্বৰ ক’ভিড-১৯ প্ৰতিষেধক ভেকচিন আৱিষ্কাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ডাঃ সৌম্যা সুব্ৰমনিয়মকে আদি কৰি মহিলা বিজ্ঞানী, বিশ্বৰ মুঠ স্বাস্থ্যকৰ্মীৰ ৭০ শতাংশই মহিলা কৰ্মী আদিৰ দৰে গুৰুত্বপূৰ্ণ তথ্যবোৰকো ম্লান কৰি পেলায়৷ লিংগ-অসমতাৰ এনে বিষম স্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে ৰাষ্ট্ৰসংঘৰ ইউ এন ডি পিয়ে এক বিশেষ ‘বিষয়’ নিৰ্ধাৰণ কৰিছে৷ সেয়া হৈছে– ‘নেতৃত্বত মহিলাঃ ক’ভিড-১৯ পৃথিৱীত সম-ভৱিষ্যৎ আহৰণ’৷ উক্ত বিষয়ত বিশদ কাৰ্য-পৰিকল্পনা গ্ৰহণ তথা ৰূপায়ণৰ বাবে ‘জেনেৰেশ্বন ইকুৱেলিটী’ শীৰ্ষক এক শ্লোগান প্ৰসাৰ আৰু প্ৰচাৰ কৰা হৈছে৷ প্ৰজন্ম-সমতাৰ হকে ‘সমকাৰ্যৰ বাবে সমমজুৰিকে ধৰি বিভিন্ন দিশত থকা লিংগ-অসমতা দূৰ কৰি ‘সিদ্ধান্ত গ্ৰহণ’ আৰু ‘নেতৃত্ব বহন’ৰ কাৰ্যত মহিলাৰ যোগদান সুনিশ্চিত কৰিবলৈ বিশ্বজোৰা কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনোৱা হৈছে৷ এই আহ্বানে কোন কাহানিতেই আৰম্ভ হোৱা লিংগ-সমতাৰ ৰণখন আগুৱাই নিয়াত কিমানদূৰ সফল হয়, সেয়া সময়েহে ক’ব৷ ৰাষ্ট্ৰসংঘৰ মতে বৰ্তমান গতিত লিংগ-সমতাৰ যি ৰণ চলি আছে, তাৰ সমাপ্তিৰ বাবে সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব৷ লিংগ-অসমতাৰ বিষম স্থিতিৰ মাজতো এচাম মহিলাই অতি সুখ-স্বাচ্ছন্দ্যৰ জীৱন কটাবলৈ সক্ষম হৈছে৷ এইসকলৰ সৌভাগ্যৰ বিপৰীতে বিশ্বৰ সিংহভাগ মহিলাই নিজৰ পৰিয়াল-পৰিজনৰ মাজতেই অনাদৃত, অৱহেলিত হৈ ৰৈছে৷ কন্যা সন্তানৰ প্ৰতি থকা অনীহা আৰু বৰ্ধিত সামাজিক নিৰ্যাতন, ধৰ্ষণ আদিৰ ঘটনাই লিংগ-সমতাৰ যুঁজখন অধিক জটিল কৰি তুলিছে৷ সেয়েহে, কেৱল দিৱস উদ্‌যাপন অথবা শ্লোগান-অভিযান চলাই লিংগ-সমতা অনাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে ভিন্ন-স্তৰত থকা মহিলাৰ অভাৱ-প্ৰয়োজন আৰু সমস্যাৰ আঁতিগুৰি লৈ আৰু সেইমতে কাৰ্য-পদ্ধতি ৰূপায়ণৰ সুদীৰ্ঘ আঁচনিৰ প্ৰয়োজন হ’ব৷