Logo
image

বৰাকত এঘণ্টীয়া অমিত শ্ব’

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ২২ এপ্ৰিল : শিলচৰত শনিবাৰে বিয়লি অনুষ্ঠিত হয় অমিত শ্বাহৰ ৰোড শ্ব’ বিজয় সংকল্প যাত্ৰা জনতাৰ উপস্থিতিত ৰোড শ্ব’ৰে গেৰুৱা দলটোৱে সমষ্টিটোত নিজৰ শক্তি প্ৰদৰ্শন কৰে৷ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ উদ্দেশ্যে দেওবাৰে বিয়লি প্ৰায় ৫ বজাত শিলচৰৰ আৰক্ষী পেৰেড খেলপথাৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ তাৰপিছত শিলচৰ ডিএছএ ময়দানৰ সম্মুখৰ দেৱদূত পয়েণ্টলৈ আহে তেওঁ৷ তাৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ৰাইজক গোলাপ ফুলেৰে অভিবাদন জনাই ৰোড শ্ব’ৰ সূচনা কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মালাহৰ হৈ প্ৰচাৰ চলায়৷ শিলচৰৰ মাজেদি এক বিশাল ৰোড শ্ব’ৰে তেওঁ এই প্ৰচাৰ চলায়৷ এই ৰোড শ্ব’ত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ডাঃ ৰাজদীপ ৰয় সহ বিজেপিৰ কেবাজনো নেতা৷ ৰোড শ্ব’ ত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে গামোচাৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক আদৰণি জনায়৷  বিজেপিৰ দলীয় নেতৃত্বই দাবী কৰা অনুসৰি প্ৰায় ৭৫ হাজাৰ লোকে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় চহৰ খনত৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে পোনতে শিলচৰ বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্তাৰৰে গৈ আৰক্ষী পেৰেড খেলপথাৰলৈ আহে৷ শিলচৰ আৰক্ষী পেৰেড গ্ৰাউণ্ডৰ পৰা তেওঁ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ যায় আৰু তাৰ পৰাই ৰোড শ্ব’ আৰম্ভ হয়৷ ৰোড শ্ব’ উপলক্ষে শিলচৰ বিজেপিয়ে স্থানে স্থানে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ দেবদূত পয়েণ্ট, চেণ্ট্ৰাল ৰোড, প্ৰেমতলা, হস্পিটাল ৰোড, ৰাধামাধব ৰোড পৰ্যন্ত যায়৷ তাৰপিছত ৰোড শ্ব’ সমাপ্ত কৰি আৰক্ষীৰ এছকটেৰে ৰাধামাধব ৰোড, বিলপাৰ, মধুৰবন্দ, চামৰা গোদাম, জানিগঞ্জ হৈ পুনৰ  শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা তেওঁ উভতি দিল্লীলৈ যায়৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অমিত শ্বাহৰ ৰোড শ্ব’ বিজয় সংকল্প যাত্ৰাত শিলচৰত মানুহৰ ভিৰ বৰাকৰ ৰাইজে বিজেপি বিচৰাটো নিশ্চিত কৰিছে৷ উল্লেখ্য যে, অমিত শ্বাহে প্ৰায় ১ ঘণ্টা ৰোড শ্বত উপস্থিত থকাৰ বিপৰীতে তেওঁৰ আজিৰ শিলচৰ যাত্ৰা আছিল প্ৰায় ৭৫ মিনিটৰ৷ ৰোড শ্বৰ পূৰ্বে বা ইয়াৰ পিছত তেওঁ দলীয় কৰ্মীক সম্বোধন কৰাৰ পৰা বিৰত থাকে৷