Logo
image

লেখক-সাংবাদিক, জনসংযোগ বিষয়া ৰয়েল আহমেদ প্ৰয়াত

‘আমাৰ অসম’ বিশেষ প্ৰতিবেদন আৰু কামপুৰৰ প্ৰতিবেদক, ২২ এপ্ৰিল: ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ তথ্য বিষয়া হিচাপে তিনিদশকৰো অধিককালৰ কৰ্মজীৱনৰ অতিবাহিত কৰিলেও তৰুণ বয়সত সাংবাদিকৰূপে মাথোঁ কেইটামান বছৰ কটাই সতীৰ্থ আৰু গুণমুগ্ধ পাঠকৰ মাজত সৰস উপস্থিতিৰ সৃষ্টি কৰা ৰয়েল আহমেদৰ সুদুৰ কলকাতাৰ মৃত্যুৱে আজি বহুজনকে ব্যথিত কৰি তুলিছে৷ কলকাতাৰ অসম ভৱনতে চৰকাৰী বিষয়া হিচাপে ৩৩বছৰ পাৰ কৰা নগাঁৱৰ কামপুৰৰ ৰয়েল আহমেদ যেন অধিক সাংবাদিকহে আছিল–তেনে এক চৰ্চাৰে ৰাজ্যৰ সাংবাদিকৰ মাজত আজি কৰুণ পৰিৱেশৰ সৃষ্টি কৰা ৰয়েল আহমেদৰ দেওবাৰে পুৱতি নিশা কলকাতাৰ এখন বেচৰকাৰী হাস্পতালত দেহাৱসান ঘটে৷ যোৱাবছৰৰ ৩১মাৰ্চত জনসংযোগ বিভাগৰ জ্যেষ্ঠ তথ্য বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা ৰয়েল আহমেদে শেহতীয়াকৈ স্নায়ুজনিত আৰু মধুমেহ ৰোগত ভূগি আছিল৷ বাংলা সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি বিশেষ প্ৰীতি থকা ৰয়েল আহমেদে অৱসৰ গ্ৰহণ কৰাৰ পাছতো কলকাতা মহানগৰীৰ এটা ভাৰাঘৰত থাকিবলৈ লৈছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যাসন্তান ইহসংসাৰত এৰি লৈ গৈছে৷ 

সাংবাদিক হিচাপে ৰয়েল আহমেদে কৰ্মজীৱন কটাইছিল মাত্ৰ ৩ কি ৪ বছৰৰ৷ কিন্তু সেই কম সময়তে তেওঁ ৰাজ্যৰ সাংবাদিক ক্ষেত্ৰত, ঘাইকৈ গুৱাহাটীৰ সাংবাদিকৰ মাজত নিজৰ এখন পৃথক আসন তৈয়াৰ কৰি লৈছিল৷ সেই সম্পৰ্ক তেওঁ অব্যাহত ৰাখিছিল চৰকাৰী চাকৰিৰ ৩৩বছৰজোৰা দীঘলীয়া সময়ত সহকৰ্মী আৰু অগ্ৰজ-অনুজ সতীৰ্থ সাংবাদিকৰ সৈতে সমানভাৱে৷ সেই যোগাযোগৰ মূল সূত্ৰ আছিল কলকাতাৰ অসম ভৱন, যিটো অসমৰ পৰা মেট্ৰ’পলিছ চহৰখনলৈ যোৱা ৰাজ্যৰ বহু সাংবাদিকৰ আপোন আশ্ৰয়স্থল আছিল আৰু খন্তেকীয়া সময়ত কলকাতাৰ ৰাছেল ষ্ট্ৰীট কিম্বা পাৰ্ক ষ্ট্ৰীটত তেনে আগন্তুকৰ বিশ্বস্ত সংগী আছিল ৰয়েল আহমেদ, সৰ্বদাই৷ 

নগাঁৱৰ কামপুৰৰ জাজৰিৰ ৰয়েল আহমেদে সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল তিনিদিনীয়া অগ্ৰদূতত ১৯৮৭ চনৰ ১ ডিচেম্বৰত৷ তাৰ পৰা তেওঁ আহি  যোগদান কৰে জিএল পাব্লিকেছনছৰ পৰা প্ৰকাশিত অৰ্ধ সাপ্তাহিক পূৰ্বাচলত৷ প্ৰস্তাৱনা সংখ্যৰ পৰাই পূৰ্বাচলত সাংবাদিকতা কৰা ৰয়েল আহমেদে পৰৱৰ্তী সময়ত ‘নতুন দৈনিক’ আৰু তাৰ পাছত ‘আজিৰ বাতৰিত’ যোগান কৰে৷ অধুনালুপ্ত ‘ৰংঘৰ’ত কাৰ্যবাহী সম্পাদক হৈ থকা অৱস্থাতে তেওঁ ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগত ১৯৯০ চনত তথ্য বিষয়া হিচাপে যোগদান কৰি কলকাতাৰ অসম ভৱনত নিযুক্তি লাভ কৰে৷ কলকাতাত ৰয়েল আহমেদে চহকী সংস্কৃতিৰ কেন্দ্ৰস্থলটোত বাংলা সাহিত্য আৰু সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে৷ ৰয়েল আহমেদ নামটোৰেই ‘সৰবৰহী’ শব্দটোৰ সংজ্ঞা দিব পৰা এসময়ৰ সাংবাদিকজনৰ মৃত্যুৱে ৰাজ্যৰ এটা প্ৰজন্মৰ সাংবাদিকৰ মাজত গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে৷

ৰয়েল আহমেদৰ মৃত্যু কামপুৰত শোকৰ ছাঁ

কলকাতাৰ অসম ভৱনৰ অৱসৰপ্ৰাপ্ত জনসম্পৰ্কৰক্ষী বিষয়া তথা অসমৰ সংবাদ জগতৰ চিনাকি নাম ৰয়েল আহমেদ [৬১] ৰ যোৱা নিশা কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে৷ প্ৰয়াত আহমেদ বহু দিন ধৰি স্নায়ু ৰোগতো আক্ৰান্ত হৈ আছিল৷ কামপুৰৰ ৰয়েল আহমেদে কটন কলেজত পঢ়ি থকা অৱস্থাতে বিভিন্ন কাকত আৰু আলোচনীত উন্নতমানৰ লিখনি, প্ৰবন্ধ লিখি বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিচয় দি আহিছিল৷ প্ৰয়াত আহমেদে শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ প্ৰকাশিত ‘‘নতুন দৈনিক’’ত সহঃ সম্পাদক হিচাপে যোগদান কৰি ‘‘আজিৰ বাতৰি’’কে ধৰি কেইবাখনো বাতৰি কাকতত সাংবাদিক হিচাপে সেৱা আগবঢ়াই পিছলৈ সাপ্তাহিক ‘‘ৰংপুৰ’’ কাকতৰ  কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷  উল্লেখ্য যে অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে আহমেদে কলিকতাৰ অসম ভৱনত জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে যোগদান কৰি আজিৰ পৰা ছমাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল৷জন সম্পৰ্কৰক্ষী বিষয়া হৈ থকাৰ সময়তো কলকাতাৰ বিভিন্ন সাহিত্য কৰ্মৰ লগতে সাংস্কৃতিক কাম-কাজৰ সৈতে জড়িত হৈ আছিল৷ প্ৰয়াত ৰয়েল আহমেদৰ জানাজা কলকাতাতে সম্পন্ন কৰা হয় বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ৷ বিশিষ্ট সাংবাদিক তথা দায়িত্বশীল বিষয়া গৰাকীৰ মৃত্যুত কামপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে যথেষ্ট সংখ্যক গুণমুগ্ধ তেওঁৰ কামপুৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে৷  মৃত্যুৰ সময়ত আহমেদে পত্নীসহ এগৰাকী কন্যা ইহ্‌ সংসাৰত এৰি থৈ যায়৷ 

প্ৰাক্তন কোষাধ্যক্ষৰ মৃত্যু, শোকস্তব্ধ অসম ক্ৰীড়া সাংবাদিক সন্থা

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ, অধুনালুপ্ত ‘ৰংপুৰ’ৰ প্ৰাক্তন–কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট নিৱন্ধকাৰ ৰয়েল আহমেদৰ আজি পুৱতি নিশা কলকাতাৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটিছে৷ কলকাতাত সম্প্ৰতি বসবাস কৰা প্ৰয়াত আহমেদে ‘পূৰ্বাচল’, ‘নতুন দৈনিক’, ‘আজিৰ বাতৰি’ কাকততো দীৰ্ঘদিন সাংবাদিকতা কৰিছিল৷ ক্ৰীড়া নিৱন্ধকাৰ হিচাপে ৰয়েল আহমেদে যথেষ্ট সুনাম আৰ্জিছিল৷ ৰাজ্য চৰকাৰ জ্যেষ্ঠ তথ্য বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত আহমেদ অসম ক্ৰীড়া সাংবাদিক সন্থাৰে সৈতে আৰম্ভণিৰে পৰা জড়িত আছিল আৰু ৯৩-৯৫ চনৰ সময়ছোৱাত সন্থাৰ কোষাধ্যক্ষৰ দায়িত্বত আছিল৷ কিছু বছৰ কাৰ্যনিৰ্বাহকৰ সদস্য পদতো থকা প্ৰয়াত আহমেদে মৃত্যুৰ সময়ত পত্নী আৰু একমাত্ৰ কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে৷ নগাঁৱৰ জাজৰিৰ আদি বাসিন্দা আহমেদৰ মৃত্যুত অসম ক্ৰীড়া সাংবাদিক সন্থা অভীৰুচি ক্ৰীড়া দিৱস উদ্যাপন কমিটীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে৷ অসম ক্ৰীড়া সাংবাদিক সন্থাই অহা মাহত সাংবাদিকগৰাকীৰ সোঁৱৰণত এটি স্মৃতিচাৰণ সভাবো আয়োজন কৰিছে৷ এই অনুষ্ঠানত আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷