Logo
image

দুই বন্দী মুখ্যমন্ত্ৰীৰ পত্নীক সন্মুখত লৈ যুঁজ দিয়াৰ কৌশল ‘ইণ্ডিয়া’ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,২২ এপ্ৰিল: দুই বন্দী মুখ্যমন্ত্ৰী ক্ৰমে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত ছোৰেনৰ পত্নী সুনীতা কেজৰিৱাল তথা কল্পনা ছোৰেনক সন্মুখত লৈ ঝাৰখণ্ডৰ ৰাঁচীৰ উলগুলানত অনুষ্ঠিত বিৰোধী দল ‘ইণ্ডিয়া’ জোঁটৰ মহাৰেলীত অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে তেওঁৰ স্বামীক তিহাৰ কাৰাগাৰত বিজেপিয়ে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ ২৮টা বিৰোধী ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ৰ দ্বিতীয়খন বিশাল জনসভাত আগশাৰীৰ বহু নেতা উপস্থিত থাকিলেও ঝাৰখণ্ডৰ কাৰাবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেন আৰু দিল্লীৰ কাৰাবন্দী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী কল্পনা ছোৰেনক অসামান্য গুৰুত্ব প্ৰদান কৰি চৰকাৰ বিৰোধী শক্তি হিচাপে সন্মুখত ৰখাৰ কৌশল অৱলম্বন কৰা হয়৷ ৰাঁচীৰ এই বিৰোধী দলৰ জনসভা আহ৩ান জনাইছিল কল্পনা ছোৰেনে, য’ত মুখ্য বক্তাৰ ভূমিকা পালন কৰে সুনীতা কেজৰিৱালে৷ প্ৰসংগতঃ, নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি সপ্তাহ পূৰ্বে অনুষ্ঠিত ‘ইণ্ডিয়া’ জোঁটৰ বিশাল ৰেলীত প্ৰথম বক্তা আছিল কল্পনা ছোৰেন আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰাত অগ্ৰণী ভূমিকা লৈছিল সুনীতা কেজৰিৱালে৷ উল্লেখ্য, সেয়াই আছিল দুয়োৰে জীৱনৰ প্ৰথমখন ৰাজনৈতিক সভা৷ উচ্ছ শিক্ষিতা অথচ ৰাজনীতিৰ পৰা ইমানদিনে দূৰত থকা কল্পনা ছোৰেন আৰু সুনীতা কেজৰিৱালক সন্মুখত লৈ বিৰোধীয়ে কৰা জনসভাৰ ফল কিমান কাৰ্যকৰী হয়, সেয়া অহা ৪ জুনত জানিব পৰা যাব৷ কিন্তু সাম্প্ৰতিক সময়ত দুই কাৰাবন্দী মুখ্যমন্ত্ৰীৰ পত্নীক সন্মুখত লৈ আগবঢ়া বিৰোধীয়ে মোদী চৰকাৰে বিৰোধী দলৰ মূল নেতাক যে কাৰাগাৰত বন্দী কৰি দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছে সেয়া সচেতন ভোটাৰক বুজাই দিবলৈ সক্ষম হৈছে৷

ৰাঁচীত দেওবাৰে আয়োজিত বিৰোধী ‘ইণ্ডিয়া’ৰ এই বৈঠকত অসুস্থতাৰ বাবে ৰাহুল গান্ধী অনুপস্থিত থাকে৷ তেওঁ একেবাৰে শেষ মুহূৰ্তত ৰাঁচী যাত্ৰা বাতিল কৰে৷ অৱশ্যে এই বৈঠকত নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদব, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদব, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মান, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আদি উপস্থিত থাকি শক্তি প্ৰদৰ্শন কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত ছোৰেনৰ বাবে সভাৰ মঞ্চত খালী আসন দুখন ৰখা হয়৷ কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে এয়া ভৰতে ৰামৰ আসন খালী ৰাখি ৰাজ্য শাসন কৰা ঘটনাৰ সৈতে তুলনা বিৰোধীৰ পদক্ষেপক ৰামৰাজ্যৰ দৰে বুলি মন্তব্য কৰে৷ বিৰোধী দলৰ এই বিশাল সভাত সকলোতকৈ আক্ৰমণাত্মক আছিল অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল৷ তেওঁ তিহাৰ কাৰাগাৰত থকা স্বামীক বিজেপিয়ে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি কয় যে, কেজৰিৱালৰ প্ৰতিবিধ খাদ্য পৰীক্ষা কৰাৰ লগতে তেওঁৰ প্ৰতি গৰাহ খাদ্যও কতৃৰ্পক্ষই মোদী চৰকাৰৰ নিৰ্দেশত কেমেৰাৰ নজৰত ৰাখিছে৷ সুনীতাৰ দাবী, অৰবিন্দ কেজৰিৱাল আৰু হেমেন্ত ছোৰেনক দোষী প্ৰমাণিত হোৱাৰ পূৰ্বেই মোদী চৰকাৰে কাৰাগাৰত বন্দী কৰি ৰাখিছে, যাতে বিজেপিয়ে নিৰ্বিঘ্নে দেশজুৰি লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীক একনায়ক বুলি অভিহিত কৰে৷ ইপিনে আপৰ সদ্য কাৰামুক্ত নেতা সঞ্জয় সিঙে কয়–নৰেন্দ্ৰ মোদীয়ে যেতিয়া আনৰ দুৰ্নীতিৰ কথা কয়, তেতিয়া ওছামা বিন লাডেন বা গব্বৰ সিঙে অহিংসাৰ কথা কোৱা যেন লাগে৷