Logo
image

পাহাৰত হ’ব বিশ্ববিদ্যালয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বোকাজানৰ প্ৰতিবেদক, ২২ এপ্ৰিল: ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত শাসকীয় বিজেপি৷ পাহাৰীয়া জিলাখনত ইতিমধ্যে নামি পৰিছে শাসকীয় পক্ষৰ ষ্টাৰ কেম্পেইনাৰসকল৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰ তুলিৰাম ৰংহাঙৰ সৈতে ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গানটোত হেঁপাহ পলুৱাই নাচে৷ নিৰ্বাচনী প্ৰচাৰৰ  মাজতে কাৰ্বি পাহাৰত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰেছিং তিছ’ৰ সমৰ্থনত বোকাজানত আয়োজন কৰা সভাত জনাকীৰ্ণ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে সকলোৱে অমৰছিং তিছ’ক জয়যুক্ত কৰিব লাগিব৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’লে দিল্লী চৰকাৰৰ সহযোগিতাত অসম চৰকাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজ্যৰ লগতে জিলাখনতো উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’ব৷ অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত কাৰ্বি আংলং জিলাত অভূতপূৰ্ব উন্নয়ন সাধন হয়৷ বিধানসভা নিৰ্বাচনৰ সময়ত ৰ লাখ চৰকাৰী চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া ইতিমধ্যে বাস্তবায়িত হৈছে৷ অসম চৰকাৰৰ চাকৰি পাবলৈ পূৰ্বে টকা দিব লাগিছিল৷ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত দুৰ্নীতি কমি আহিছে আৰু বিনা পইচাত এক লাখ চৰকাৰী চাকৰি পাবলৈ সমৰ্থ হৈছে৷ ইয়াৰ ফলত দুখীয়া-মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে৷ চলিত বছৰত আৰু ৫০ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ অৰুণোদয়ৰ ধনৰাশিৰ পৰিমাণ ৮৩০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হৈছে৷ পূজাৰ আগতে বোকাজান সমষ্টিৰ ৰেচন কাৰ্ড থকা সকলো পৰিয়ালক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ’ব৷ ইতিমধ্যে ৪০ লাখ মহিলাই লাখপতি বাইদেউৰ কাৰণে আবেদন দাখিল কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পিছতে ১০ হাজাৰ টকা আৰু পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ’ব৷ অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত পূৰ্বৰ অশান্তজৰ্জৰ কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ বৰ্তমান শান্তিৰ কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি সমাজৰ লগতে হিন্দী ভাষী, বঙালী ভাষী, চাহ জনজাতি, গোৰ্খা আদি আন সমাজসমূহো সমানে আগবাঢ়ি গৈছে৷ সভাত মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিখনৰ বিষয়েও আলোকপাত কৰে৷ চৰকাৰী ঘৰ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে চৰকাৰী গৃহ লাভৰ বাবে প্ৰয়োজনীয় যি জিঅ’ টেগিং পঞ্চায়তৰ লোকসকলে কৰিছিল আৰু ইয়াৰ ফলত বহুতো যোগ্য ব্যক্তিয়ে চৰকাৰী গৃহ লাভৰ পৰা বঞ্চিত হৈছিল৷ সেই নিয়ম পৰিৱৰ্তন কৰি নিজ গৃহৰ জিঅ’ টেগিং নিজে কৰাৰ ব্যৱস্থা কৰা হৈছে৷ কংগ্ৰেছ এতিয়া অচল টকা৷ গতিকে কংগ্ৰেছক ভোট দি একো লাভ নহ’ব৷ বিজেপি মানে মোদীৰ পৰিয়াল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে সমভাবে চিন্তা কৰে৷ বৰ্তমান কাৰ্বি আংলঙত যিমান উন্নয়নমূলক কাম হৈ আছে আন কোনো জিলাতে হোৱা নাই৷ ২০২৬ চনৰ আগতে এই উন্নয়নমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰা হ’ব৷ সভাত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন সিং বে’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, প্ৰাক্তন বিধায়ক ক্লেংদং ইংতি প্ৰমুখ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদবৰ্গৰ উপৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হাওৰাঘাটত ডিফু লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছ’ৰ সমৰ্থনত আয়োজিত আন এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগত ১০ বছৰীয়া কাৰ্যকালত বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তি সমূহৰ ফলস্বৰূপে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙলৈও শান্তি নামি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জিলাখনত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপে কাৰ্বি আংলঙক এখন অন্যতম বিকশিত জিলাৰূপে পৰিগণিত হোৱাৰ দিশত দ্ৰুতগতিত আগুৱাই নিছে৷ এই পাহাৰীয়া অঞ্চলটোত যে এতিয়া শান্তিৰ এক সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে, সেয়া কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙৰ পৰা ৮১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাটোৱেই সূচাইছে বুলি তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে লৰিৰ্ণথেপিলৈ আহি কাৰ্বি আংলঙৰ বিকাশৰ বাবে পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয়, আইন মহাবিদ্যালয়, চৰকাৰী স্নাতক মহাবিদ্যালয় স্থাপন আদিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল৷ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে কাজিৰঙালৈ পোনপটীয়া যোগাযোগৰ সুবিধাৰ্থে ডকমকাৰ পৰা কুঠৰীলৈ পথ নিৰ্মাণৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰি ৩০০ কোটি টকা অনুমোদন দিছে৷ এই অঞ্চলত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবেও উদ্যোগ লোৱা হৈছে৷ আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছ’, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আজি বৈঠালাংচুত আয়োজিত আন এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে পশ্চিম কাৰ্বি আংলঙত মাত্ৰ এখন বিধান সভাৰ আসন আছিল৷ এই জিলাখনত আন এখন বিধান সভাৰ আসন সংযোজিত হোৱাৰ ফলত এতিয়া জিলাখনত মুঠ আসনৰ সংখ্যা দুখনলৈ বৃদ্ধি পালে৷ মুখ্যমন্ত্ৰীয়ে কয় যে হাওৰাঘাটৰ পৰা খেৰণীলৈ সূচল পথ নিৰ্মাণ কৰা হৈছে৷ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বাট-পথ নিৰ্মাণৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লী, দিছপুৰ আৰু কাৰ্বি আংলঙত বিজেপি চৰকাৰ থকা বাবে আজি জিলাখনৰ উন্নয়ন সম্ভৱ হৈ উঠিছে৷ আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছ’, ডিফু লোকসভা সমষ্টিৰ সাংসদ হবেন সিং বে’, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীয়ে আজি শিলচৰত আয়োজিত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে৷

তাৰাবাছাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ 

‘আমাৰ অসম’ৰ হাওৰাঘাটৰ প্ৰতিবেদক: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলা কাৰ্বি আংলঙটো ক্ৰমান্বয়ে উতপ্ত হ’বলৈ ধৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কাৰ্বি পৰিষদৰ টীম কাৰ্বি আংলঙে৷ সেই উদ্দেশ্যে আজি হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাছাত অনুষ্ঠিত হয় বিজেপি দলৰ এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধান মন্ত্ৰী বনোৱাৰ স্বাৰ্থত আগন্তুক চ্ছ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ ছিং তিছ’ক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ৩ান জনায়৷ আনহাতে উক্ত সভাত মুখ্যমন্ত্ৰী শৰ্মাৰ উপৰি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড॰ তুলিৰাম ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’, উপাধ্যক্ষ অজিত কুমাৰ দে’, বিধায়ক দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেঙৰ লগতে কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে৷

এইবাৰ দালাল নোহোৱা কৰিম: মন্ত্ৰী পীয়ূষ

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ: নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও-বটদ্ৰৱা বিধানসভাৰ ৰাইদিঙ্গীয়াত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ বিজেপিৰ প্ৰতি গভীৰ আস্থা আৰু আদৰ প্ৰদৰ্শন কৰা ৰাইজক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় মন্ত্ৰীজনে৷ সকলোকে উন্নয়নৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় পীয়ূষ হাজৰিকাই কয় যে আজিৰ পৰা ৮ বছৰ পূৰ্বে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল৷ এই ৮ বছৰত আমি এনে কিছু কাম কৰিলো যাৰবাবে অসমৰ ৰাইজে ৩বছৰ পূৰ্বে ২য় বাৰৰ বাবে বিজেপিক ভোট দি জয়যুক্ত কৰিছে৷ সেয়া লাগিলে বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন, উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনেই নহওক কিয়৷ সকলোতে ৰাইজে ভোট দিছে বিজেপিক৷ তাৰ আগত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছে ৬০ বছৰ কাল ৰাজত্ব কৰিছিল৷ কিন্তু ইমান বছৰে কংগ্ৰেছে ৰাইজক মিছা কথা কৈছিল, অপশাসন কৰিছিল, মানুহৰ অন্যায় কৰিছিল৷ কংগ্ৰেছ ভাৰতবৰ্ষৰ নিৰীহ জনতাৰ হত্যাৰ অপৰাধী৷ এনেকুৱা দিন আহিছিল কংগ্ৰেছৰ দিনত মানুহে খাবলৈ নাপাই মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ কংগ্ৰেছে অসমত ৬০ বছৰত মাত্ৰ ৬খন মেডিকেল কলেজ বনাইছিল৷ যাৰ বাবে চিকিৎসকৰ অভাৱত ভুগিবলগীয়া হৈছিল৷ গাঁৱলৈ চিকিৎসক পঠিয়াব নোৱাৰা হোৱাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল৷ কিন্তু ৮ বছৰত মুখ্যমন্ত্ৰীয়ে অসমত ১৮খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল৷ নগাঁৱত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে, মৰিগাঁৱত মেডিকেলৰ কাম চলি আছে৷ নলবাৰীত মেডিকেল কলেজৰ কাম চলি আছে৷ গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ কোকৰাঝাৰ, ধুবুৰী, ডিফুত মেডিকেল কলেজৰ কাম আৰম্ভ হ’ল৷ বিশ্বনাথ চাৰিআলিত, ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে৷ লখিমপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল৷ কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি কৰিলে৷ বটদ্ৰৱা থানৰ এতিয়া আগৰ পৰিৱেশ নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো সলনি হৈ গ’ল৷ বৰদোৱাৰ বাবে কংগ্ৰেছে একো নকৰিলে কেৱল বিজেপিয়েহে কৰিছে৷ কংগ্ৰেছে বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড, উজলা গেছ, আয়ুস্মান কাৰ্ড দিয়া নাছিল এই সকলোবোৰ বিজেপিয়ে দিছে৷ সেয়ে সকলোৱে বিজেপিক ভোট দিয়ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ুস্মান কাৰ্ডৰ সুবিধা কৰি দিছে৷ যাৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰা হয়৷ ৫ লাখ টকা পৰ্যন্ত ৰেহাই পোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই পুনৰ কয়– কংগ্ৰেছৰ দিনত এইবোৰ নাছিল বাবে মানুহৰ মৃত্যু হৈছিল৷ এতিয়া পৰিৱেশ সলনি কৰি দিলে বিজেপি চৰকাৰে৷ চৰকাৰে যোৱা আঢ়ৈ বছৰত ৰ লাখ চাকৰি দিছে৷ দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়ে চাকৰি লাভ কৰিছে৷ কংগ্ৰেছে এইবোৰ কৰা নাছিল কেৱল চাকৰিৰ নামত লাখে লাখে টকা লৈছিল বুলি কংগ্ৰেছক কটাক্ষ কৰে৷ কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰৰ নামত লাভ কৰিছিল মাত্ৰ ৭৫ হাজাৰ টকা৷ একেবাৰে সাধাৰণভাৱে নিৰ্মাণ কৰি দিছিল ঘৰবোৰ৷ তাতে আকৌ ঠিকাদাৰ-দালালে, বি ডি অ’-বিধায়কে মিলি ধন আত্মসাৎ কৰিছিল৷ আজিকালি ঘৰবোৰ গৃহস্থই নিজৰ ইচ্ছা অনুসৰি সাজি লয়৷ এতিয়া ডেৰ লাখ টকা লাভ কৰে গৃহস্থই৷ এই কাম নৰেন্দ্ৰ মোদীয়ে কৰিলে৷ কংগ্ৰেছৰ দৰে আমি সূতা কম্বলৰ ৰাজনীতি নকৰো আমি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিম৷ এইবাৰ যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডাৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি এ, বিএছচি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰা মহিলাসকলে জুলাই মাহত ১০ হাজাৰকৈ টকা লাভ কৰিব৷ সেই টকাৰে যিয়ে কাম কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰকৈ টকা লাভ কৰিব৷ কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা বৰ্তমান ধানৰ দাম ৮০০ টকা হ’ল৷ কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়৷ এনেবোৰ উন্নতিৰ ধাৰা যাতে অব্যাহত থাকে তাৰ বাবে সকলোৱে বিজেপিক ভোট দিয়ে তাৰ বাবে মন্ত্ৰী  পীয়ূষ¸ হাজিৰকাই সকলোকে অনুৰোধ জনায়৷ ইয়াৰ পাছতেই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহীৰ শিঙ্গাৰি বজাৰ আঞ্চলিক খেলপথাৰত বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী হাজিৰকাই৷ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ কিছু সময়ৰ পাছতে মঞ্চৰ পৰা নামি আহি জনতাৰ মাজত মতামত গ্ৰহণ কৰে পীয়ূষ¸হাজিৰকাই৷ ৰাইজক উদ্দেশ্যি তেওঁ আশ্বাস প্ৰদান কৰে– এইবাৰ দালাল নোহোৱা কৰি দিম ৰূপহীত৷ কংগ্ৰেছ থকা বাবে ৰূপহীত কিছু দালাল আছে কিন্তু এইবাৰ এটাও দালাল নোহোৱা কৰি দিম৷ সেয়া মাটিৰ দালালেই হওক বা যি দালালেই হওক৷ ল’ৰা-ছোৱালী, জ্যেষ্ঠ, মহিলাসকলোৰে বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী  পীয়ূষ¸ হাজিৰকাই৷ ইয়াৰ পাছতেই পোনে পোনে মন্ত্ৰী হাজিৰকা গৈ উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ লাওগাঁও হাইস্কুল খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত৷ বিজেপিৰ প্ৰতি ৰাইজৰ আদৰ-স্নেহ দিনক দিনে বৃদ্ধি হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীজনে৷ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান চলাই  পীয়ূষ¸ হাজিৰকাই সভাখনত মঞ্চত নাথাকি ৰাইজৰ সৈতে মত-বিনিময় কৰে৷ ৰাইজক কংগ্ৰেছৰ কু-কীৰ্তিৰ লগতে বিজেপিৰ উন্নয়নৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী হাজৰিকাই৷ ইমানখিনি কাম কৰাৰ পিছতো যদি এইবাৰ বিজেপিক বিমুখ কৰে তেন্তে মনত বহুত কষ্ট পাম বুলি কয় মন্ত্ৰী হাজৰিকাই৷ বিজেপি আহিলে আজান বন্ধ হ’ব মছজিদ ভাঙি দিব বুলি ভয় দেখুৱাইছে কংগ্ৰেছে কিন্তু তেনে কেতিয়াও নহয় বুলি অভয় প্ৰদান কৰে মন্ত্ৰী পীয়ূষে৷

ছয় শতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ বিজেপিত যোগদান 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ অবিৰত প্ৰচাৰ অভিযান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ আজি নগাঁৱৰ বিভিন স্থানত মন্ত্ৰী হাজাৰিকাৰ সৈতে নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ কেইবাগৰাকী নেতাই৷ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী চিকিৎসক কম থকা বাবে বহু নিৰীহ ৰোগী মৃত্যুমুখত পৰিছিল বুলি ভাষণত উল্লেখ কৰি চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা বাবে কংগ্ৰেছ জগৰীয়া বুলি মন্তব্য কৰে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনতকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বহু ওপৰত বুলি মন্তব্য কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে– ৰকিবুল হুছেইনে চামগুৰিত বিধান সভা নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকা কৰিয়েই তেওঁ ধুবুৰীলৈ ঢাপলি মেলিলে৷ অন্যহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি পূৰ্বতে মন্ত্ৰী পীয়ূষ হাজৰিকাই অনা অভিযোগক কালি প্ৰদ্যুৎ বৰদলৈয়ে অস্বীকাৰ কৰাৰ পিছত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে-কংগ্ৰেছ প্ৰাৰ্থী প্ৰদু্যৎ বৰদলৈয়ে তেওঁ বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত বিশেষ মোৰ লগত যোগাযোগ কৰিছে নে নাই কামাখ্যা মন্দিৰতগৈ শপত খাওক৷ বৰদলৈয়ে বিজেপিত যোগদান কৰা প্ৰসংগত মই যদি মিছাকৈ কৈছো তেন্তে মোৰ পাপ হ’ব৷ উল্লেখ্য যে নগাঁৱৰ শিয়ালমাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী সভাতেই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কেইবাগৰাকী নেতাৰ নেতৃত্বত ছয় শতাধিক কৰ্মী-সমৰ্থকে বিজেপিত যোগদান কৰে৷