Logo
image

দ্ৰোণ ভূঞা, সৰ্বেশ্বৰ বসুমতাৰীয়ে গ্ৰহণ কৰিলে পদ্মশ্ৰী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ এপ্ৰিল : দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচজন বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰে৷ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক অভিষেক অনুষ্ঠানত অসমৰ ওজাপালি শিল্পী দ্ৰোণ ভূঞা আৰু আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি মূৰ্মুৱে৷ এইবাৰৰ পদ্মশ্ৰী সন্মান প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীৰ ঘৰ হৈছে চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী অঞ্চলত৷ আদৰ্শ কৃষকজেন চৰকাৰৰ পৰা এই সন্মান লাভ কৰি উৎফুল্ল হৈ পৰিছে৷ সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সৰ্বেশ্বৰ বসুমতাৰীয়ে একেডৰা ভূমিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি কৃষিকাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷  বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষিক্ষেত্ৰৰ পৰাই উপাৰ্জনৰ বাট মুকলি কৰিছে৷ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি জলসিঞ্চনৰ নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰিছে৷ সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষিকৰ্মৰ জৰিয়তে স্বাভাৱিক অৰ্জন কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈকো সক্ষম হৈছে৷ নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষক বসুমতাৰীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে৷ আনহাতে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ আনজন ব্যক্তি দ্ৰোণ ভূঞাৰ ঘৰ হৈছে দৰং জিলাৰ ছিপাঝাৰত৷ শিল্পী দ্ৰোণ ভূঞাই ওজাপালি নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নীৰৱে কাম কৰি আহিছে৷ ২০২১ চনত তেওঁ ৰাজ্য চৰকাৰৰ কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে সন্মানিত হৈছিল৷ এইবাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাও লাভ কৰিছে লোক-কৃষ্টিৰ সাধক দ্ৰোণ ভূঞাই৷ লক্ষণীয়ভাৱে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে ধুবুৰীৰ গৌৰীপুৰৰ পাৰ্বতী বৰুৱালৈকো এইবাৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে৷ পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতীক ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত এগৰাকী সাহসী অসমীয়া নাৰী৷ সমগ্ৰ বিশ্বতে তেওঁ ‘কুইন অৱ দ্য এলিফেণ্টছ’ বুলি পৰিচিত৷ ১৯৬৭ চনত তেওঁ অসমৰ কচুগাঁৱত ১৪ বছৰ বয়সতে জীৱনৰ প্ৰথমটো হাতী ধৰিছিল৷ পাৰ্বতী বৰুৱাৰ তত্ত্বাৱধান তথা নিৰ্দেশনাত ৪০০ তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে৷ জীৱনজোৰা কৃতিত্বৰ বাবে অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চীফ এলিফেণ্ট ৱাৰ্ডেন অফ আছাম’ সন্মানেৰে বিভূষিত কৰিছিল৷ ১৯৮৯ চনত বৰুৱাক ইউনাইটেড নেশ্যনছ এনভায়ৰনমেণ্ট প্ৰ’গ্ৰামছৰ [ইউ এন ই পি] ‘গ্ল’বেল ৫০০-ৰ’ল অৱ অ’নাৰ’ সন্মান আগবঢ়োৱা হৈছিল৷ পাৰ্বতী বৰুৱাক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰাই দিছিল ব্ৰিটিছ লেখক মাৰ্ক শ্বেণ্ডে৷ ১৯৯৫ চনত উত্তৰ বংগত এটা হাতী শিবিৰত পাৰ্বতী বৰুৱাৰ সৈতে তেওঁ চিনাকী হৈছিল৷ ইয়াৰ পাছতে তেওঁ চ্ছ্ৰ মাহ কাল পাৰ্বতী বৰুৱাৰ সৈতে ছাঁটোৰ দৰে হিমালয়ৰ পাদ দেশত হাবিয়ে-বনে হাতী ধৰাৰ খুটি-নাটি অধ্যয়ন কৰি নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল৷ লগতে পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক শ্বেণ্ডে ‘কুইন অৱ দ্য এলিফেণ্টছ’ নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছিল৷ ইয়াৰ পাছৰে পৰাই সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক ‘কুইন অৱ দ্য এলিফেণ্টছ’ বুলি স্বীকৃতি দিয়ে৷ উল্লেখ্য এইবাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰা ১১০ জনীয়া তালিকাত থকা অন্যান্য বিশিষ্ট লোকসকলৰ ভিতৰত আছে মিজোৰামৰ সমাজসেৱক চাংথান কিমা, আন্দামানৰ জৈৱিক খেতিয়ক কে চেল্লামাল, অৰুণাচলৰ বনদৰব বিশেষজ্ঞ য়ানুং জামো লেগ’, চিকল চেল এনিমিয়াৰ বিশেষজ্ঞ য়েজডী মানেকছা ইটালিয়া, দিব্যাংগ সমাজসেৱক গুৰবিন্দৰ সিং৷ সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্ত জন বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ এজনকৈ বিশিষ্ট ব্যক্তি আছে৷