Logo
image

ভূপেন বৰাৰ ভাষ্য নস্যাৎ কৰিলে আছুৱে

'আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ এপ্ৰিল: ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন জনোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগবঢ়োৱা ভাষ্য নস্যাৎ কৰিছে আছু নেতৃত্বই৷ এই সন্দৰ্ভত সোমবাৰে ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘আমাৰ অসম’ত প্ৰকাশিত  ‘আছুৰ বাবেই সোণোৱাল জিকিছিল, লুৰীণো জিকিব’ শীৰ্ষক বাতৰিটো আমাৰ দৃষ্টিগোচৰ হৈছে৷ এই সন্দৰ্ভত আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বেও অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছিল, বৰ্তমানেও অক্ষুণ্ণ ৰাখিছে আৰু ভৱিষ্যতেও এই চৰিত্ৰ অক্ষুণ্ণ ৰাখিব’৷ উল্লেখ্য, আছুৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালে পৰৱৰ্তী সময়ত অগপত যোগদান কৰিছিল৷ অগপৰ সাধাৰণ সম্পাদক পদতো কাৰ্যনিৰ্বাহ কৰা সোণোৱালে অগপৰ পৰাই সাংসদ, বিধায়ক নিৰ্বাচিত হৈছিল৷ পৰৱৰ্তী সময়ত অগপৰ দুৰ্দিনত অগপ এৰি তেওঁ বিজেপিত যোগ দিয়ে৷ বিজেপিৰ ৰাজ্যিক সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়৷ ৮৫৫জন শ্বহীদৰ ত্যাগৰ ফলশ্ৰুতিত জন্মলাভ কৰা দল অগপত ৰাজনৈতিক জীৱন আৰম্ভ কৰা সোণোৱাল সংশোধিত নাগৰিকত্ব আইনক [‘কা’] সমৰ্থন কৰি জাতীয়তাবাদী শিবিৰৰ পৰা বহুযোজন দূৰলৈ যায়৷ ‘কা’ৰ বিৰুদ্ধে হোৱা আন্দোলনত পাঁচজন শ্বহীদ হোৱাৰ পাছতো ‘টু’ শব্দ এটাও উচ্ছাৰণ কৰা নাছিল সোণোৱালে৷ ইফালে, ডিব্ৰুগড় লোকসভা সমষ্টিত সোণোৱালৰ প্ৰতিদ্বন্দ্বী আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আছু এৰি অসম জাতীয় পৰিষদত যোগ দিয়ে৷ মূলতঃ ‘কা’ক নিৰ্বাচনী ইছ্যু হিচাপে লৈ তেওঁ ডিব্ৰুগড়ত  নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ অৱশ্যে কংগ্ৰেছৰ সমৰ্থনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বাবে সমালোচনাৰ সন্মুখীন হৈছে৷ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ছাত্ৰ সন্থা তথা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে বিৰোধী ঐক্যমঞ্চক সমৰ্থন জনোৱা বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাৰ এই বক্তব্যক নস্যাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দি আছুৰ নেতৃত্বই কয় যে কোনো দল বা নেতাক তেওঁলোকে সমৰ্থন জনোৱা নাই আৰু আগলৈও সমৰ্থন নজনায়৷