Logo
image

মহানগৰীত সক্ৰিয় ফ্লায়িং স্কোৱাড, লাখে লাখে টকা জব্দ

'আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটৰ দিন চমু চাপি অহাৰ লগে লগে ফ্লায়িং স্কোৱাৰ্ড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ অভিযান তীব্ৰতৰ হৈ পৰিছে৷ ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটৰ প্ৰাক্‌মুহূৰ্তত সোমবাৰে ফ্লায়িং স্কোৱাডে অভিযান চলাই গুৱাহাটীত এজন ব্যক্তিৰ পৰা নগদ ২ লাখ ১৫ হাজাৰ টকা জব্দ কৰে৷ সোমবাৰে পুৱা ফ্লায়িং স্কোৱাডৰ নিয়মীয়া তালাচীৰ সময়তে এএছ১৯আৰ ৮৭৭৭ নম্বৰৰ বাহনখনৰ পৰা এই ধনখিনি জব্দ কৰে৷ উক্ত ২.১৫ লাখ টকা কঢ়িয়াই আনিছিল বঙাইগাঁৱৰ ৰীতেশ আগৰৱালা নামৰ এজন ব্যক্তিয়ে৷ নিয়ম অনুসৰি নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পাছত কোনো ব্যক্তিয়ে প্ৰয়োজনীয় তথ্য পাতি অবিহনে নগদ ৫০ হাজাৰ টকাতকৈ অধিক ধন লৈ ফুৰিব নোৱাৰে৷ কিন্তু দেওবাৰে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ অহা ব্যৱসায়ী ৰীতেশ আগৰৱালাৰ বাহনত সোমবাৰে পুৱা তালাচীৰ সময়ত ২.১৫ লাখ টকা দৃষ্টিগোচৰ হোৱাৰ পাছতেই উক্ত ধনখিনি জব্দ কৰে ফ্লায়িং স্কোৱাডে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত ৰীতেশ আগৰৱালাই নিজৰ ফেক্টৰীৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে উক্ত ধনখিনি লৈ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ অহা বুলি দাবী কৰিছে৷ অৱশ্যে ফ্লায়িং স্কোৱাডে ধন জব্দ কৰাৰ পাছতেই ৰীতেশ আগৰৱালাকো আটক কৰি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ লৈ যায়৷ উল্লেখ্য নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসম এতিয়ালৈ প্ৰায় ১৬ কোটি টকা নগদ ধন জব্দ কৰিছে ফ্লায়িং স্কোৱাডে৷ ইয়াৰোপৰি ২১ কোটি টকাৰ সুৰা, ১০২ কোটি টকাৰ ড্ৰাগ্‌ছ আৰু ২৮ কোটি টকাৰ আন সামগ্ৰীসহ মুঠ ১৭০ কোটি টকা মূল্যৰ ধন তথা সামগ্ৰী জব্দ কৰে৷