Logo
image

কেজৰিৱালৰ অনলাইন চিকিৎসাৰ আৰ্জি খাৰিজ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ কাৰাগাৰৰ পৰা দৈনিক ১৫ মিনিটকৈ ভিডিঅ’ কনফাৰেন্স যোগে চিকিৎসকৰ সৈতে পৰামৰ্শ কৰাৰ বাবে জনোৱা আবেদন দিল্লীৰ ৰাউছ এভিনিউ আদালতে খাৰিজ কৰিছে৷ তদন্তকাৰী ইডি আৰু চিবিআইৰ গোচৰৰ বিশেষ আদালতৰ বিচাৰক কাবেৰী বাৱেজাই এই আবেদন খাৰিজ কৰি কৈছে, এইমছৰ দ্বাৰা গঠিত মেডিকেল ব’ৰ্ডে কেজৰিৱালৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিব৷ সেই ব’ৰ্ডে কেজৰিৱালৰ ইনছুলিন লোৱাৰ প্ৰয়োজনীয়তা  বিচাৰ কৰিব৷ বিচাৰক কাবেৰী বাৱেজাই অৰবিন্দ কেজৰিৱালৰ চিকিৎসাৰ বাবে এইমছক এখন মেডিকেল ব’ৰ্ড গঠনৰ নিৰ্দেশ দিছে৷ যোৱা ১ এপ্ৰিলৰ পৰা তিহাৰ কাৰাগাৰত বন্দী হৈ থকা কেজৰিৱালক কাৰাগাৰ কতৃৰ্পক্ষই ইনছুলিন লোৱাৰ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে সোমবাৰে আদালতে কেজৰিৱালৰ চিকিৎসাৰ পৰামৰ্শ লোৱাৰ আবেদন খাৰিজ কৰে৷ আবেদনত কেজৰিৱালে ডাঃ ৰবিচন্দ্ৰ ৰাওৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বিচাৰিছিল, য’ত কথোপকথনৰ সময়ত পত্নী সুনীতা কেজৰিৱালো উপস্থিত থকাৰ আবেদন জনোৱা হৈছিল৷ উল্লেখ্য, গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা কেজৰিৱালৰ ‘ইনছুলিন ৰিভাৰ্ছেল প্ৰগ্ৰেম’ বা ইনছুলিন প্ৰত্যাহাৰ কৰাৰ চিকিৎসা চলি আছে৷ ডায়েবেটিছত ভূগি থকা কেজৰিৱালে  দীৰ্ঘদিন ইনছুলিন ব্যৱহাৰ কৰিলেও শেহতীয়াকৈ ব্যায়াম আৰু খোৱা ঔষধ ব্যৱহাৰ কৰি ইনছুলিন পৰিত্যাগ কৰাৰ সূচী লৈছিল৷ পিছে তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰাত সেই সূচী বন্ধ হৈ পৰে আৰু তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ সেই পৰিস্থিতিত তেওঁ পুনৰ ইনছুলিন ব্যৱহাৰৰ বাবে আগবাঢ়িলেও তিহাৰ কাৰাগাৰ কতৃৰ্পক্ষই তাত বাধাদান কৰে৷ এনে পৰিপ্ৰেক্ষিতত আম আদমি পাৰ্টীয়ে কেজৰিৱালক বিজেপিয়ে হত্যা কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলিছে৷