Logo
image

মিছন পেৰিছ

লোকসভা নিৰ্বাচনৰ সময়তে ভাৰতীয় ক্ৰীড়াপ্ৰেমী ব্যস্ত আছে ক্ৰিকেটৰ উৎসৱত৷ ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সপ্তদশ ছীজন সমাপ্ত হ’ব ২৬ মে’ত৷ তাৰ পাছতে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত পহিলা জুনৰ পৰা আৰম্ভ হ’ব টুৱেণ্টী২০ বিশ্বকাপ৷ টুৱেণ্টী২০ বিশ্বকাপ সমাপ্ত হোৱাৰ এমাহ পাছত পেৰিছত আৰম্ভ হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিক৷ ক্ৰিকেট ভাৰতৰ সবাতোকৈ জনপ্ৰিয় খেল হ’লেও শেহতীয়াভাৱে আন খেলৰ প্ৰতিও ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ আকৰ্ষণ বৃদ্ধি পাইছে৷ বিশেষকৈ অলিম্পিক, কমনৱেল্‌থ গেমছ, এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাবোৰত ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অলিম্পিক ইভেণ্টবোৰৰ জনপ্ৰিয়তাও ক্ৰমাৎ বৃদ্ধি পাইছে৷ বিশেষকৈ টকিঅ’ অলিম্পিকত জেভেলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰাৰ পাছত দেশত চেলিব্ৰিটীৰ মৰ্যাদা পাইছে নীৰজ চোপ্ৰাই৷ অলিম্পিকৰ এথলেটিকছ্‌ত স্বৰ্ণপদক লাভ কৰা নীৰজ হৈছে প্ৰথমজন ভাৰতীয় খেলুৱৈ৷ তাৰ উপৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ৷ প্ৰথমজন হৈছে শ্বুটাৰ অভিনৱ বিন্দ্ৰা৷ ২০০৮ চনৰ বেইজিং অলিম্পিকৰ শ্বুটিঙত বিন্দ্ৰাই লাভ কৰিছিল স্বৰ্ণপদক৷ পেৰিছ অলিম্পিকলৈ এশ দিনতকৈ কম সময় থকা অৱস্থাত ক্ৰীড়া সমাৰোহখনত ভাৰতৰ পদকৰ সংখ্যা কিমান হ’ব, সেই লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে৷ টকিঅ’ অলিম্পিকত মুঠ সাতটা পদকেৰে ভাৰত আছিল পদক তালিকাৰ ৪৯সংখ্যক স্থানত৷ টকিঅ’ত এটা স্বৰ্ণপদকৰ লগতে ভাৰতে পাইছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ এইবাৰ ভাৰতৰ পদকৰ সংখ্যা দুটা অংকৰ হ’ব বুুলি আশা কৰা হৈছে৷ নীৰজ চোপ্ৰাক এইবাৰো স্বৰ্ণপদকৰ প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা হৈছে৷ এথলেটিকছ্‌ৰ উপৰি পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সম্ভাৱনা থকা ইভেণ্টকেইটা হৈছে বেডমিণ্টন, হকী, বক্সিং, মল্লযুঁজ, শ্বুটিং, ভাৰোত্তোলন আৰু আৰ্চাৰী৷

টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ সুদীৰ্ঘ সময়ৰ পাছত হকীত ভাৰতে পদক পাইছিল৷ শেহতীয়াভাৱে ভাৰতীয় হকীৰ মান যথেষ্ট উন্নত হৈছে৷ যোৱা বছৰৰ হাংঝৌ এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰাৰ সূত্ৰে ভাৰতে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে৷  উল্লেখ্য, টকিঅ’ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদকটোৰ পূৰ্বে অলিম্পিকত ভাৰতৰ অন্তিমটো পদক আহিছিল ১৯৮০ চনত৷ সেইবাৰ স্পেইনক ৩-২ গ’লত পৰাজিত কৰি স্বৰ্ণপদক লাভ কৰিছিল ভাৰতে৷ অলিম্পিকত ভাৰতৰ নামত আঠটা স্বৰ্ণপদক আছে যদিও ১৯৮০ চনৰ পাছত অলিম্পিকৰ স্বৰ্ণপদক জয় কৰাটো ভাৰতৰ পক্ষে সম্ভৱ হোৱা নাই৷ বেডমিণ্টনত শেহতীয়াভাৱে ভাৰতৰ ডাবল্‌ছ যুটি সাত্বিক ছাইৰাজ ৰেংকীৰেড্ডী আৰু চিৰাগ শেট্টী বৰ্তমান বিশ্ব বেডমিণ্টনত অন্যতম শক্তিশালী যুটি হিচাপে পৰিচিত৷ যোৱা মাহত ভাৰতীয় যুটিটোৱে জয় কৰিছে পেৰিছ বেডমিণ্টনৰ ডাবল্‌ছ খিতাপ৷ খেলুৱৈদ্বয়ে অলিম্পিকতো সেই প্ৰদৰ্শন অক্ষুণ্ণ ৰাখিব পাৰিব বুলি আশাবাদী ভাৰতীয় বেডমিণ্টনৰ ‘দ্ৰোণাচাৰ্য’ পুল্লেলা গোপীচান্দ৷ হাংঝৌত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল মুঠতে ১০৭টা পদক৷ প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা এশৰ অধিক হৈছিল৷  এছিয়ান গেমছত  এই  সফলতাৰ পাছত ভাৰতীয় খেলুৱৈৰ ডাঙৰ পৰীক্ষা হ’ব  পেৰিছ অলিম্পিকত৷ নিঃসন্দেহে ভাৰতৰ লক্ষ্য হ’ব টকিঅ’ অলিম্পিকত পোৱা পদকৰ সংখ্যা বৃদ্ধি কৰাটো৷ লক্ষ্য কঠিন হ’লেও অসম্ভৱ নি(য় নহয়৷ টকিঅ’ অলিম্পিকত পোৱা সাতটা পদকৰ বিপৰীতে পেৰিছত যদি ভাৰতৰ পদকৰ সংখ্য দ্বি-অংকৰ হয়, সেয়াও দেশখনৰ বাবে হ’ব এক ডাঙৰ সফলতা৷ স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় খেলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও ইতিবাচক পদক্ষেপ লৈছে৷ তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ উলিয়াই অনাৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ৰ দৰে প্ৰতিযোগিতাৰ উল্লেখনীয় অৱদান আছে৷ ‘টাৰ্গেট অলিম্পিক পডিয়াম’ আঁচনিৰ যোগেদি খেলুৱৈসকলক উন্নতমানৰ সা-সুবিধা দিয়া হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ‘টাৰ্গেট অলিম্পিক পডিয়াম’ আঁচনিৰ অধীনৰ ১১০জনতকৈও অধিক খেলুৱৈয়ে হাংঝৌ এছিয়ান গেমছত খেলাৰ সুযোগ পাইছিল৷

প্ৰায়েই এটা প্ৰশ্নৰ অৱতাৰণা হয় যে আৰ্থিক দিশত ভাৰততকৈ বহু দুৰ্বল দেশে অলিম্পিকত অধিক পদক লাভ কৰিবলৈ সক্ষম হয়, কিন্তু এশ একচল্লিছ কোটি জনসংখ্যাৰ দেশ ভাৰতৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয় কিয়? কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ  মতে, ভাৰতত শেহতীয়াকৈ ক্ৰীড়াত যথেষ্ট গুৰুত্ব দিয়া হৈছে৷ খেলুৱৈসকলক দিয়া উন্নত সা-সুবিধা আৰু তাৰ সুফলো দেখিবলৈ পোৱা গৈছে৷ যি সময়ত ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ চিন্তা-চৰ্চা চলাইছে, তাৰ সমান্তৰালভাৱে অলিম্পিকৰ পদক তালিকাত ভাৰতৰ স্থানৰ উত্তৰণৰো চেষ্টা চলোৱা উচিত৷