Logo
image

অলপতে ভাগৰুৱা অনুভৱ ফেটি লিভাৰৰো লক্ষণ হ’ব পাৰে

  অনিয়মিত জীৱন-যাপন আৰু অতিৰিক্ত ওজনৰ কাৰণে অনেকেই ফেটি লিভাৰত আক্ৰান্ত হয়৷ প্ৰাথমিক অৱস্থাতে ধৰা পৰিলে ফেটি লিভাৰ প্ৰতিৰোধ কৰিব পৰা যায়৷ সাধাৰণতে শৰীৰত কলেষ্ট’ৰেলৰ পৰিমাণ বাঢ়িলে ফেটি লিভাৰৰ আশংকা বাঢ়ে৷ ফেটি লিভাৰত আক্ৰান্ত হ’লে খাদ্য তালিকা সলনি কৰিব লাগে৷ ফেটি লিভাৰত আক্ৰান্ত হ’লে কেইটামান লক্ষণে দেখা দিয়ে৷ সেই লক্ষণে দেখা দিয়াৰ পাছতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ সঠিক সময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে ই লিভাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ ফলত লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু শৰীৰৰ  পৰা দূষিত পদাৰ্থ দূৰ কৰাত বাধাৰ সৃষ্টি হয়৷ 

 ফেটি লিভাৰত আক্ৰান্ত হোৱা লক্ষণ–

# প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’লে ইও ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷ 

অলপ পৰিশ্ৰম কৰিলেই ভাগৰুৱা অনুভৱ কৰিলে সিও ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷

# ফেটি লিভাৰত আক্ৰান্ত হ’লে ছাল শুকাই যায়৷ তদুপৰি ছালৰ স্বাভাৱিক ৰং সলনি হ’ব পাৰে৷ 

# মাজে সময়ে পেটৰ বিষত ভুগিব পাৰে৷

# ফেটি লিভাৰত আক্ৰান্ত হ’লে শৰীৰৰ পেশী ক্ষয়প্ৰাপ্ত হ’ব পাৰে৷ তদুপৰি মুখমণ্ডলত বয়স্ক ভাব ফুটি উঠিব পাৰে৷ 

# পেটত মেদ জমা হ’লে তাৎক্ষণিকভাৱে লিভাৰ পৰীক্ষা কৰিব লাগে৷

# বেছিভাগ লিভাৰৰ অসুখৰ প্ৰাথমিক লক্ষণ হ’ল ডিহাড্ৰেছন৷ এনে সময়ত পেট খালি যেন অনুভৱ হোৱাৰ উপৰি সঘনাই পিয়াহ লাগে৷

# শৰীৰৰ ওজন বৃদ্ধিৰ উপৰি মিঠাজাতীয় খাদ্যৰ প্ৰতি আসক্তি বাঢ়িলেও ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷

# হঠাৎ উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিলে সাৱধান হওক৷ 

 ফেটি লিভাৰৰ প্ৰতিৰোধৰ উপায়–

# প্ৰতিদিনে প্ৰচুৰ পৰিমাণে পানী খাওক

# পানীৰ লগত নিমখ নেমুৰ ৰস মিহলাই খালে ভাল ফল পাব৷

# কেঁচা হালধীৰ ৰসে লিভাৰ সুস্থা ৰখাত সহায় কৰে৷

#  লিভাৰ সুস্থ ৰখাৰ বাবে মেগনেছিয়াম আৰু ভিটামিন ‘বি’ উপলব্ধ খাদ্য গ্ৰহণ কৰক৷