Logo
image

‘কা’ বলৱতত কোনেও বাধা দিব নোৱাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ এপ্ৰিল: বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনক লৈ অসম তথা সমগ্ৰ দেশতে প্ৰতিবাদৰ সমান্তৰালভাৱে উচ্ছতম ন্যায়ালয়তো আইনী যুঁজ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে৷ সৰ্বোচ্ছ ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত থাকিলেও নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে৷ দেশত ‘কা’ বলৱতত কোনেও বাধা দিব নোৱাৰে বুলি হুংকাৰ দি কংগ্ৰেছ আৰু মমতা বেনাৰ্জীয়ে ‘কা’ক স্পৰ্শ কৰিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে৷ মঙলবাৰে পশ্চিম বংগত এখন নিৰ্বাচনী সভাত ‘কা’ক লৈ বিজেপি চৰকাৰৰ স্থিতি স্পষ্ট কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয়– ‘যিহেতু ‘কা’ৰ জৰিয়তে হিন্দু শৰণাৰ্থীয়ে নাগৰিকত্ব লাভ কৰিব৷ সেইবাবেই কংগ্ৰেছ আৰু মমতা বেনাৰ্জীয়ে ‘কা’ৰ বিৰোধিতা কৰিছে৷ পশ্চিম বংগত তৃণমূলৰ শাসনত অনুপ্ৰৱেশ অব্যাহত আছে৷ মমতা দিদিয়ে ‘কা’ৰ বিৰোধিতা কৰি শৰণাৰ্থীক নাগৰিকত্ব দিয়াত বাধা দিব বিচাৰিছে৷’ লক্ষণীয়ভাৱে পশ্চিম বংগ আৰু অসমৰ বৰাক উপত্যকাৰ হিন্দু বাঙালীৰ ভোটৰ স্বাৰ্থতে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে ততাতৈয়াকৈ ‘কা’ৰ বিধি প্ৰস্তুত কৰি সমগ্ৰ দেশতে বলৱৎ কৰিছিল৷ ‘কা’ৰ বিধি প্ৰস্তুত হোৱাৰ পাছতেই অসমৰ বিভিন্ন দল-সংগঠনে উচ্ছতম ন্যায়ালয়ত আইনখনৰ বিধিৰ আইনী বৈধতাক লৈ গোচৰ ৰুজু কৰিছিল৷ কিন্তু ন্যায়ালয়ত গোচৰ বিচাৰাধীন হৈ থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ‘কা’ক লৈ পশ্চিম বংগত কৰা এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷