Logo
image

ৰাজ্যৰ ৫ সমষ্টিত কাইলৈ ভোট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫টা সমষ্টিত ৭৭ লাখ ৯ হাজাৰ ২৭৬গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব মুঠ ৬১গৰাকী প্ৰাৰ্থীৰ৷ বুধবাৰে বিয়লি ৫বজাৰ লগে লগে অন্ত পৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ৷ বিগত প্ৰায় এপষেক ধৰি দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া আটাইকেইটা সমষ্টিতে ব্যাপক প্ৰচাৰ চলায় শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও৷ দ্বিতীয় পৰ্যায়ত নগাঁও, দৰং-ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিত ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ সমষ্টিকেইটাৰ দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ এদিন পূৰ্বে বুধবাৰে ৰাওনা হয় প’লিং, প্ৰিজাইডিং বিষয়াৰ দল৷ বিশেষকৈ দুই পাহাৰীয়া জিলাক সামৰি থকা ডিফু লোকসভা সমষ্টিৰ দুৰ্গম এলেকাত আছে ২০১টা ভোটগ্ৰহণ কেন্দ্ৰ৷ ৫টা সমষ্টিতে সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্য সাজু হৈছে নিৰ্বাচন আয়োগ৷ ২৬ এপ্ৰিল, শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ৯,১৩৩টা৷ ইয়াৰ ভিতৰত প্ৰায় ৫০ শতাংশ ভোটগ্ৰহণ কেন্দ্ৰতে ৱেব কাষ্টিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে আয়োগে৷ তদুপৰি স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ লগতে প্ৰতিটো কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তাৰ দিহা কৰা হৈছে৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫টা সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭৭ লাখ ৯ হাজাৰ ২৭৬গৰাকী৷ ইয়াৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ৩৬ লাখ ৭৮ হাজাৰ ৬৬৭জন, মুঠ মহিলা ভোটাৰ ৩৮লাখ ৩০ হাজাৰ ৪৩৯গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে ১৭০গৰাকী৷ ইপিনে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে৷ উল্লেখ্য, সংসদীয় গণতন্ত্ৰত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বাস্তৱক্ষেত্ৰত কিন্তু কোনো এটা ৰাজনৈতিক দল যেন আগ্ৰহী নহয় মহিলাসকলক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহিলাসকলৰ অংশীদাৰিত্বই প্ৰমাণ কৰিছে সেই কথা৷ মুঠ ৬১গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে মাথোঁ দুগৰাকীহে মহিলা প্ৰাৰ্থী৷ দৰং-ওদালগুৰিত গণ সুৰক্ষা পাৰ্টীয়ে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে নগাঁৱত শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থীৰূপে৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ২৮গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয়ৰূপে৷ বিজেপিৰ ৫, কংগ্ৰেছৰ ৫, এআইইউডিএফৰ ২, তৃণমূল কংগ্ৰেছ আৰু বিপিএফৰ এগৰাকীকৈ প্ৰাৰ্থীৰ উপৰি অন্যান্য দলৰ আছে ১৯গৰাকী প্ৰাৰ্থী৷ নৱগঠিত দৰং-ওদালগুৰি সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১১গৰাকী প্ৰাৰ্থীয়ে৷ সমষ্টিটোত মুঠ ভোটাৰ আছে ২২ লাখ ৯ হাজাৰ ৩১৪গৰাকী৷ তাৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ১১ লাখ ৮ হাজাৰ ৬২৪জন, মুঠ মহিলা ভোটাৰ ১১ লাখ ৬৫৭গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে ৩৩গৰাকী৷ দৰং-ওদালগুৰিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ২,৬২২টা৷ ডিফু সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ৫গৰাকী প্ৰাৰ্থীয়ে৷ সমষ্টিটোত মুঠ ভোটাৰ ৯ লাখ ১ হাজাৰ ৩২গৰাকী৷ মুঠ পুৰুষ ভোটাৰ ৪ লাখ ৪৮ হাজাৰ ৫৯৩জন, মুঠ মহিলা ভোটাৰ চ্ছ্ৰ লাখ ৫২ হাজাৰ ৪২০গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১৯গৰাকী৷ ডিফুত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ১,২১৭টা৷ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক ২৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সমষ্টিটোত মুঠ ভোটাৰ আছে ১৪ লাখ ১২ হাজাৰ ১৪৮গৰাকী৷ তাৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ৯ লাখ ২৩ হাজাৰ ১১১জন, মুঠ মহিলা ভোটাৰ ৬ লাখ ৮৯ হাজাৰ ২৫গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১২গৰাকী৷ কৰিমগঞ্জত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ১,৬৬০টা৷ শিলচৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৮গৰাকী প্ৰাৰ্থীয়ে৷ সমষ্টিটোত মুঠ ভোটাৰ ১৩ লাখ ৬৯ হাজাৰ ৫৭৮গৰাকী৷ মুঠ পুৰুষ ভোটাৰ ৬ লাখ ৬৩ হাজাৰ ৮৬০জন, মুঠ মহিলা ভোটাৰ ৬ লাখ ৮৫ হাজাৰ ৬৯৪গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে ২৪গৰাকী৷ শিলচৰত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ১,৫৫১টা৷ নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে৷ সমষ্টিটোত মুঠ ভোটাৰ আছে ১৮ লাখ ১৭ হাজাৰ ২০৪গৰাকী৷ তাৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ৯ লাখ ১৪ হাজাৰ ৪৭৯জন, মুঠ মহিলা ভোটাৰ ৯ লাখ ২ হাজাৰ ৬৪৩গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে ৮২গৰাকী৷ নগাঁৱত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ২,০৮৩টা৷ উল্লেখ্য, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত প্ৰচাৰ চলাবলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এক বিশাল ৰোড শ্ব’ত অংশ লৈছিল অমিত শ্বাহে৷ ৰৌতাত দৰং-ওদালগুৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অসমলৈ নাহিল কংগ্ৰেছৰ দিল্লীৰ কোনো শীৰ্ষ নেতা৷

উল্লেখ্য, ২৬ এপ্ৰিল, শুকুৰবাৰে অসমৰ পাঁচটা সমষ্টিকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ ৮৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব৷ কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰপ্ৰদেশৰ ৮টা, মহাৰাষ্ট্ৰৰ ৮টা, মধ্যপ্ৰদেশৰ ৭টা, বিহাৰৰ ৫টা, পশ্চিমবংগৰ ৩টা, ছত্তীশগড়ৰ ৩টা, জম্মু-কাশ্মীৰৰ এটা, মণিপুৰৰ এটা আৰু ত্ৰিপুৰাৰ এটা সমষ্টিৰ লগতে অসমৰ পাঁচটা লোকসভা সমষ্টিতো শুকুৰবাৰে ভোটগ্ৰহণ কৰা হ’ব৷

দৰং-ওদালগুৰিত হ’ব ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদক : দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে ২৬ এপ্ৰিলত হ’বলগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথোঁঁ এটা দিন থকা অৱস্থাতো নিৰ্বাচনী বতাহ কোন দিশে বলিছে সেয়া অদ্যাপি স্পষ্ট হোৱা নাই৷ পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিটো এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টি হিচাপে নামকৰণ কৰি বিধানসভা সমষ্টি দহটাৰ পৰিৱৰ্তে এঘাৰটালৈ বৃদ্ধি কৰে৷ লোকসভা সমষ্টিটোত এইবাৰ বাগ্‌সা জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নলবাৰী বিধানসভা সমষ্টিটো কৰ্তন কৰে৷ আনহাতে, দৰং জিলাৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটাই ওদালগুৰি জিলাত নতুনকৈ টংলা বিধানসভা সমষ্টি নামেৰে নতুনকৈ সমষ্টি সৃষ্টি কৰে৷ সেই সূত্ৰে দৰং জিলাত এতিয়া পূৰ্বৰ চাৰিটা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে তিনিটা হয় আৰু ওদালগুৰি জিলাত পূৰ্বৰ তিনিটাৰ ঠাইত বৰ্তমান চাৰিটা বিধানসভা সমষ্টি হয়৷ এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১ লাখ ৮৭ হাজাৰ ১৬০ গৰাকী৷ ইয়াৰে সমষ্টিটোৰ বড়ো আধ্যুষিত বাগ্‌সা জিলাৰ গোৰেশ্বৰ, তামুলপুৰ, ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি, টংলা আৰু মাজবাট বিধানসভা সমষ্টিৰ বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৮৭০ গৰাকী থকাৰ বিপৰীতে ৰঙিয়া, কমলপুৰ, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও বিধানসভাৰ সমষ্টিৰ বিটিএডিৰ বহিৰ্ভুত পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০ লাখ, ৮৬ হাজাৰ, ২৯০ গৰাকী৷ এতিয়া কথাটো হৈছে– বিটিআৰৰ ইউ পি পি এল দলৰ সৈতে মিত্ৰতা থকা বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়া বড়ো ভোটাৰৰ কিমান আস্থাভাজন হ’ব পাৰিছে সেয়াহে লক্ষণীয়৷ বিগত পাঁচটা বছৰে সাংসদ হৈ থকাৰ সময়ত দিলীপ শইকীয়াই বড়ো ৰাইজৰ কাৰণে কিমান কি কৰিছে তাৰ এতিয়া হিচাপ বিচাৰিছে বড়ো ভোটাৰে৷ কাৰ্যত কবলৈ গ’লে মিত্ৰতা থাকিলেও বিজেপি দলে বিটিএডিত আশানুৰূপ ভোট যে লাভ কৰিব তাত সন্দেহ আছে৷ ইফালে বড়ো ভোটাৰৰ ভোট বিভাজনৰ উদ্দেশ্যে কোনো এক আজান শক্তিয়ে বিপিএফ দলৰ পৰা কলাইগাঁও সমষ্টিৰ বিধায়ক তথা ভেটাৰ্ণ ৰাজনীতিবিদ দুৰ্গাদাস বড়োক প্ৰক্ষেপ কৰিছে৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিটিএডিত আগৰ পৰাই এটা শক্তি আছে আৰু বৰ্তমান বিটিআৰ প্ৰশাসনৰ কাম-কাজক লৈ অধিকাংশ লোক অসন্তুষ্ট হৈ থকাত বিপিএফে চল চাই কঠীয়া পেলাইছে৷ ইফালে, এইবাৰ এআইইউডিএফ দলে বিপিএফ দলক মুকলিকৈ সমৰ্থন জনোৱাত বিটিআৰত বসবাস কৰা সংখ্যালঘু লোকসকলৰো কিছুসংখ্যক ভোট বিপিএফৰ দুৰ্গাদাস বড়োৱে লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ অৱশ্যে বিটিআৰ অঞ্চলত কংগ্ৰেছ দলৰো এটা মজবুত ভেটি নথকা নহয়৷ এইবাৰ বিজেপি প্ৰাৰ্থীজনক দলৰ বহু কৰ্মকৰ্তাই সমৰ্থন জনোৱা পৰিলক্ষিত হোৱা নাই৷ এইসকল দলীয় কৰ্মীয়ে এতিয়া নিৰ্বাচনৰ ভৰ সময়ত মৌনব্ৰত পালন কৰি ঘৰৰ কামত ব্যস্ত হৈ আছে৷ শাসকীয় দলৰ প্ৰাৰ্থী তথা বিগত কাৰ্যকালৰ সাংসদ হৈয়ো তেওঁৰ পথ যে এতিয়া মশৃণ হৈ থকা নাই সেয়া স্পষ্ট হৈ পৰিছে৷ প্ৰতিষ্ঠান বিৰোধী ঢৌৱে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক যথেষ্ট ক্ষতি সাধন কৰিব বুলি ৰাজনৈতিক বিশ্লেষণক সকলে মন্তব্য কৰিছে৷ কাৰ্যতঃ বিটিৰাত বিপিএফৰ মজবুত স্থিতিয়ে বিজেপিৰ অংকত আউল লগাইছে৷ ইফালে সংখ্যালঘু ভোটাৰৰ আশাত থকা কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে বিটিআৰ আৰু অনাবড়ো অঞ্চলৰ সাধাৰণ গঞা ৰাইজৰ কিমান আস্থাভাজন হ’ব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত৷ মুঠতে কবলৈ গলে ধুসৰ হৈ থকা দৰং-ওদালগুৰি লোকসভা সমষ্টিটোত কংগ্ৰেছ-বিজেপি আৰু বিপিএফ দলৰ মাজতেই যে মুল যুঁজখন যে হ’ব সেয়া নিশ্চিত৷