Logo
image

কিৰেণ ৰিজিজুৰ ঐতিহাসিক ইউ-টাৰ্ন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু নতুন দিল্লীৰ প্ৰতিনিধি, ২৬ এপ্ৰিল : অৰুণাচলত আশ্ৰয় লোৱা বাংলাদেশী চাক্‌মা-হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰা গোপন এজেণ্ডা ৰাজহুৱা কৰি দলৰ শীৰ্ষ নেতৃত্বৰ ৰোষত পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু৷ সেইসূত্ৰে নিজৰ ভাষ্য নিজেই নস্যাৎ কৰিছে ৰিজিজুৱে৷ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে– যিজনে কিছুদিন আগলৈকে গৃহ দপ্তৰৰ দায়িত্ব বহন কৰিছিল, সেইজন কিৰেণ ৰিজিজুৱে চাক্‌মা-হাজং শৰণাৰ্থীৰ প্ৰসংগত এসপ্তাহতে ওলোটা খৰ মাৰি বিপৰীত ভাষ্য আগবঢ়োৱা ঘটনা সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে৷ এয়া বিজেপিৰ এজন শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীৰ ‘ঐতিহাসিক ইউ-টাৰ্ন’ বুলিও আখ্যা দিছে বহুজনে৷ নক’লেও হ’ব যে দলীয় নেতৃত্বৰ ৰোষত পৰিয়েই ‘ঐতিহাসিক ইউ-টাৰ্ন’ ল’বলৈ বাধ্য হ’ল ৰিজিজু৷ চাক্‌মা-হাজং শৰণাৰ্থীক অসমত নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কিৰেণ ৰিজিজুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা বুলি সদৰী কৰিছিল যদিও এতিয়া অসমত ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদৰ পাছতেই নিজৰ কথা নিজেই নস্যাৎ কৰিছে৷ বিগত ১৭ এপ্ৰিলত অৰুণাচলৰ ইটানগৰত বিজেপি দলৰ এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰিজিজুৱে স্পষ্টভাৱে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলগীয়া চাকমা-হাজং শৰণাৰ্থীসকলক অসমত পুনৰ সংস্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনা কৰাৰ কথা ব্যক্ত কৰিছিল৷ আনকি অসমৰ মুখ্যমন্ত্ৰীকো হাজং-চাকমাসকলক সংস্থাপিত কৰাৰ বাবে উপযুক্ত স্থান বাছনি কৰিবলৈ কোৱাৰ কথা ব্যক্ত কৰি আগতীয়াকৈ বিষয়টো বেছি চৰ্চা হ’লে ৰাজনৈতিক ইছ্যু হোৱাৰ আশংকাত সংগোপনে কাম কৰি থকা বুলিও প্ৰকাশ কৰিছিল ৰিজিজুৱে৷ সংবাদমেলত ৰিজিজুৱে ব্যক্ত কৰা অসমৰ জাতি, মাটি আৰু ভেটিৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা বিজেপিৰ গোপন পৰিকল্পনাৰ উদ্বেগজনক বাৰ্তা ১৮ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দল-সংগঠনৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মুখ খুলিবলৈ বাধ্য হৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চাকমা-হাজঙক অসমত পুনৰ সংস্থাপনক লৈ কোনো আলোচনা কৰা নাই বুলি বিষয়টো নস্যাৎ কৰাৰ লগতে ভাৰত চৰকাৰৰ ফালৰ পৰাও তেনে কোনো কথা পতা নাই বুলি দাবী কৰিছিল৷ স্বাভাৱিকতেই লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই ঘোষণাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ জবাবদিহি হোৱাই নহয়, বিষয়টোক লৈ চৰম অস্বস্তিত পৰে৷ ইফালে, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰতো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বক্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিক টাৰ্গেট কৰি লোৱাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বও চিন্তিত হৈ পৰে৷ যাৰ ফলত দলীয় নেতৃত্বৰ ৰোষত পৰাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চাকমা-হাজঙক লৈ কোৱা বক্তব্যৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হয়৷ বৃহস্পতিবাৰে কিৰেণ ৰিজিজুৱে ততাতৈয়াকৈ দিল্লীত অসমৰ সাংবাদিকৰ আগত পূৰ্বে কোৱা নিজৰ বক্তব্য নিজেই নস্যাৎ কৰে৷ চাকমা-হাজং শৰণাৰ্থীক পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰৰ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে অনুৰোধ কৰা বুলিহে এইবাৰ ঐতিহাসিক ইউ-টাৰ্ন মৰা দেখা গ’ল ৰিজিজুক৷ আনকি তেওঁৰ বক্তব্যক লৈ সাংবাদিকেহে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কৰে৷ বৃহস্পতিবাৰে নতুন দিল্লীত অসমৰ সাংবাদিকসকলক মাতি আনি প্ৰদান কৰা স্পষ্টীকৰণত তেওঁ কয় যে চাকমা আৰু হাজং শৰণাৰ্থীৰ সংস্থাপনকলৈ তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰাটো সঁচা৷ কিন্তু অসমতেই যে শৰণাৰ্থীসকলক সংস্থাপন কৰিব লাগে সেই কথা তেওঁ কেতিয়াও কোৱা নাই৷ তেওঁ কেৱল গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা অৰুণাচলৰ শৰণাৰ্থী সমস্যা সমাধানৰ বাবে সহায়হে বিচাৰিছে৷ ৰিজিজুৰ বক্তব্য– অৰুণচল প্ৰদেশ হৈছে এশ শতাংশ জনজাতীয় ৰাজ্য৷ তাত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ কোনো অবকাশ নাই৷ সেয়েহে অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা হিচাপে এইক্ষেত্ৰত তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সহায়হে বিচাৰিছে৷ তেওঁ আৰু কয় যে অসমৰ লগতে দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ বাবে এটা দুষ্ট চক্ৰই এই অপপ্ৰচাৰ চলাই আছে৷ আনহাতে ইনাৰ লাইন পাৰ্মিট থকা অৰুণাচল প্ৰদেশত ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত কংগ্ৰেছ চৰকাৰহে অবৈধ ভাবে চাকমা আৰু হাজংসকলক অৰুণাচল প্ৰদেশত শৰণাৰ্থী হিচাপে আশ্ৰয় প্ৰদান কৰিছিল৷ কংগ্ৰেছৰ উক্ত ভুলৰ বাবেই ৰাজ্যখনত সময়ে সময়ে শৰণাৰ্থীসকলৰ সৈতে থলুৱা সকলৰ সংঘাত সৃষ্টি হৈ আহিছে৷ এতিয়া শৰণাৰ্থী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ সহায় বিচৰা হৈছে৷ এয়া নহয় যে আমি বিচাৰিছো যে অৰুণাচলৰ চাকমা আৰু হাজং সকলক অসমতে সংস্থাপন দিয়া হওক৷ অসমত এতিয়া নিৰ্বাচন চলি আছে৷ আৰু নিৰ্বাচনী বতৰত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভাবে হিমন্ত বিশ্ব শৰ্মাক বদনাম কৰাৰ বাবেই এইবোৰ ভুৱা বাতৰি বিয়পাই থকা হৈছে৷ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা উত্তৰ-পূৱৰ অগ্ৰণী নেতা৷ লোকসভা নিৰ্বাচনৰ মাজত তেওঁক বদনামী কৰিবলৈকে কোনোবাই ষড়যন্ত্ৰ কৰি মোৰ কথাৰ বিকৃত ৰূপ দি চাকমা-হাজংসকলক অসমত সংস্থাপন দিয়া হ’ব বুলি বাতৰি কৰিছে৷ কিন্তু দিল্লীত সাংবাদিকৰ আগত অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনক লৈ ওলোটাখৰ মাৰিলেও পূৰ্বৰ ১৭ এপ্ৰিলৰ সংবাদমেলত কিৰেণ ৰিজিজুৱে স্পষ্টকৈ চাকমা-হাজঙক অসমত সংস্থাপনৰ পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰিছিল৷ উক্ত দিনা সংবাদমেলত কিৰেণ ৰিজিজুৰ বক্তব্য আছিল এনেধৰণৰ– ‘অৰুণাচলত ইষ্টাৰ্ন বেংগল ৰেগুলেশ্বনৰ অধীনত ইনাৰ লাইন পাৰ্মিট আছে৷ সেয়ে ‘কা’ বলৱৎ হ’লেও অৰুণাচল প্ৰদেশত এজনো বিদেশী শৰণাৰ্থীয়ে নাগৰিকত্ব লাভ নকৰিব৷ অৰুণাচললৈ বাংলাদেশৰ পৰা যিসকল চাকমা-হাজং আহিছিল, তেওঁলোক তেতিয়াও অৰুণাচলৰ স্থায়ী বাসিন্দা হ’ব নোৱাৰিব৷ ‘কা’ৰ আগত হোৱা হ’লে সংস্থাপনৰ কথাটো বেলেগ আছিল৷ এতিয়া মই এই কথা চাকমা-হাজং শৰণাৰ্থীসকলক হাতজোৰ কৰি স্পষ্টকৈ কৈ দিছোঁ৷ তেওঁলোক এদিন নহয় এদিন অৰুণাচল এৰি যাব লাগিব৷ অৰুণাচলত মই যেতিয়ালৈকে থাকিম, তেতিয়ালৈকে হাজং-চাকমা শৰণাৰ্থীসকলে অৰুণাচল প্ৰদেশত আলহী হৈ থাকিব পাৰিব৷ স্থায়ী ঠিকনা কেতিয়ও নহ’ব৷ সেয়ে ‘কা’ অৰুণাচলৰ বাবে আশীৰ্বাদ যে অৰুণাচলত কোনো বিদেশীয়ে নাগৰিকত্ব লাভ নকৰিব৷ কিন্তু চাকমা-হাজংসকলৰ কথাও আমি চিন্তা কৰিছোঁ৷ চাকমা-হাজংসকলক পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰৰ সৈতে কথা পাতিছোঁ৷ এই বিষয়টোত এতিয়াই বেছিকৈ চৰ্চা হ’লে ৰাজনৈতিক ইছ্যু হৈ যাব পাৰে৷ সেয়েহে গোপনীয়ভাৱে কাম কৰি থাকিব লগীয়া হৈছে৷ চাকমা-হাজংসকলৰ পুনৰ সংস্থাপনৰ এয়া ইংগিত বুলি ধৰি ল’লেই হ’ব৷ মই অসম চৰকাৰৰ সৈতে নিজেই কথা পাতিছোঁ৷ চাকমা-হাজংসকলক স্থায়ী সংস্থাপনৰ বাবে অসম চৰকাৰক ঠাই বাছনি কৰিবলৈ কৈছোঁ৷ কিয়নো অসম-অৰুণাচল সদায় ভাই-ককাইৰ দৰে আছে৷ অসমৰ কোনো স্থানত পুনৰ সংস্থাপনত সহায় কৰক৷ অসম চৰকাৰৰ ওচৰতো হেঁচা আছে, সেয়া আমি জানো৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো মই এই বিষয়টোত কথা পাতিছোঁ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতো আলোচনা কৰিছোঁ৷ কিবা প্ৰকাৰে তেওঁলোকক পুনৰ সংস্থাপনত সহায় কৰক৷ অৰুণাচলৰ পৰা চাকমা-হাজংসকল যাব লাগিব৷ আমি তিনি বছৰৰ পৰা হাজং-চাকমাক পুনৰ সংস্থাপনৰ বাবে চেষ্টা চলাই আছোঁ৷ কোনো কোনো স্থান চিনাক্তও কৰিছোঁ৷ কিন্তু উক্ত ঠাইসমূহতো স্থানীয় কিছু ইছ্যু আছে৷ য’ত তেওঁলোকক সংস্থাপন দিয়া হ’ব তাতো স্থানীয় লোক নি(য় থাকিব৷ স্থানীয় লোকৰ বিৰোধিতাও থাকিব৷ সেয়েহে উক্ত ঠাইৰ লোকৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰিব লাগিব৷

কাৰ বক্তব্য সঁচা? সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনক লৈ পুনৰ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা৷ বিজেপি চৰকাৰে অসমক বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰাৰ অভিসন্ধিক লৈ ৰাজ্য উত্তাল কৰাৰ পাছত বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেছ’ৰো মুখ্য উপদেষ্টাৰ দায়িত্বত থকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ এটা টুইটত আছুৰ মুখ্য উপদেষ্টাজনে এই সন্দৰ্ভত এইদৰে কয়– ‘অৰুণাচল প্ৰদেশত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক নস্যাৎ কৰি আগবঢ়োৱা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ অৰ্থাৎ শাসকীয় দলৰ দুজন জ্যেষ্ঠ নেতাৰ শৰণাৰ্থী সংস্থাপন সম্পৰ্কীয় বিষয়টোত পৰস্পৰবিৰোধী স্থিতি প্ৰকাশ পাইছে৷ কাৰ বক্তব্য সঁচা? যদিহে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য সঁচা, তেন্তে কেন্দ্ৰীয় মন্ত্ৰীজনৰ অসমবিৰোধী মন্তব্য প্ৰত্যাহাৰ কৰাৰ বাবে শাসকীয় পক্ষই ব্যৱস্থা লৈ দেখুৱাওক৷ অসম চুক্তি উলংঘা কৰা কোনো কথাই ছাত্ৰ সন্থাই মানি নলয়৷ অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ, ডাষ্টবিন নহয়৷ অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয় আৰু অস্তিত্বক লৈ ৰাজনীতি নকৰিব– সংশ্লিষ্ট সকলোলৈ সকীয়নি৷’

অৰুণাচলত বাস কৰা অসমীয়াক পিআৰচি দিয়ক : আটাছু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তিনিচুকীয়া : ‘কা’ আইনৰ দোহাই দি অৰুণাচল প্ৰদেশত বসবাস কৰা চাকমা-হাজং লোকসকলক অসমত সংস্থাপনৰ ব্যৱস্থা কৰাত গুৰুত্ব প্ৰদান কৰা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিতৰ্কিত বক্তব্যই অসমত প্ৰতিবাদৰ জুই জ্বলোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীজনে শেহতীয়াকৈ নিজৰ বক্তব্য সলনি কৰা পৰিলক্ষিত হৈছে৷ আজি এক বিবৃতিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি চাও মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি চাও দেৱজিত গগৈ আৰু যুটীয়া সম্পাদক চাও ভাস্কৰ বৰগোহাঁইয়ে কয় যে আটাছু আৰু অসমৰ ৰাইজে সকীয়নি প্ৰদান কৰাৰ পাছত মন্ত্ৰীজনে নিজৰ মন্তব্য সলনি কৰি মিথ্যাচাৰৰ আশ্ৰয় লৈ নিজকে শুদ্ধ প্ৰমাণ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ গাত দোষ জাপি দিবলৈ চেষ্টা কৰাটো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক৷ আটাছুৰ নেতৃবৃন্দই কয় যে তেওঁ নেফাৰ প্ৰসংগ টানি আনি অৰুণাচল যে বৰ অসমৰ অন্তৰ্গত আছিল সেই আন্তৰিকতা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে৷ স্বৰ্গদেউ চাওলুং চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমৰ বিষয়ে যদি তেওঁ সঁচাকৈ আজিও আন্তৰিকতাৰে উপলব্ধি কৰে তেন্তে অৰুণাচল প্ৰদেশত বসবাস কৰা আহোম, মৰাণ, মটককে ধৰি অন্যান্য অসমীয়া লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰূপে স্বীকৃতি পোৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ [পি আৰ চি] প্ৰদান কৰিবলৈ অৰুণাচল চৰকাৰক বাধ্য কৰি দেখুৱাবলৈ আটাছুৱে আহ৩ান জনায়৷ অসমৰ দল-সংগঠন তথা ৰাইজ জাগ্ৰত হৈ মন্ত্ৰীজনৰ বহিৰাগত লোকক অসমত সংস্থাপিত কৰাৰ কু-অভিসন্ধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ অহাৰ উমান পাই নিশাটোৰ ভিতৰতে ওলোটা খড় মাৰি বৰঅসম অৰ্থাৎ সাতভনীৰ প্ৰীতি দেখুওৱাটো অতি হাস্যকৰ৷ গতিকে অসমক লৈ এনে ধৰণৰ অসৎ চিন্তা কৰি ভৱিষ্যতে কোনো ধৰণৰ মন্তব্য আৰু সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ মন্ত্ৰী ৰিজিজুক আটাছুৱে কঠোৰভাৱে সকীয়াই দিয়ে৷ তেওঁ এজন কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ উন্নয়নৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ গতিকে অসমৰ সন্দৰ্ভত মন্তব্য কৰাৰ অধিকাৰো তেওঁৰ নাই৷ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো অৰুণাচল প্ৰদেশত বসবাস কৰা আহোম, মৰাণ, মটক আৰু অন্যান্য অসমীয়া লোকসকলক সংস্থাপনৰ বিষয়টো তেওঁ মন্তব্য কৰা মতে কেৱল কথাতে আবদ্ধ নাৰাখি প্ৰকৃততে এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আটাছুৱে বিবৃতিটোত আহ৩ান জনায়৷