Logo
image

সাবধান ! হিট্‌ষ্ট্ৰক হ’ব পাৰে

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এইবাৰ অস্বাভাৱিক হাৰত তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে৷ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগকে ধৰি দেশৰ তেৰখন ৰাজ্যত পাৰাস্তম্ভই ৪১ ডিগ্ৰী অতিক্ৰম কৰিছে৷ ওড়িশাত উষ্ণ প্ৰবাহৰ ফলত কেইদিনমান পূৰ্বে এজন প্ৰৌঢ়ৰ মৃত্যু ঘটে৷ পশ্চিমবংগতো হিটষ্ট্ৰকত একাধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ ঠায়ে ঠায়ে হিটষ্ট্ৰকৰ ফলত বহু লোক অসুস্থ হৈ পৰিছে৷

অত্যধিক গৰমত হিটষ্ট্ৰক হয়৷ উষ্ণ প্ৰবাহৰ ফলত হোৱা এই মাৰাত্মক সমস্যাৰ ক্ষেত্ৰত আগতীয়াকৈ সতৰ্ক নহ’লে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ বিগত ৫০ বছৰত হিটষ্ট্ৰকত প্ৰায় ১৭ হাজাৰ লোকৰ মৃত্যু ঘটিছে৷ অত্যধিক গৰম বা তাপমাত্ৰা অস্বাভাৱিক হাৰত বাঢ়িলে পৰাপক্ষত বাহিৰলৈ নোলাব৷ কিয়নো উষ্ণ প্ৰবাহে শৰীৰত পানীৰ পৰিমাণ কমাই আনে৷ এনে অৱস্থাত ৰ’দত থাকিলে হিটষ্ট্ৰকৰ আশংকা বাঢ়ে৷ উল্লেখ কৰা হ’ল হিটষ্ট্ৰকৰ কেইটামান লক্ষণ–

[১] কোনো লোক যদি দীৰ্ঘ সময় গৰম বতাহ বা ৰ’দত থাকে তেন্তে তেওঁৰ মূৰ আৰু মুখমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ ফলত দেহত পানীৰ পৰিমাণ কমি আহে আৰু এটা সময়ত হিটষ্ট্ৰক হয়৷

[২] হিটষ্ট্ৰক হ’লে দেহৰ পৰা ঘাম ওলোৱা বন্ধ হয়৷ ফলত ভাগৰুৱা অনুভৱ হয়৷

[৩] অত্যধিক গৰম আৰু প্ৰচণ্ড ৰ’দত মূৰ আচন্দ্ৰাই কৰিলে সেয়া হিটষ্ট্ৰক হোৱাৰ লক্ষণ৷

[৪] অত্যধিক গৰমৰ ফলত যদি হূদস্পন্দন বাঢ়িবলৈ ধৰে, তেন্তে সতৰ্ক হওক৷ এয়া হিটষ্ট্ৰকৰ লক্ষণ৷

[৫] ৰ’দত দেহৰ উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পালে বা শ্বাস-প্ৰশ্বাসত সমস্যা হ’লে সাৱধান হওক৷ এয়াও হিটষ্ট্ৰকৰ লক্ষণ৷

আপুনি যদি দীৰ্ঘ সময় ৪০ ডিগ্ৰী ছেলচিয়াছত থাকে তেন্তে হিটষ্ট্ৰক বা ছানষ্ট্ৰকত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ হিটষ্ট্ৰক হ’লে দেহৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংগ, মগজু, কিডনী, লিভাৰ, হূদযন্ত্ৰ আৰু পেশী ক্ষতিগ্ৰস্ত হয়৷ 

অত্যধিক গৰমত হিটষ্ট্ৰকৰ পৰা ৰেহাই পাবলৈ যিমান পাৰে পানী খোৱা কৰক৷ পানীৰ উপৰি ফলৰ ৰস বা অ’আৰএছ খাব পাৰে৷ তিয়ঁহ, তৰমুজ আৰু ডালিম গৰমত অতি উপকাৰী৷ বেছি সময় ৰ’দত নাথাকিব৷ পৰাপক্ষত কপাহী কাপোৰ পিন্ধক৷