Logo
image

উক্তি-বক্ৰোক্তি

#  মোক কৰা গ্ৰেপ্তাৰৰ ঘটনা অভিনৱ৷ কেনেকৈ ইডি, চিবিআইক ব্যৱহাৰ কৰি শক্তিশালী ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক দীঘলীয়া  নিৰ্বাচনী যুঁজৰ পৰা দূৰত ৰাখি নিজে শত্ৰু নোহোৱাকৈ যুঁজ কৰিব পাৰে, মোক মোদী চৰকাৰে কৰা গ্ৰেপ্তাৰ এনে ৰাজনৈতিক যুদ্ধৰ এক ধ্ৰুপদী উদাহৰণ৷ 

–কাৰাবন্দী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল


#  পীয়ূষ হাজৰিকাই দুবছৰৰ পাছত ৰাজনীতি এৰি চিনেমা বনাওক৷ কাৰণ তেওঁৰ ডায়লগ ভাল, স্ক্ৰিপ্টো ভাল৷ 

– কংগ্ৰেছ নেতা গৌৰৱ গগৈ


# বিজেপিয়ে কিয় ইমান মিছা কথা কয়? কিয় ইয়াক চকলেট বোমা ফুটিলেও এন এছ জিৰ দৰ্কাৰ হয়? যেন যুদ্ধ চলিছে৷ সকলো কামেই একপক্ষীয়ভাৱে হয়৷ ৰাজ্য পুলিচক একো জনোৱা নহয়৷ হয়তো তেওঁলোকেই গাড়ীৰ পৰা নি সন্দেশখালিত পিষ্টল, গুলী ৰাখি থৈ উদ্ধাৰ হোৱা বুলি প্ৰচাৰ কৰিছে৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী


#  বিজেপিয়ে মহিলাসকলক ভোট দিবলৈ ভাবুকি দিছে৷ ভোট নিদিলে বুলডজাৰ লগাব, আচনি নিদিব বুলি ভাবুকি দিছে৷ 

– গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ


#  দয়া কৰি বলাৰসকলক কোনোবাই বচাওক৷ ২৬০ৰ ওপৰত হোৱা ৰাণ অতিক্ৰম কৰি শেষ দুই অভাৰত ৯ ৰান লাগে এইটো পৰিস্থিতি হজম কৰিবলৈ সময় লাগিব৷ 

– ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন


#  দ্বিতীয় পৰ্যায়ত আমি ভাল ফল লাভ কৰিম৷ সংখ্যালঘু লোকৰ সমৰ্থন আমাৰ প্ৰতি পূৰ্বতকৈ বাঢ়িছে৷ 

– বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা


# মই বহু প্ৰধানমন্ত্ৰী দেখিলোঁ৷ নিজৰ ঘৰৰ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে নহয়, মনমোহন সিং, অটল বিহাৰী বাজপেয়ীকো দেখিলোঁ৷ অটল বিহাৰী বাজপেয়ী অন্ততঃ ভদ্ৰলোক আছিল৷ কিন্তু এই আংকলজীক দেখিছোঁ– ইমান মিছা কথা ক’ব পাৰে৷ এনে প্ৰধানমন্ত্ৰী প্ৰথমবাৰৰ বাবে দেখিছোঁ৷ মিটিঙত গৈ আদিৰ পৰা অন্তলৈ কেৱল মিছা কথাকে কয়৷ 

– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী


#  ভোট গণনাৰ দিনা ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন বেহুচ হৈ যাব৷ তেওঁলোকক হাস্পতাললৈ নিবলৈ তিনিখন এম্বুলেন্স কংগ্ৰেছে সাজু কৰি ৰাখক৷ 

– এইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল


#  মোদী আৰু শ্বাহ হৈছে বেপাৰী বা দোকানী৷ তেওঁলোকে কেৱল বিক্ৰী কৰিব জানে৷ চৰকাৰৰ সম্পত্তি যেনে ৰে’ল, পথ, বন্দৰ, বিমান বন্দৰ এফালৰ পৰা তেওঁলোকে বিক্ৰী কৰিছে৷ কাক বিক্ৰী কৰিছে সেয়া চালে দেখিব– আম্বানী আৰু আদানী৷ ইমানদিনে কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰি থোৱা দেশৰ সম্পত্তিসমূহকে  তেওঁলোকে বে-চৰকাৰী খণ্ডত বিক্ৰী কৰি দিছে৷ 

– কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে