Logo
image

চিবিএছইত বছৰটোত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ এপ্ৰিল : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ অধীনত আগন্তুক শিক্ষা বৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ব’ৰ্ড পৰীক্ষাত বছৰত দুবাৰকৈ অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব৷ অৰ্থাৎ ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ নকৰিলে বা প্ৰথমটো পৰীক্ষাত আশা কৰাৰ দৰে নম্বৰ নাপালে, ছাত্ৰ-ছাত্ৰীয়ে সকলে একেটা শিক্ষা বৰ্ষতে দ্বিতীয়বাৰলৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব৷ বছৰটোত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চি বি এছ ইক পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ এই নিৰ্দেশৰ ভিত্তিত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোত মে’ মাহত বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে বৈঠক আহ্বান জনাইছে৷ চি বি এছ চিৰ এটা শীৰ্ষ সূত্ৰৰ উদ্ধৃতিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চি বি এছ ইয়ে স্নাতক নামভৰ্তিৰ সময়সূচীত কোনো প্ৰভাৱ নেপেলোৱকৈ ব’ৰ্ডৰ পৰীক্ষা একেটা শিক্ষাবৰ্ষত দ্বিতীয়বাৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰে শৈক্ষিক কেলেণ্ডাৰ কেনেকৈ প্ৰস্তুত কৰা হ’ব তাৰ মডেলিটীৰ ওপৰত কাম কৰি আছে৷ ইফালে ব’ৰ্ডৰ পৰীক্ষা ষান্মাসিক পদ্ধতিয়ে অনুষ্ঠিত হ’ব বুলি চৰ্চা লাভ কৰা বিষয়টো অস্বীকাৰ কৰিছে চি বি এছ ই কতৃৰ্পক্ষই৷ ব’ৰ্ডৰ পৰীক্ষাত ষান্মাসিক পদ্ধতি প্ৰয়োগৰ কোনো পৰিকল্পনা নাই বুলিও ব’ৰ্ডে স্পষ্ট কৰি দিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ছাত্ৰ-ছাত্ৰীয়ে যাতে ভাল ফলাফল দেখুওৱাবলৈ সুযোগ আৰু পৰ্যাপ্ত সময় লাভ কৰাৰ লগতে সৰ্বোত্তম নম্বৰ লাভৰ বিকল্প ব্যৱস্থা থাকে তাৰ বােই বছৰত দুবাৰকৈ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা ব্যক্ত কৰিছিল৷ অহা ২০২৫-২৬ শিক্ষা বৰ্ষৰ পৰাই চি বি এছ ইয়ে এই ব্যৱস্থা আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷