Logo
image

দ্বিতীয় পৰ্যায়ৰ পাছত আকৌ মুখ্যমন্ত্ৰীৰ মুখত ‘চাৰে বাৰ’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিল : ‘চাৰে এঘাৰ নহয়, এতিয়া চাৰে বাৰ হ’ল৷’–ৰাজ্যত দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতে লোকসভাত বিজেপিৰ আসন দখলকলৈ আত্ম বিশ্বাস বাঢ়িল মুখ্যমন্ত্ৰীৰ৷ পূৰ্বৰ ‘চাৰে এঘাৰ’ থিয়ৰী সলনি কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চাৰে বাৰ কৰিলে৷ বিজেপিৰ নিৰ্বাচনী ভৱিষ্যতবাণী কৰি মুখ্যমন্ত্ৰীয়ে ক’লে–‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিৰ ৫ টাতে আমি জয়ী হম৷  

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিৰ ৪টা আমাৰ জয় নিশ্চিত হৈছে৷ এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ’ব৷ আনহাতে ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিখন আসনৰ ৩ খনতে আমাৰ জয়লাভ নিশ্চিত৷ তৃতীয় পৰ্যায়তো এখন আসনতহে যুঁজ হ’ব৷ সেই হিচাপে আমি চাৰে বাৰটা সমষ্টিত জয়লাভ কৰিম৷’ মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মীয় সংখ্যালঘুৰ ৫০ শতাংশ ভোট আমি এইবাৰ লাভ কৰিছো৷ আমাৰ নিৰ্বাচনী সভালৈ দলে দলে সংখ্যালঘু ৰাইজ অহাটো শুভ লক্ষণ৷ ভৱিষ্যতে আমি সংখ্যালঘুৰ এশ শতাংশ ভোট লাভ কৰিম৷ ধৰ্মীয় সংখ্যালঘু ৰাইজে বুজি উঠিছে যে ‘মুখ্যমন্ত্ৰীয়ে আমাৰ ভালৰ কথাই কৈ আছে৷ উন্নয়ন, আঁচনিৰ ক্ষেত্ৰত কাকো ভেদভাৱ কৰা নাই৷ বাল্য বিবাহ, বহু বিবাহৰ দুৰ কৰি মুছলমান মা-ভনীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিছে৷ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক ডাক্টৰ-ইঞ্জিনিয়াৰ বনোৱাৰ কাম কৰিছে৷’

ফকিৰাগ্ৰামত ধাৰাষাৰ বৰষুণৰ মাজত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি : আকৌ এবাৰ মোদী চৰকাৰ.... আকৌ এবাৰ বিজেপি চৰকাৰ....! তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাবে অধিষ্ঠিত কৰাৰ উদ্দেশ্যৰে আজি কোকৰাঝাৰত ধাৰাষাৰ বৰষুণৰ মাজতে কেবা সহস্ৰাধিক জনগনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতে নাচিলে হেঁপাহ পলুৱাই৷ উল্লেখ্য, যে  ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আজি কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত ফকিৰাগ্ৰামত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হোৱাতলৈ লোকে লোকাৰণ্য হৈ পৰে ফকিৰাগ্ৰাম চহৰ৷  প্ৰকাশ যে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাব লৈ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী শৰ্মাক শংখ ধবনি, উৰুলিৰ উপৰিও বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতেৰে বিপুল আদৰণি জনোৱা হয়৷ মঞ্চত উঠিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক একেলগে তেওঁৰ লগত আকৌ এবাৰ মোদী চৰকাৰ গীতটোত নাচিবলৈ আহবান জনাই৷ নিজেও ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেসহ বিজেপিৰ কেবাগৰাকী জেষ্ঠ্য নেতাৰ সৈতে নাচি থকাৰ মাজতে হুৰহুৰাই বৰষুণ আহে৷  হয়তো প্ৰচণ্ড গৰমত উচপিচাই থকা ৰাইজক প্ৰকৃতিয়েও যেন সকাহ দিবলৈ ৰৈ আছিল আৰু মুখ্যমন্ত্ৰীৰ আগমনৰ ক্ষন্তেক পিছতেই আৰম্ভ হয় ধাৰাষাৰ বৰষুণ৷ বৰষুণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা উদাত্ত ভাষণত কটা হাতৰ নাম নাই, নাঙলৰ কাম নাই আদি মন্তব্য কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ ভাষণ প্ৰসংগত প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কলেজত নামভৰ্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত দহ হাজাৰ টকা আৰু লাখপতি বাইদেউৰ একাউণ্টত দহ হাজাৰ টকাকৈ সোমোৱাৰ কথা ঘোষণা কৰে৷ তেওঁ ফকিৰাগ্ৰামত ৰে’লৱে অভাৰব্ৰীজ,  ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনত কেবাখনো ৰে’ল ৰখোৱাৰ আৰু ফকিৰাগ্ৰামৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দি জয়যুক্ত কৰিবলৈ আহবান জনায়৷  তেওঁ ফকিৰাগ্ৰামত পুনৰ ৫০ হাজাৰ চাকৰি নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰি ৰাইজৰ সুবিধাৰ্থে তেওঁ সকলো কৰিবলৈ প্ৰস্তুত বুলি জানিব দিয়ে৷ আনহাতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফকিৰাগ্ৰামৰ ৰাইজে বৰষুণত তেওঁৰ সৈতে আকৌ এবাৰ মোদী চৰকাৰ গানটোত নচা আৰু আধা ঘণ্টা ধৰি বৰষুণত তিতি তেওঁৰ ভাষণ ধৈৰ্য্য সহকাৰে শুনা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰি কয় যে ফকিৰাগ্ৰামৰ ৰাইজে নৰেন্দ্ৰ মোদীক তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে আৰু কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সাংসদ হিচাবে বিচাৰিছে৷ তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তিনি লাখতকৈ অধিক ভোটত জয়যুক্ত হব বুলি দাবী কৰে৷ তেওঁ সকলো দলৰ প্ৰাৰ্থীয়ে জয়ী হম বুলি দাবী কৰাত কোনো আপত্তি নাই, কিন্তু কোনটো দলৰ নিৰ্বাচনী সভাত ১০,০০০ তকৈ অধিকলোক উপস্থিত হৈছে বুলি তেওঁ উভতি প্ৰশ্ন কৰি ২২ মেৰ পৰা আজিলৈকে যিমান, সভাত অংশগ্ৰহণ কৰিছে তাত পঞ্চাশ হাজৰতকৈ অধিক ৰাইজক লগ পাইছে বুলি জানিব দিয়ে৷ তেওঁ বিৰোধীৰ এখন মিটিং টিভিত দেখা নাই বুলি কৈ সংখ্যালঘু ৰাইজে এতিয়া বিজেপিক বুজি পাবলৈ লৈছে৷  তেওঁ অসমখনত শান্তিৰ ধাৰা অব্যাহত ৰাখিবলৈ তেওঁৰ পৰবৰ্তী লক্ষ্য হব আলফাক শান্তি আলোচনা লৈ অনা৷ তেওঁ বাৰখন আসন আমি অনায়াসে পাম বুলি সদৰি কৰি দুখন আসনত তীব্ৰ প্ৰত্যাহ্বান হব বুলি জানিব দিয়ে৷ তেওঁ বহুত চাইলেণ্ট ভোটাৰে আমাক ভোট দিব বুলি জানিব দি প্ৰমোদ বড়ো ষ্টাৰ কেম্পেইনাৰ বুলি কয়৷  প্ৰকাশ যে আজি সভাৰ অন্তত মুখ্যমন্ত্ৰীৰ সতে চেল্‌ফি লবলৈ হেতাওপৰা কৰা দেখা যায়৷

ৰ’দ-বৰষুণক নেওচি শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন সমাগত৷ মাজতে কেইটামান দিন বাকী৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে তুংগত গৈ উঠিছে ৰাজনৈতিক প্ৰচাৰ৷ চাৰিটা লোক সভা সমষ্টিত নামি পৰিছে ৰাজ্যৰ নামি-দামী নেতা৷ নামনি অসমৰ অন্যান্য লোকসভা সমষ্টিৰ তুলনাত ১ নম্বৰ কোক্‌ৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰচাৰ ব্যতিক্ৰমী হৈ পৰিছে৷ আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকী মিত্ৰ জোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিকূল বতৰৰ মাজতো একেদিনাই কোকৰাঝাৰ লোক সভা সমষ্টিত তিনিখন নিৰ্বাচনী সভা অংশগ্ৰহণ কৰে৷ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় গোসাঁইগাঁও বিধান সভা সমষ্টিৰ শ্ৰীৰামপুৰত৷ বিয়লি তিনি বজাত শ্ৰীৰামপুৰ জয়গুৰু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰী অশোক সিংহাল, ৰঞ্জিত দাস, বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকে৷ উৎকট গৰমৰ মাজত হেজাৰ হেজাৰ লোকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীগৰাকী সভাত উপস্থিত হোৱাৰ পূৰ্বে প্ৰচণ্ড বৰষুণ আহে যদিও কোনো লোকে সভাস্থলী ত্যাগ কৰা নাছিল৷ মূৰত চকী লৈ কিছু সময় থিয় দি থকা পিছত বৰষুণ নোহোৱাত সভাৰ কাম আৰম্ভ হয়৷ মুখ্যমন্ত্ৰী গৰাকী সভাথলীলৈ যোৱাৰ পথত যাতে কোনো মানুহে হুলস্থূল কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে ৰছী বান্ধি দিয়ে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰ পৰা নামি ৰাইজক আগুৱাই আহিবলৈ কয় আৰু নিজ হাতে ৰছীৰ বান্ধ খুলি দিয়ে৷ নাচি বাগি মুখ্যমন্ত্ৰীক আদৰি লয় ৰাইজে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সভা মঞ্চত উঠি আকৌ এবাৰ মোদী চৰকাৰৰ গীত গাই নাচি ৰাইজক মতলীয়া কৰি তোলে৷ মুখ্যমন্ত্ৰীগৰাকী জ্যেষ্ঠসকলক প্ৰণাম জনাই আৰু ভাগিনসকলক আই লাভ ইউ সম্বোধন কৰি ভাষণ আৰম্ভ কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয় যে, আজি শ্ৰীৰামপুৰত ৫০ হেজাৰ মানুহ আছে৷ ইজনে সিজনে চাওক কাষত মুছলমান, হিন্দু, বঙালী আদিবাসী, হিন্দী ভাষী সকলো জাতি-জনগোষ্ঠীৰ লোক আছে৷ সভাখন এক মিলনৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছে৷ কোনো ভেদাভেদ নাইকিয়া হৈ পৰিছে৷ আজিৰ পৰা দহ বছৰ আগতে এনে মিটিং হোৱাৰ সম্ভাৱনা আছিল নেকি নি(য় নাছিল৷ মই তেনে বিশালজন সভা দেখা নাই৷ বড়োলেণ্ডত শান্তি অহা বাবে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ বহিব পাৰিছে৷ আগতে বড়ো লেণ্ডত সদায় বোমা ফুটুছিল৷ এতিয়া বোমা আছে নেকি নাই৷ আজি কিয় বোমা নুফুটে৷ কেন্দ্ৰত নৰেন্দ্ৰ মোদী, ৰাজ্যত বিজেপি আৰু বিটিচিত প্ৰমোদ বড়োৰ কাৰণে শান্তি আহিছে৷ হাগ্ৰামা মহিলাৰী আগতে বন্দুক লৈ মানুহক ধমকি দি কথা কৈছিল৷ বন্দুক দেখুৱাই বিভিন্ন কথা কৈছিল ৰাইজক৷ কিন্তু এতিয়া সেই দিন নাই৷ বৰ্তমান নমস্কাৰ কৰি ভোট বিচাৰে ৰাইজৰ পৰা৷ এতিয়া ৰাতি দহ বজালৈ দোকান খোলা থাকিলেও কোনেও একো নকয়৷ কোনো ভাবুকি নাই৷ সকলো নিৰাপদ জীৱন যাপন কৰিব পাৰিছে৷  আজি মোদী নাথাকিলে, অসমত মামা, কোকৰাঝাৰ প্ৰমোদ বড়ো নাথাকিলে এই শান্তি নাহিলে হয়৷ আগতে বড়োলেণ্ডত বিহুত বোমা ফুটিছিল এতিয়া বিহুত কুলি-কেতেকী মাত শুনিবলৈ পোৱা যায়৷ আগতে ৰাইজে সুধিছিল শান্তি কেতিয়া আহিব৷ আমি কেতিয়া নিৰাপদে থাকিব পাৰিম৷ কিন্তু এতিয়া সোধে মামা ৰেচন কাৰ্ড কেতিয়া পাম, অৰুণোদই কেতিয়া পাম৷ আজি বিটিচিত তিনিখন সভা কৰিলোঁ৷ কোনো এজেন গণ্ডগল হোৱা বুলি প্ৰশ্ন কৰা নাই৷  আমি বেয়া দিন পাৰ কৰিলোঁ৷ বেয়া দিন পাৰ কৰি দিয়া সকলক পাহৰিব নালাগে৷  কেন্দ্ৰত মোদী, অসমত মামা, প্ৰমোদ বড়ো থকাত শান্তি আহিছে৷ মুখ্যমন্ত্ৰী গৰাকী আকৌ কয় যে,  কটা হাতৰ কাম নাই নাঙলৰ দাম নাই৷  বিটিচিত পদুম নাই ট্ৰেক্টৰ আছে৷ পদুম মানে ট্ৰেকৰ৷ এফালে নাগল আৰু আনপিনে ট্ৰেক্টৰ ৰাখক৷ মানুহে ট্ৰেক্টৰ বিচাৰি যাব৷ উপ-নিৰ্বাচনত এই সমষ্টিত ট্ৰেক্টৰ বুলি ৰলাৰ ছবিত ভোট দিছিল বহুতে লোক সভা নিৰ্বাচনত যাতে তেনে নহয়৷ ট্ৰেক্টৰ ছবি তিনি নম্বৰত থাকিব৷ জয়ন্ত বসুমতাৰীক ভোট দিব৷ আকৌ ৫০ হেজাৰ নতুন চাকৰি দিয়া হব৷ পুলিচ, কামণ্ডও, গ্ৰেড ৩-৪ আৰু অফিচাৰ চাকৰি দিয়া হ’ব৷

কাজলগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ কাজলগাঁৱৰ প্ৰতিনিধি :তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ১ নং কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যকলাপ চিৰাং জিলাত তীব্ৰতৰ হৈ উঠিছে৷ ইয়াৰ অংশ হিচাপে দেওবাৰে কাজলগাঁৱৰ কদমতলাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজেপি আৰু অগপ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আয়োজিত বিজয় সংকল্প সমাৱেশৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷  মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয় – দহ বছৰ আগতে ইয়াত এনে শান্তিপূৰ্ণ পৰিৱেশ নাছিল৷ কিন্তু আজি ইয়াত বন্দুক, বোমা বা গুলীৰ শব্দ নাই৷  আগতে বন্দুক ধৰি ৰখা হাতবোৰ এতিয়া হাতযোৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে৷  ইউপিপিএল আৰু বিজেপিয়ে চৰকাৰ চলোৱাৰ বাবেই ইয়াত শান্তিপূৰ্ণ পৰিৱেশ আহি পৰিছে৷  বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিপিএফক ভোট দিলে দুৰ্নীতি বৃদ্ধি পাব আৰু ইউপিপিএলক ভোট দিলে অঞ্চলটোৰ উন্নয়ন হ’ব৷ কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই৷ অৰ্থাত কংগ্ৰেছ আৰু বিপিএফক ভোট দি লাভ নাই৷  বিজেপি- অগপ-ইউপিপিএল সমৰ্থিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি বিপুল ভোটেৰে বিজয়ী কৰি নৰেন্দ্ৰ মোদীক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়৷  লগতে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড থকা সকলো ঘৰতে অৰুণোদয় যোজনাৰ অধীনত সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে৷ তেওঁ আৰু কয়– এইবাৰ মাধ্যমিকৰ দেওনা পাৰ হোৱা সকলো ল’ৰা-ছোৱালীৰ কলেজত নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু কলেজলৈ যোৱাৰ বাবে ছোৱালীবোৰৰ বেংক একাউণ্টত ১০ হাজাৰৰ পৰা ২৫ হাজাৰ কৈ টকা দিয়া হ’ব৷  তেওঁ ল’ৰাৰ পঢ়া-শুনা দেউতাই দায়িত্ব ল’ব আৰু কন্যা সন্তানৰ পঢ়া-শুনাৰ বাবে মামাই দায়িত্ব ল’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷  নিবনুৱা যুৱক-যুৱতীসকলক ভাল খবৰ দি মুখ্যমন্ত্ৰীয়ে এক লাখৰ পাছত চলিত বছৰৰ ভিতৰত আৰু পঞ্চাশ হাজাৰ চাকৰি দিয়াৰ কথাও ঘোষণা কৰে৷ ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে মঞ্চত ‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ তালে তালে নাচি নাচি সভাত উপস্থিত পঞ্চাশ সহস্ৰাধিক লোককো নচুৱাই আমোদ দিয়ে৷ সভাত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে নিজৰ ভাষণ প্ৰসংগত বৰ্তমান সময়ত বিটিআৰ অঞ্চলত বিকাশ আৰু শান্তিৰ বাতাৱৰণ কেৱল অসম আৰু ভাৰত চৰকাৰৰ বাবে সম্ভব হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ আচ্ছে দিন আৰু সবকা সাথ সবকা বিকাশৰ বিটিআৰতো প্ৰভাৱ পৰা বুলি মন্তব্য কৰে৷  বড়োই কোকাৰঝাৰৰ পৰা জয়ন্ত বসুমতাৰীক বিজয়ী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত আৰু শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায়৷ ভাষণ প্ৰসংগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে সকলোৰে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত, সেয়েহে বিজেপিৰ মিত্ৰ দল ইউপিপিএল তেওঁক আৰু শক্তিশালী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ৷  আন এগৰাকী মন্ত্ৰী ৰঞ্জিত দাসে কয় যে সকলো সম্প্ৰদায়ৰ লোকৰ উৎসাহ দেখি আমি নিশ্চিত যে জয়ন্ত বসুমতাৰী দুই লাখতকৈও অধিক ভোটত জয়ী হ’ব৷  সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে নিজৰ বক্তব্যত কয় যে বিটিআৰত শান্তি প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত সম্ভৱ হৈছে৷ গতিকে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ কৰ্তব্য৷ বিটিচিৰ পাৰিষদ তথা বিটিআৰৰ মুৰব্বীৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰীয়ে পৰিচালনা কৰা নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংঘল, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম তামাঙো উপস্থিত থাকে৷