Logo
image

অসমত ১২, দেশত ৪০০

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ মে: ‘অসমত আমি নূ্্যনতম বাৰখন আসনত জিকিম৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ভাল কামৰ বাবেই আমি পজিটিভ ভোট লাভ কৰিছোঁ৷’ –এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলত এনেদৰে মন্তব্য কৰি শ্বাহে কয় যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হৈছে আৰু বিজেপিৰ আভ্যন্তৰীণ মূল্যায়ন অনুসৰি ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰ দলসমূহে একেলগে প্ৰথম দুটা পৰ্যায়ত ১০০খনতকৈ অধিক আসন লাভ কৰাটো নিশ্চিত হৈছে৷ জনসাধাৰণৰ আশীৰ্বাদ আৰু সমৰ্থনত এন ডি এ ৪০০ অতিক্ৰম কৰাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে৷ অসম, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু উত্তৰাখণ্ডত বিজেপিয়ে বিপুল নিৰ্বাচনী সফলতা লাভ কৰিছে৷ ইয়াৰ লগতে তিনিখন ৰাজ্য ক্ৰমে কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডুত ভোটদান হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই ৰাজ্যসমূহতো ভাল সঁহাৰি লাভ কৰিছে৷ এনডিএয়ে নিশ্চিতভাৱে ৪০০ৰ লক্ষ্য অতিক্ৰম কৰিবলৈ ওলাইছে৷ কংগ্ৰেছে এনডিএৰ ৪০০ৰ লক্ষ্যক সংবিধান সলনিৰ লক্ষ্য বুলি অভিহিত কৰি মিছা অপপ্ৰচাৰ চলাইছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে ৪০০ অতিক্ৰম কৰি সংৰক্ষণ বিলুপ্ত কৰিব বুলি কংগ্ৰেছে ৰাইজৰ মাজত উৰাবাতৰি বিয়পাই আছে৷ এই দুয়োটা কথাই ভিত্তিহীন আৰু তথ্যহীন৷ এই দেশৰ জনসাধাৰণে ২০১৪ আৰু ২০১৯ চনতো ভাৰতীয় জনতা পাৰ্টীক সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা দিছিল৷ বিজেপিয়ে ১০ বছৰ ধৰি পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাই আহিছে যদিও কংগ্ৰেছৰ দৰে ইয়াৰ অপব্যৱহাৰ কৰি জৰুৰীকালীন অৱস্থা জাপি দিয়া আৰু লোকসভাৰ কাৰ্যকাল বৃদ্ধি কৰা নাছিল৷ বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ সদব্যৱহাৰ অনুচ্ছেদ ৩৭০ বিলোপ কৰা, তিনি তালাক বিলুপ্ত কৰা, ব্ৰিটিছ আইন সলনি কৰি ভাৰতীয় আইন আনিবলৈ, কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ভগৱান শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ বাবে কৰিছে৷ কংগ্ৰেছ দলে ভূৱা প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে৷ শ্বাহে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান অনুসৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ সমৰ্থনত কৰে আৰু ইয়াক সদায় সুৰক্ষিত কৰি ৰাখিব৷ নৰেন্দ্ৰ মোদীয়েও ৰাজহুৱা ভাষণত বহুবাৰ একেই ঘোষণা কৰিছে৷ কিন্তু কংগ্ৰেছে প্ৰথমে সংযুক্ত অন্ধ্ৰপ্ৰদেশত ধৰ্মৰ ভিত্তিত অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অ’বিচিৰ সংৰক্ষণ হ্ৰাস কৰিছিল আৰু তাৰ পিছত কৰ্ণাটকৰ সমগ্ৰ মুছলমান সম্প্ৰদায়ৰ বাবে ৪ শতাংশ সংৰক্ষণ কৰিছিল৷ ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে যে ধৰ্ম-আধাৰিত সংৰক্ষণ অসাংবিধানিক আৰু যদি এই ৰাজ্যসমূহত বিজেপি শাসনলৈ আহে, তেন্তে এই ধৰ্ম-আধাৰিত মুছলমানৰ সংৰক্ষণ বাতিল কৰা হ’ব আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা অবিচিসকলক ন্যায় প্ৰদান কৰা হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে কংগ্ৰেছে তেওঁৰ মুখত ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি অনুসূচিত জাতি, জনজাতি আৰু অ’বিচিৰ আসন সংৰক্ষণ কৰ্তন কৰা হ’ব বুলি অপ্ৰচাৰ চলাইছে৷ কংগ্ৰেছে ভুৱা ভিডিঅ’ৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলে এই ভুৱা ভিডিঅ’টোক সমৰ্থন কৰিছে৷ সংবাদ মেলত শ্বাহে কংগ্ৰেছে প্ৰচাৰ কৰা ভিডিঅ’ আৰু প্ৰকৃত ভিডিঅ’টো সাংবাদিকৰ সন্মুখত দাঙি ধৰে৷ য’ত শ্বাহে ধৰ্ম আধাৰিত মুছলমানৰ সংৰক্ষণ শেষ কৰাৰহে কথা কৈছিল৷ সংবাদমেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল৷