Logo
image

টি ২০ বিশ্বকাপৰ দল ঘোষণা

নতুন দিল্লী, ১ মে: এইবাৰৰ আই পি এলৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছত খেলা অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে তেওঁৰ আকৰ্ষণীয় বেটিঙেৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বহুতে আনকি ক’বলৈ আৰম্ভ কৰিছিল যে যুৱ ক্ৰিকেটাৰজনৰ বেটিঙত যথেষ্ট পৰিপক্বতা আহিছে আৰু ১ জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত তেওঁক স্থান দিয়া হ’লেও তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷ কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে ঘোষণা কৰা ১৫জনীয়া ভাৰতীয় দলটোত স্থান নাপালে ৰিয়ান পৰাগে৷ কিন্তু দলটোত স্থান পাইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ লগতে অ’পেনাৰ যশস্বী জয়ছোৱালে৷ ছেমছনৰ লগতে দলটোত আছে উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্টো৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে পূৰ্বেই কৈছিল যে ফিট থাকিলে পণ্টক বিশ্বকাপৰ দলত লোৱাটো নিশ্চিত৷ পথ দুৰ্ঘটনা এটাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ১৬ মাহ পাছত ক্ৰিকেটলৈ উভতি অহা ২৬ বছৰীয়া ক্ৰিকেটাৰজনে দিল্লী কেপিটেলছক নেতৃত্ব দি চলিত আই পি এলত ১১খন খেলত ৩৯৮ ৰান সংগ্ৰহ কৰি নিৰ্বাচকৰ আস্থা জয় কৰিছে৷ প্ৰত্যাশিতভাৱে ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে ৰোহিত শৰ্মাক৷ তেওঁৰ সহকাৰী হিচাপে থাকিব হাৰ্দিক পাণ্ডিয়া৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিও আছে বিশ্বকাপৰ দলটোত৷ কিন্তু যোৱা বছৰৰ ৫০ অভাৰৰ বিশ্বকাপত ভাল প্ৰদৰ্শন কৰাৰ পাছতো অভিজ্ঞ লোকেশ ৰাহুলৰ নাম বিবেচনা কৰা নহ’ল বিশ্বকাপৰ বাবে৷ ৰোহিত শৰ্মাৰ সৈতে বেটিং মুকলি কৰাৰ দায়িত্ব কাক দিয়া হ’ব সেই বিষয়ে চৰ্চা চলি আছিল যদিও ঋতুৰাজ গায়কোৱাড়তকৈ ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ যশস্বী জয়ছোৱালকহে নিৰ্বাচকে অগ্ৰাধিকাৰ দিয়ে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে, প্ৰয়োজন ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়েও বেটিং মুকলি কৰিব পাৰে৷ দলত অলৰাউণ্ডাৰ হিচাপে আছে পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেল৷ পেচ আক্ৰমণত আছে যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজৰ লগতে অৰ্শদীপ সিং৷ তেওঁলোকৰ সৈতে থাকিব পাণ্ডিয়া৷ চলিত আই পি এলত দেখুওৱা ভাল প্ৰদৰ্শনৰ বাবে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহলক লোৱা হৈছে বিশ্বকাপৰ দলত৷ তেওঁৰ লগতে আছে আনজন লেগ স্পিনাৰ কুলদীপ যাদৱ৷ যিহেতু দলত ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেল আছে, সেয়েহে চাহল আৰু কুলদীপক একেলগে মূল একাদশত ৰখা নহ’ব পাৰে৷