Logo
image

এইবোৰ ফল ফ্ৰীজত নাৰাখিব

গ্ৰীষ্মকাল মানেই ফলৰ সমাহাৰ৷ এই সময়ত নানা ধৰণৰ ফলে বজাৰ ভৰি পৰে৷ কিন্তু প্ৰচণ্ড গৰমৰ বাবে ফলসমূহ বেছিদিন সতেজ হৈ নাথাকে৷ সেয়ে ফলসমূহ সংৰক্ষণ কৰাৰ দৰকাৰ৷ ফলসমূহ বজাৰৰ পৰা অনাৰ পাছত  কম তাপমাত্ৰাত ৰাখিব লাগে৷ তেতিয়া কেইবাদিনো সজেত আৰু ব্যৱহাৰ উপযোগী হৈ থাকিব৷ সকলো ক্ষেত্ৰতে ৰেফ্ৰিজাৰেটৰত ৰাখিব নালাগে৷ আমি সাধাৰণতে ফ্ৰীজতে ফল সংৰক্ষণ কৰি ৰাখো৷ অৱশ্যে সকলো বিলাক ফল ফ্ৰীজত ৰাখিব নালাগে বুলি খাদ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ কি কি ফল ফ্ৰীজত ৰাখিব নালাগে তাকে জানো আহক –

# কল:

 কল কিনি আনিলে সাধাৰণতে ফ্ৰীজত ৰখাতকৈ বাহিৰত ৰাখক৷ কাৰণ ফ্ৰীজত কল ৰাখিলে ক’লা পৰি যায়৷  সোৱাদ কমি যায়৷

# তৰমুজ:

গৰমত তৰমুজ সকলো সময়তে ফ্ৰীজত নাৰাখিব৷ কাৰণ ফ্ৰীজত ৰাখিলে তৰমুজৰ এণ্টিঅক্সিডেণ্ট হ্ৰাস পায়৷ কমি যায় ইয়াৰ পুষ্টি গুণ৷ ফলত তৰমুজ ফ্ৰীজত ৰাখিলে স্বাস্থ্যৰ বাবে অনুপযোগী হৈ পৰে৷

# আম:

ইথিলিন অস্কাইড গেছৰ কাৰণে আম ফ্ৰীজত ৰাখিলে দ্ৰুতগতিত ক’লা দাগ পৰি যায়৷

# তিঁয়হ :

ফ্ৰীজত অতিৰিক্ত ঠাণ্ডাত ৰাখিলে তিঁয়হৰ গুণাগুণ কমি  যায়৷ সাধাৰণতে তিঁয়হ ফ্ৰীজত তিনিদিনতকৈ বেছি ৰাখিব নালাগে৷ 

# বিলাহী : 

চবজি হিচাপে ব্যৱহাৰ হ’লেও বিলাহী প্ৰকৃততে ফল৷ বিলাহী ফ্ৰীজত ৰাখিলে ইয়াৰ গুণাগুণ কমি যায় আৰু সোৱাদহীন হৈ পৰে৷ কাগজৰ বেগত কম তাপমাত্ৰাত  ৰাখিব লাগে বিলাহী৷