Logo
image

৯০% ভাৰতীয়ই লৈছিল ক’ভিশ্বিল্ড, ন্যায়ালয়ত গোচৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ মে’: সকলো প্ৰতিষেধকৰে পাশ্বৰ্ক্ৰিয়া থাকে আৰু পাশ্বৰ্ক্ৰিয়াৰ ক্ষতিৰ পৰিমাণ প্ৰতিষেধক অনুসৰি ভিন ভিন৷ প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়া সাধাৰণতে ৪ৰ পৰা ৪২ দিনৰ ভিতৰত হ’ব পাৰে আৰু সেই পাশ্বৰ্ক্ৰিয়া চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰিব পাৰি৷ ক’ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাই যি প্ৰতিষেধক উদ্ভাৱন কৰিছিল, সেই ক’ভিশ্বিল্ডৰো টিটিএছ (থ্ৰম্ব’ছিছ উইথ থ্ৰম্ব’চাইট’পেনিয়া ছিনড্ৰ’ম) নামৰ পাশ্বৰ্ক্ৰিয়া মানৱ দেহত হোৱাৰ আশংকা আছিল৷ সেই পাশ্বৰ্ক্ৰিয়া বিৰলতম হিচাপে গণ্য কৰা হৈছিল, কিয়নো সি ১ লাখজনৰ মাজত এজনৰ ক্ষেত্ৰতহে হোৱাৰ আশংকা আছিল৷ এষ্ট্ৰাজেনেকাই বিধিগতভাৱে এই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতিষেধকবিধ উদ্ভাৱনৰ পাছতে জনাইছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই এই পাশ্বৰ্ক্ৰিয়াৰ বিষয়ে জানিও ক’ভিশ্বিল্ড উৎপাদন আৰু ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল৷ কাৰণ অতিমাৰীৰ পৰিস্থিতি জৰুৰীকালীন আছিল আৰু ভয়ংকৰভাৱে সমগ্ৰ বিশ্ব ছানি ধৰা ক’ভিড অতিমাৰী নিৰ্মূল কৰিবলৈ আৰু ইয়াৰ সংক্ৰমণৰ অভাৱনীয় গতি ৰোধ কৰিবলৈ প্ৰতিষেধক ব্যৱহাৰৰ বিকল্প নাছিল৷ ‘হু’ৱে এটা বিষয় নিশ্চিত হৈ লৈছিল– পাশ্বৰ্ক্ৰিয়াৰ তুলনাত মানৱ জাতিৰ বাবে সেই জৰুৰীকালীন পৰিস্থিতিত প্ৰতিষেধক ব্যৱহাৰৰ ফলত হোৱা উপকাৰ আক্ষৰিকভাৱে ১ লাখ গুণ (১০০০০০ঃ১) অধিক আছিল৷ ক’ভিশ্বিল্ড ব্যৱহাৰ কৰা ১ লাখজনৰ ভিতৰৰ এজনৰ দেহত টিটিএছ পাশ্বৰ্ক্ৰিয়া হোৱাৰ আশংকা তেতিয়াই আছিল৷ টিটিএছ হৈছে, মানৱ দেহৰ ৰক্ত কঁৰাল মৰা (ব্লাড ক্লটিং) ঘটনা আৰু ৰক্তৰ ‘প্লেটলেট কাউণ্ট’ হ্ৰাস হোৱা পৰিস্থিতি৷ ক’ভিশ্বিল্ডৰ ‘ক্লিনিকেল ট্ৰায়েল’ত এই পাশ্বৰ্ক্ৰিয়া ধৰা পৰিছিল আৰু চিকিৎসাৰ দ্বাৰা টিটিএছ আৰোগ্য কৰাটো তেতিয়াই পৰীক্ষাত নিশ্চিত হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাক উদ্ভাৱনৰ সময়তে এষ্ট্ৰাজেনেকাই জনোৱা পাশ্বৰ্ক্ৰিয়াৰ তথ্য অলপতে কোম্পানীটোৱে ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত এটা গোচৰত জনাইছে৷ অতি স্বাভাৱিকভাৱেই সেই খবৰ ৰাজহুৱা হৈ পৰাত বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ কিন্তু বিশেষজ্ঞই বাৰম্বাৰ কৈছে, প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়া ৪  দিনৰ পৰা ৪২ দিনৰ ভিতৰতহে সাধাৰণতে দেখা যায়৷ ক’ভিশ্বিল্ডো এই দিশত ব্যতিক্ৰম নহয়৷ ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ৰ সেই বাতৰি প্ৰকাশ হোৱাত এতিয়া ভাৰততো প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো ভাৰতৰ ৯০ শতাংশই ক’ভিশ্বিল্ড প্ৰতিষেধক গ্ৰহণ কৰিছিল৷ ব্ৰিটেইনৰ পাছত এইবাৰ ভাৰতৰ ক’ভিশ্বিল্ড প্ৰস্তুতকৰ্তা কোম্পানী ছিৰাম ইনষ্টিটিউটকো ক’ভিডত সন্তানহীন হোৱা এজন পিতৃ আৰু আন এজন অধিবক্তাই আদালতৰ কাঠগড়াত তুলিছে৷ কমদিনৰ ভিতৰতে তেনে গোচৰৰ সংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে তিনি বছৰ পূৰ্বেই জেম্‌ছ স্কট নামৰ এজন লোকে ভেক্সজেভিয়া প্ৰতিষেধক ([ক’ভিশ্বিল্ডৰ ইউৰোপৰ নাম) গ্ৰহণ কৰোঁতাই মগজুৰ গুৰুতৰ ক্ষতি হোৱাৰ লগে লগে আদালতত ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিছিল৷ তেনে মুঠ ৫১জন অভিযোগকাৰীৰ গোচৰ ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু অভিযোগকাৰীয়ে এষ্ট্ৰাজেনেকাৰ পৰা ১০০-৩০০ নিযুত পাউণ্ড ক্ষতিপূৰণ দাবী কৰিছে৷ ভাৰতত এতিয়াহে ক্ষতিগ্ৰস্ত আদালতৰ দ্বাৰস্থ হোৱাত কেনে ন্যায় পাব সেয়া সন্দেহৰ আৱৰ্তত৷
ভাৰতত মুঠতে ১০২ কোটি ৫৭ লাখ ৮৯ হাজাৰ ৩০২জনক প্ৰতিষেধকৰ প্ৰথম পালি দিয়া হৈছিল৷ দ্বিতীয় পালি দিয়া হৈছিল ৯৫ কোটি ২ লাখ ৩৩ হাজাৰ ১৫৮জনক৷ আনহাতে, তৃতীয় পালি বা বুষ্টাৰ দিয়া হৈছিল ২২ কোটি ৮৫ লাখ ৯৩ হাজাৰ ২৪জনক৷ অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ ৭৪ শতাংশই এপালি আৰু ৬৯ শতাংশই দুপালিকৈ ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছিল৷ তাৎপৰ্যপূৰ্ণ এয়াই যে ভাৰতৰ মুঠ প্ৰতিষেধক গ্ৰহণ কৰোঁতাৰ ৯০ শতাংশই ক’ভিশ্বিল্ড নামৰ এষ্ট্ৰাজেনেকাৰ প্ৰতিষেধকবিধ লৈছিল৷ কিয়নো ভাৰতত প্ৰথমে ক’ভিশ্বিল্ড আৰু ভাৰতত প্ৰস্তুত কৰা ক’ভাক্সিনত অনুমোদন জনাইছিল মোদী চৰকাৰে৷ দেৰিকৈ ৰাছিয়াৰ স্পুটনিক-৫, মডেৰ্না, জনছন এণ্ড জনছনৰ ঝাইক’ভ-ডি, ঝাইডুছ কেডিলাকো অনুমোদন জনোৱা হৈছিল৷ কিন্তু প্ৰথমপালি আৰু দ্বিতীয় তথা বুষ্টাৰ একেবিধ প্ৰতিষেধকেই ল’ব লাগিব বুলি চৰকাৰে নিৰ্দেশ জাৰি কৰাত ভাৰতীয় নাগৰিকে পাছত আন প্ৰতিষেধক ব্যৱহাৰৰ বিকল্পৰ সুযোগ নাপালে৷ ফাইজাৰ আৰু মডেৰ্না দুয়োবিধ বিদেশত বহুলভাৱে ব্যৱহাৰ হৈছিল আৰু এই দুবিধৰো পাশ্বৰ্ক্ৰিয়া আছিল৷ ফাইজাৰ আৰু মডেৰ্নাৰ পাশ্বৰ্ক্ৰিয়াত হৃদযন্ত্ৰৰ পেশী কঠিন হোৱা আৰু টিছু ওফন্দি উঠাৰ ঘটনা ঘটিছিল৷ সেয়ে এতিয়া ক’ভিশ্বিল্ড লোৱাৰ বাবে অনুতাপ কৰা অৰ্থহীন৷ উল্লেখযোগ্য যে ইউৰোপত কেইসপ্তাহমানৰ পাছতে ক’ভিশ্বিল্ডৰ (ফেক্সাজেভিয়া) ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছিল৷ ভাৰতৰ প্ৰতিষেধক লোৱা মুঠ জনসংখ্যাৰ ৯০ শতাংশই ক’ভিশ্বিল্ড লোৱাৰ বাবে ভাৰতত এই পাশ্বৰ্ক্ৰিয়াৰ বাতৰিক লৈ উদ্বিগ্নতা আৰু আতংক সৃষ্টি হোৱা স্বাভাৱিক৷
ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত এষ্ট্ৰাজেনেকাই পাশ্বৰ্ক্ৰিয়াৰ কথা স্বীকাৰ কৰাৰ পাছত ভাৰতৰ উচ্ছতম ন্যায়ালয়ত ক’ভিশ্বিল্ডৰ পাশ্বৰ্ক্ৰিয়াৰ ক্ষতিৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে৷ প্ৰতিষেধক লোৱাৰ পাছত ক’ভিডত সন্তান কৌৰন্যাক হেৰুওৱা বেণুগোপাল গোবিন্দন নামৰ ব্যক্তি ছিৰাম ইনষ্টিটিউটৰ বিৰুদ্ধে সৰ্বোচ্ছ আদালতৰ দ্বাৰস্থ হৈছে৷ তেওঁৰ উপৰি আৰু কেইবাজনো অভিভাৱকে উচ্ছতম ন্যায়ালয়ত ক’ভিশ্বিল্ডৰ প্ৰস্তুতকৰ্তা ছিৰামৰ বিৰুদ্ধে ক্ষতিপূৰণ, এইম্‌ছৰ চিকিৎসকৰ দ্বাৰা অনুসন্ধানৰ আবেদন জনাইছে৷ সৰ্বোচ্ছ আদালতৰ দ্বাৰস্থ হৈছে ভাৰতীয় অধিবক্তাও৷