Logo
image

প্ৰথম দুটা পৰ্যায়ত বিজয়ী– জনগণ

নিৰ্বাচনটোৰ মাত্ৰ দুটা পৰ্যায়হে সম্পূৰ্ণ হৈছে৷ দীঘলীয়া নিৰ্বাচনটোৰ আৰু ৫টা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ’বলৈ বাকী৷ মাত্ৰ দুটা পৰ্যায়ৰ পাছতেই নিৰ্বাচনটো এক আকৰ্ষণীয়  অৱস্থাত উপনীত হৈছে, কাৰণ কোন বিজয়ী হ’ব, জনতাই কাক ভোট দিছে সেয়া দুটা পৰ্যায়ৰ পাছতেই সম্পূৰ্ণ অনিশ্চিত হৈ পৰিছে আৰু সেয়েহে কোন জয়ী হ’ব সিও সম্পূৰ্ণ অনিশ্চিত হৈ পৰিছে৷ নিৰ্বাচনটোৰ ফলাফল সন্দৰ্ভত বিৰাজ কৰা অনিশ্চয়তা যিমানেই বাঢ়িছে, সিমানেই বাঢ়িছে সম্ভব্য ফলাফলৰ সম্ভাৱনা৷ যিকোনো পৰিণতি বা ফলাফল এতিয়া সম্ভৱ৷ 
প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ পৰিমাণ আগৰ তুলনাত কমিছে৷ এই কমি অহা ভোটৰ পৰিমাণে কিহৰ ইংগিত দিছে? এটা ব্যাখ্যা মতে, ভোটদানৰ দিন দুটাত প্ৰচণ্ড গৰম হোৱাৰ বাবে বহু ভোটাৰে ভোট দিবলৈ আহিব নোৱাৰিলে৷ আন কিছুমান ব্যাখ্যাও আছে৷ জীৱিকাৰ বাবে অন্য প্ৰদেশত বা ঘৰৰ পৰা দূৰৈত থাকিব লগা হোৱাসকলৰ বহুতে এইবাৰ ভোট দিবলৈ ঘৰলৈ উভতি অহা নাই বাবেও ভোটৰ সংখ্যা কমিছে৷ বহু বিজেপিৰ সমৰ্থকে হেনো এই কাৰণেই ভোট দিবলৈ অহা নাই যে তেওঁলোকে ধৰি লৈছে বিজেপি যিহেতু জয়ী হ’বই, তেনেস্থলত তেওঁ ভোট নিদিলেও তাৰ প্ৰভাৱ ফলাফলত নপৰে৷ কিন্তু তেনেকৈ ভাবি লোৱা ভোটাৰৰ সংখ্যা যদি বুজন পৰিমাণৰ হয়, তেনেহ’লে বিজেপিৰ ব্যাপক সমৰ্থনেই বহু সমষ্টিত বিজেপিৰ বাবে সমস্যা হৈ পৰিব পাৰে! বহুতে ভাবে সাধাৰণ ভোটাৰৰ বহুতেই সমস্ত গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই আস্থা হেৰুৱাই পেলাইছে৷ যাৰেই চৰকাৰ নহওক মোৰনো কি– ধৰণৰ মনোভাব এটাই বহু ভোটাৰৰ মনত ক্ৰিয়া কৰিছে৷ কোনো চৰকাৰেই তেওঁৰ জীৱনলৈ একো পৰিৱৰ্তন আনিব নোৱাৰে, গতিকে তেওঁ কাৰোবাক ভোট দিবলৈ বিশেষ আগ্ৰহ অনুভৱ কৰা নাই৷ এনে বহু সম্ভাব্য কাৰণত হৈ যোৱা দুটা পৰ্যায়ত ভোট দান তুলনামূলকভাৱে কম হৈছে৷
কম ভোটদানৰ ফলত কাৰ লাভ হ’ব? শাসক নে বিৰোধী পক্ষৰ? কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াৰ নে বিজেপি নেতৃত্বাধীন এনডিএৰ? এটা মত হ’ল, কম ভোটদান হ’লে শাসক দলৰ লাভ হয়৷ কম ভোটদানৰ অৰ্থ হ’ল ভোটাৰে শাসক পৰিৱৰ্তন কৰিব বিচৰা নাই৷ কিন্তু ইয়াৰ বিৰুদ্ধে ইয়াৰ ঠিক বিপৰীত কথাটোও ক’ব পাৰি৷ ভাৰতৰ নিৰ্বাচনৰ ইতিহাস খুঁচৰিলে দেখা যায় যে কম ভোটদান মানে শাসক পক্ষৰ ভাল এই ধাৰণাৰ কোনো তথ্যগত ভিত্তি নাই৷ কম ভোটদানৰ পাছতো শাসক সলনি হ’বও পাৰে নহ’বও পাৰে৷ গতিকে দুটা পৰ্যায়ৰ ভোটদানৰ পাছত ভাৰতৰ ভোটাৰে কি সিদ্ধান্ত লৈছে তাক জনাৰ একো উপায় নাই৷ ৰাইজ কাৰ পক্ষত? মোদীৰ গেৰাণ্টীয়ে ৰাইজক আশ্বস্ত কৰিছে নে কংগ্ৰেছৰ পাঁচটা ন্যায়ৰ প্ৰতিশ্ৰুতিয়ে ৰাইজক আশ্বস্ত কৰিছে? জনাৰ একো উপায় নাই৷ গতিকে নিৰ্বাচনটো কম ভোটদানৰ পাছতো, ব্যাপকসংখ্যক ভোটাৰে নিস্পৃহতা প্ৰদৰ্শন কৰাৰ পাছতো ৰোমাঞ্চকৰ হৈ উঠিছে৷ ফলাফলৰ প্ৰতি সকলোকে অধিক আগ্ৰহী, অধিক উৎসুক কৰি তুলিছে৷  
আকৌ এবাৰ প্ৰমাণ হৈছে যে ৰাজনৈতিক দলবোৰ যিমানেই শক্তিশালী নহওক কিয়, যিমানেই চমৎকাৰ ৰণকৌশল ৰচনা নকৰক কিয়, শেষ সিদ্ধান্ত ভোটাৰ ৰাইজেই ল’ব৷ সকলো শক্তি, সকলো ৰণকৌশল ভোটাৰে অসাৰ প্ৰতিপন্ন কৰিব পাৰে৷ 
এনে এক ধাৰণাৰ সৃষ্টি হৈছিল যে বিজেপি এনে এক নিৰ্বাচনী যন্ত্ৰ যিটো যন্ত্ৰই ভোটৰ ফলাফল নিজৰ পক্ষলৈ আনিব পাৰে৷ অৰ্থাৎ ভোটাৰবোৰ যেন নিজৰ ইচ্ছা বা সিদ্ধান্তহীন, যিসকলক বিজেপিৰ নিৰ্বাচনী যন্ত্ৰটোৱে নিজৰ মতে পৰিচালিত কৰিব পাৰে৷ এয়া নিঃসন্দেহে এক অতিৰঞ্জন তথা অতিশয়োক্তি৷ বিজেপিয়ে লাভ কৰা নিৰ্বাচনী বিফলতাসমূহৰ বাবে এই ধাৰণা গঢ়ি উঠিছে৷ আৰু বিজেপিৰ পৰাজয়সমূহ ঢাক খাই পৰিছে৷ একেদৰে বিৰোধী পক্ষৰ ধাৰাবাহিক আৰু বহু পৰাজয়ে এনে এক ধাৰণা সৃষ্টি কৰিছে যে তেওঁলোক যেন জয়ী হ’বলৈ অসমৰ্থ৷ এই ধাৰণাবোৰ গঢ়ি উছিছে সাধাৰণ ভোটাৰে ভোট দিয়া বা নিদিয়াৰ বাবে৷ কিন্তু সাধাৰণ ভোটাৰৰ সিদ্ধান্তৰ বাবে বিজেপি অপ্ৰতিৰোধ্য আৰু বিৰোধী অক্ষম বুলি গঢ়ি উঠা ধৰাণাটো ভোটাৰে নিমিষতে সলনি কৰি দিব পাৰে৷ 
দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছতেই ভাৰতৰ ভোটাৰে স্পষ্ট কৰি দিছে যে কোন অপ্ৰতিৰোধ্য আৰু কোন অক্ষম৷ আৰু ইতিমধ্যে ফলাফল সন্দৰ্ভত সকলো সম্ভাৱনাকেই মুকলি কৰি ৰাখি ভোটাৰে জনাই দিছে যে শেষ সিদ্ধান্ত তেওঁলোকেই দিব৷ 
আহিব লগা পাঁচটা পৰ্যায়ৰ প্ৰতিটো পৰ্যায়ৰ পাছত ২০২৪ৰ সাধাৰণ নিৰ্বাচন আৰু অধিক আকৰ্ষণীয় পৰ্যায়ত উপনীত হ’ব৷ হৈ যোৱা পৰ্যায় দুটাৰ কম ভোটদানৰ পৰিমাণ গণতন্ত্ৰৰ বাবে নি(য় শুভ সংবাদ নহয়৷ কিন্তু ভাৰতৰ ভোটাৰে আকৌ এবাৰ নিজৰ পৰিপক্বতা আৰু প্ৰগাঢ় কাণ্ডজ্ঞান প্ৰদৰ্শন কৰিছে৷ আৰু গণতন্ত্ৰত যে ৰাইজৰ ইচ্ছাই সকলো তাক আকৌ এবাৰ প্ৰমাণ কৰিছে, সাব্যস্ত কৰিছে৷