Logo
image

তৰল নিৰ্বাচনী প্ৰচাৰত চৰ্চাত সেই শুকুৰ আলী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মে’: ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন বা বদৰুদ্দিন আজমল নহয় শুকুৰ আলীহে বিজয়ী হ’ব বুলি উমান পাইছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অলপতে মুখ্যমন্ত্ৰী  ড॰ শৰ্মাই ৰসিকপূৰ্ণভাৱে সাংবাদিকৰ আগত মন্তব্য কৰিছিল যে  ‘চামগুৰিলৈ গ’লেই চামগুৰিৰ ডেকা ল’ৰাবোৰে ধুবুৰীত শুকুৰ আলী জিকিব বুলিহে মোক কয়৷’ মুখ্যমন্ত্ৰীয়ে মহীয়ান কৰা সেই শুকুৰ আলিকে এইবাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সৈতে ৰিজাই তুচ্ছাৰ্থক’ বাক্যবান নিক্ষেপ কৰিলে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে ‘শুকুৰ আলী আৰু মীৰা বৰঠাকুৰৰ মাজত কোনো পাৰ্থক্য নাই৷ শুকুৰ আলীৰ দৰে মীৰা বৰঠাকুৰেও দাবী কৰে জিকিম বুলি, বৰঞ্চ সামাজিক মাধ্যমত মীৰাতকৈ শুকুৰৰ অনুগামীহে বেছি৷’ এনেদৰে তৰল নিৰ্বাচনী প্ৰচাৰত চৰ্চাত আহিল সেই শুকুৰ আলী৷ ইফালে যোৱা নিশা হাজোৰ বৰ্ণিত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণ গগৈক কটাক্ষ কৰি কয়–‘তিনি গগৈয়ে ইজনে সিজনক বাঁহ দি আছে৷ উজনিত ইজনে সিজনক বাঁহ দি এতিয়া তেওঁলোক নামনিলৈ আহিলে৷’