Logo
image

ৰাম মন্দিৰত পুনৰ মোদীৰ পূজা, কাইলৈ অমিত শ্বাহৰ ভাগ্যবন্দী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ মে’: কেবিনেটৰ সতীৰ্থ মন্ত্ৰীগণক নিৰ্বাচনৰ পূৰ্বে ৰাম মন্দিৰ দৰ্শন কৰাত বাধা প্ৰদান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ৰাম মন্দিৰত পুনৰ মোদীৰ পূজা,দ্বিতীয়বাৰৰ বাবে দেওবাৰে ৰাম মন্দিৰত প্ৰৱেশ কৰিলে৷ যোৱা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে নিজ হাতেৰে ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠা কৰিছিল৷ দেশৰ লোকসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে মোদীয়ে পুনৰ দৰ্শন কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ৷ দেওবাৰে সন্ধিয়া সাত বজাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লগত লৈ মোদীয়ে ৰাম মন্দিৰত প্ৰৱেশ কৰে৷ তেওঁ ৰামলালাৰ সন্মুখত প্ৰাৰ্থনা কৰাৰ পাছত অযোধ্যাত এটা বিশাল ৰোড শ্ব’ত ভাগ লয়৷ অহা মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মোদীয়ে ৰাম মন্দিৰত পূজা আগবঢ়োৱা গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে৷ অৱশ্যে ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ বিজেপিয়ে লোকসভা নিৰ্বাচনত যি লহৰ সৃষ্টি হ’ব বুলি আশা কৰিছিল, তেনে হোৱা নাই৷ 

ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি একাধিক হেভীৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দেওবাৰে প্ৰচাৰৰ সামৰণি পৰিছে৷ অহা মঙলবাৰে দেশৰ ১২খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুঠ ৯৫টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব৷ মঙলবাৰে ইভিএমত বন্দী হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, অখিলেশ যাদবৰ পত্নী ডিম্পল যাদব, শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া ছুলেৰ ৰাজনৈতিক ভাগ্য৷ তৃতীয় পৰ্যায়ত অসমত চাৰিটা, বিহাৰত পাঁচটা, ছত্তীশগড়ত সাতটা, দাদৰা নগৰ হাভেলী তথা দমন ডিউত এটাকৈ, গোৱাত দুটা, গুজৰাটত চ্ছটা, কৰ্ণাটকত ১৪ টা, মধ্য প্ৰদেশত ১০ টা, মহাৰাষ্ট˜ত ১১ টা, উত্তৰ প্ৰদেশত ১০ টা আৰু পশ্চিম বংগত পাঁচটা সমষ্টিত ভোটগ্ৰহণ হ’ব৷