Logo
image

ইজৰাইলত নিষিদ্ধ ‘আলজাজিৰা’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ মে’: কমদিনৰ ভিতৰতে বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হোৱা কাতাৰস্থিত আলজাজিৰাক দেওবাৰে ইজৰাইলত নিষিদ্ধ কৰি দিয়া হৈছে৷ দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘোষণা কৰে যে, ইজৰাইলৰ চৰকাৰে সেই দেশত আল জাজিৰা চেনেল বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ গাজা যুদ্ধক লৈ পক্ষপাতিত্বমূলক বাতৰি প্ৰচাৰৰ বাবেই তেওঁৰ চৰকাৰে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা বুলি নেতান্যাহুৱে প্ৰকাশ কৰে৷ চৰকাৰে এই সিদ্ধান্ত লোৱাৰ পাছতে ইজৰাইল আৰক্ষীয়ে জেৰুজালেম হোটেলত থকা আল জাজিৰাৰ ইজৰাইলী কাৰ্যালয়ত ব্যাপক তালাচী চলায়৷ সেই তালাচী দীৰ্ঘ কেইবাঘণ্টা ধৰি অব্যাহত আছে৷ বিশ্বৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে ইজৰাইল চৰকাৰৰ এই কাৰ্যক সংবাদ মাধ্যমৰ স্বাধীনতাত আঘাত বুলি মন্তব্য কৰি নিন্দা কৰিছে৷