Logo
image

বিদ্যুতৰ বিল কমাবলৈ এচি এই বিশেষ ‘মোড’ত ৰাখক

মে-জুন মাহত সাধাৰণতে গৰমৰ প্ৰকোপ দুগুণে বৃদ্ধি পায়৷ কিন্তু এইবাৰ এপ্ৰিল মাহৰ পৰাই উষ্ণতা বৃদ্ধি পাইছে৷ উষ্ণতা বৃদ্ধিৰ লগে লগে  প্ৰায় সংখ্যক মানুহেই বৈদ্যুতিক পাংখাৰ ওচৰ চাপে৷ কিন্তু আপাতত তাতো স্তস্তি নায়৷ এনে পৰিস্থিতিত মানুহে এয়াৰ কণ্ডিশ্যনৰ ওচৰ চাপে৷ ঘণ্টা ঘণ্টা ধৰি এচি ওচৰত সময় কটালে আকৌ হোৰা-হোৰে বাঢ়ে বিদ্যুতৰ বিল৷ এয়াৰ কণ্ডিশ্যনিং মেচিনে এফালে যিমান হিম শীতল বতাহ যোগান ধৰিব সিমানে বিদ্যুতৰ বিল বাঢ়ি যাব৷ বহুতে কম সময়ৰ কাৰণে এচি চলাই ৰাখি পুনৰ বন্ধ কৰি দি বিদ্যুত বিল কমাবলৈ চেষ্টা কৰে৷ কিন্তু গৰমৰ সমস্যাটো সমাধান নহয়৷ 

এই ক্ষেত্ৰত এচি চলোৱাৰ সময়ত কিছু টিপ্‌ছ আৰু কৌশল অৱলম্বন কৰিলে অৱশ্যেই বিদ্যুতৰ হাজাৰ হাজাৰ টকাৰ বিলৰ পৰা ৰেহাই পাব৷ ইয়াৰ বাবে এচি ব্যৱহাৰৰ ক্ষেত্ৰত এচিৰ ‘মোড’ [Mode]ৰ সম্পৰ্কে জ্ঞান থাকিব লাগিব৷ প্ৰকৃততে এচিত বহু ধৰণৰ মোড দিয়া থাকে৷ অধিকসংখ্যক মানুহেই এচিৰ মোডৰ সম্পৰ্কে জ্ঞান নথকাৰ বাবে এচিৰ সঠিকভাৱে মোড ব্যৱহাৰ নকৰে, যাৰ কাৰণে বিদ্যুতৰ বিল হোৰা হোৰে বাঢ়ি যায়৷ 

আজি আমি আপোনাক এচিৰ এটা বিশেষ মোডৰ সম্পৰ্কে জ্ঞাত কৰিম, যি মোডত এচি চলালে বিদ্যুতৰ বিল বহুলাংশে কমে৷ আপুনি যদি বিল কমাব বিচাৰে তেন্তে আপুনি এই বিশেষ মোডটোৰ বিষয়ে জানি লওক৷ সাধাৰণতে এচিত ড্ৰাই মোড, হিট মোড, শ্লিপ মোড, কুল মোড আৰু অটো মোড থাকে৷ এই মোডসমূহ বিভিন্ন অৱস্থা বিশেষে চেট কৰা থাকে৷ আপুনি যদি এচিৰ বিলক লৈ হায়ৰান হৈ পৰিছে তেতিয়া হ’লে আপুনি এচি ‘অটো’ মোডত ৰাখক৷ অটো মোডে তাপমাত্ৰা অনুসৰি স্বসংক্ৰিয়ভাৱে এচিৰ গতি আৰ শীতলতা নিয়ন্ত্ৰণ কৰে৷

এই মোডটো স্পিলট আৰু উইণ্ডো এচি উভয় ক্ষেত্ৰতে পোৱা যায়৷  যেতিয়া ঘৰৰ ভিতৰত বতাহত আদ্ৰৰ্তা থাকে তেতিয়া এচিৰ অটো মোড  ডিহিউমিডিফিকেশ্বন মোডক সক্ৰিয় কৰে৷