Logo
image

মাটি লীজত দি ধনৰ জোৰা মাৰিব কটনে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ মে’ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্ছ শিক্ষা প্ৰতিষ্ঠান কটন কলেজ৷ ছাৰ হেনৰি কটনে ১৯০১ চনত প্ৰতিষ্ঠান কৰিছিল ঐতিহ্যমণ্ডিত কটন কলেজ৷ বয়সৰ লেখেৰে ছকুৰি চাৰিবছৰীয়া কটন কলেজৰ অসমৰ সমাজ জীৱনত সাংঘাতিক গুৰুত্ব আছে৷ যথাযথ পৰিকল্পনা নকৰাকৈ কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ লগে লগেই যেন বেমাৰে গ্ৰাস কৰিলে কটনৰ শৰীৰ৷ ছাত্ৰ সমাজৰ পৰা উত্থাপিত হৈছিল যুক্তিপূৰ্ণ দাব কটন কলেজ কটন কলেজ হৈয়েই থাকক, পৃথকে স্থাপন কৰা হওক কটন বিশ্ববিদ্যালয়৷ কিন্তু আশ্চৰ্যজনকভাৱে কটনৰ ছাত্ৰ সমাজৰ এই যুক্তিপূৰ্ণ দাবী চৰকাৰে মানি নল’লে৷ ইয়াৰ ফল যেন পলে পলে ভুঞ্জিব লগা হৈছে কটন পৰিয়ালে৷ সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত বৰ্তমানৰ কটন [বিশ্ববিদ্যালয়] আৰ্থিক সংকটৰ সন্মুখীন হৈছে নেকি? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উত্থাপিত হৈছে৷ ইয়াৰ কাৰণো আছে৷ কিয়নো কটন কতৃৰ্পক্ষই কটনৰ স্থান [মাটি বা ঘৰ] বহিৰাগত প্ৰতিষ্ঠানক দি তাৰ পৰা ধন ঘটিব বিচাৰিছে৷ অৰ্থাৎ পৰোক্ষ ব্যৱসায়ৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ চিন্তা কৰিছে কটন কতৃৰ্পক্ষই৷ কিন্তু এইখিনি কৰিবলৈ যাওঁতে কটন কতৃৰ্পক্ষই ইমানেই গোপনীয়তা অৱলম্বন কৰিছে যে কটন কতৃৰ্পক্ষৰ উদ্দেশ্য আৰু সততাক লৈ বিভিন্ন মহলত সন্দেহ ঘনীভূত হৈ পৰিছে৷ কোৱা বাহুল্য যে কটন কেৱল মেধাৱী শিক্ষাৰ্থীৰ সমাগমৰ স্থলেই নহয়, কটন অসমীয়া সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য আৰু শিক্ষাৰ বাটকটীয়া৷ কটনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে দেশ-বিদেশৰ প্ৰান্তে প্ৰান্তে গৌৰৱৰ ধবজা বহন কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কটনৰ প্ৰাক্তন ছাত্ৰ৷ যি সময়ত প্ৰাক্তন কটনিয়ান হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দৰে ৰাজ্যৰ সৰ্বোচ্ছ আসনত অধিষ্ঠিত হৈ আছে, তেনে সময়তে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ে ৰাজহ সংগ্ৰহৰ স্বাৰ্থত কটনৰ স্থান [ভূমিযভৱন] লীজত দিবলগীয়া বা বিক্ৰী কৰিবলগীয়া বা ভাৰাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী অনুদান হ্ৰাস পোৱাত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখন আৰ্থিক সংকটৰ গৰাহত পৰিছে৷ পৰিস্থিতি¸ এনে পৰ্যায় পাইছেগৈ যে নিজাববীয়াকৈ ৰাজহ সংগ্ৰহৰ কথা চিন্তা কৰিবলৈ যেন বাধ্য হৈছে কটন কতৃৰ্পক্ষ৷ চৰকাৰে প্ৰয়োজনীয় বিত্তীয় সাহায্য মোকলাই নিদিয়াত আৰ্থিক সংকটত ভোগা কটন বিশ্ববিদ্যালয়ে ৰাজহ সংগ্ৰহৰ স্বাৰ্থত শিক্ষানুষ্ঠানখনৰ স্থান [ভূমিযভৱন] লীজত দিয়া তথা বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আ(ৰ্যজনকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা আৰু কাৰ্যকৰীকৰণৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত কটন কতৃৰ্পক্ষই অস্বাভাৱিক গোপনীয়তা অৱলম্বন কৰিছে৷ শিক্ষক, কৰ্মচাৰী, শিক্ষাৰ্থী, প্ৰাক্তন কটনিয়ান– কাকো একো জনোৱাৰ প্ৰয়োজনবোধ কৰা নাই কটন কতৃৰ্পক্ষই৷ আৰু সেইবাবেই বিভিন্ন মহলৰ সন্দেহ ঘনীভূত হৈছে– আচলতে কটন কতৃৰ্পক্ষই কি কৰিব খুজিছে? কটন বিশ্ববিদ্যালয়ৰ ভূমি লীজত দিব নে বিক্ৰী কৰিব, বা ভৱন ভাৰাত দিব নে বিক্ৰী কৰিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও কটনৰ ভূমিযভৱন যে ৰাজহ সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হ’ব অৰ্থাৎ সেই কামৰ জৰিয়তে কটন কতৃৰ্পক্ষই যে ধনৰ জোৰা মাৰিবলৈ চেষ্টা চলাব, সেয়া স্পষ্ট হৈ পৰিছে৷ বিগত ৮মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ ৩৪সংখ্যক বৈঠকত এইমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কাৰ্যবাহী পৰিষদৰ এই সিদ্ধান্ত ইমান দিনে গোপনে ৰাখিছিল যদিও ১৩ মে’ত জাৰি কৰা এখন জাননীত এই অভিসন্ধি পোহৰলৈ আহে৷ ১৩ মে’ত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই বহিৰাগত ব্যৱসায়ীক কটনৰ স্থান [মাটিযভৱন] আৱণ্টনৰ বিষয়টো চোৱাচিতা কৰিবৰ বাবে এখন ৬জনীয়া কমিটী গঠন কৰি দিয়ে৷ এই কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকাক৷ কমিটীখনৰ আন আন সদস্যসকল হৈছে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰল, ছাত্ৰ কল্যাণ ডীন মনজিৎ কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা আৰু বিশ্ববিদ্যালয়খনৰ মুখ্য সহায়ক ৰাম চন্দ্ৰ দাস৷ এই কমিটীখনে বাহিৰা ব্যৱসায়ীক হস্তান্তৰ কৰিবৰ বাবে স্থান [ভূমিযভৱন] বিচাৰি উলিওৱাৰ উপৰি ইয়াৰ বাবে মাষ্টাৰ প্লেনো যুগুত কৰিব৷ ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এই কমিটীখনক যাৱতীয় অনুমোদন প্ৰদান কৰিছে৷ প্ৰাপ্ত তথ্য মতে, শেহতীয়াকৈ চৰকাৰী অনুদানৰ অভাৱত কটন বিশ্ববিদ্যালয়ৰ অস্থায়ী শিক্ষক-কৰ্মচাৰীক সময়মতে দৰমহা দিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইফালে, ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰিলে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা অধিক৷ সেইসূত্ৰে সকলোকে আন্ধাৰত ৰাখি কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কটনৰ ভূমিযভৱন ব্যৱসায়িক গোষ্ঠীক গতাই দি সেই প্ৰক্ৰিয়াৰে ধনৰ ঘাটি পূৰণ কৰাৰ পৰিকল্পনা ৰচনা কৰা বুলি কটন পৰিয়ালৰ বিভিন্ন মহলে সদৰী কৰিছে৷ এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে কটন চৌহদৰ ভূমি ভাৰতীয় ষ্টেট বেংককে ধৰি বিভিন্ন পক্ষক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কটন বিশ্ববিদ্যালয়ৰ ভিতৰুৱা সূত্ৰই সদৰী কৰিছে৷

গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংগোপনে কিয়? সন্দেহৰ আৱৰ্তত কটন কতৃৰ্পক্ষ

উত্তৰ-পূব ভাৰতৰ উচ্ছ শিক্ষাৰ বাটকটীয়া কটন বিশ্ববিদ্যালয়লৈ পুনৰ নামি আহিছে ভয়াৱহ ভাবুকি৷ কটন বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত আপলোড্‌ হোৱা এখন বিশেষ জাননীয়ে কটনৰ শিক্ষক, কৰ্মচাৰী, শিক্ষাৰ্থী তথা শুভাকাংক্ষীক উদ্বিগ্ন কৰি তুলিছে৷ এই প্ৰসংগক কেন্দ্ৰ কৰি মঙলবাৰে কটন চৌহদত আৰু বৃহত্তৰ কটন পৰিয়ালত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৮ মাৰ্চতেই অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ ৩৪সংখ্যক বৈঠকৰ [EC/২০২৪/৩৪/ ২১] আধাৰত জাৰি কৰা এই জাননীত [নম্বৰ : CU/REGOFF/২০১৭/০১৭/৪৬৮৩-৯০] কটন বিশ্ববিদ্যালয় চৌহদৰ পৰা ৰাজহ সংগ্ৰহৰ নিমিত্তে বহিৰাগত সংস্থাক স্থান আৱণ্টন কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ এখন তদৰ্থ কমিটী গঠন কৰা হৈছে৷ জাননীখনত উল্লেখ কৰা হৈছে যে কটন বিশ্ববিদ্যালয়ৰ পূৰ্বনিৰ্ধাৰিত মাষ্টাৰ প্লেন অনুসৰি এই আৱণ্টন প্ৰক্ৰিয়া পৰিচালিত হ’ব৷ জাননীখনে স্পষ্ট নকৰা বিষয়কেইটা হ’ল– [ক] স্থান শব্দটোৱে কটন বিশ্ববিদ্যালয়ৰ বিশেষ কোনো ভৱনৰ কোনো বিশেষ স্থানক সূচিত কৰিছে, নে কটন বিশ্ববিদ্যালয়ৰ ভূমিক সূচিত কৰিছে? [খ] কটন বিশ্ববিদ্যালয়ৰ এই মাষ্টাৰ প্লেন কি? [গ] কটন বিশ্ববিদ্যালয়ৰ স্থান বা ভূমিৰ এই আৱণ্টন সাময়িক, নে দীৰ্ঘম্যাদী, নে স্থায়ী? [ঘ] কটন বিশ্ববিদ্যালয়ে বিত্তীয় বা কাৰিকৰী কাৰণত আন বহিৰাগত প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হোৱাৰ অৱকাশ আছে যদিও এই কাৰিকৰী কাৰণ বা প্ৰয়োজন কি? [ঙ] ৮ মাৰ্চতেই অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত বিবেচনা কৰিবলৈ তদৰ্থ কমিটী গঠন কৰিবলৈ দুমাহতকৈয়ো অধিক সময়ৰ প্ৰয়োজন হ’ল কিয়?

কটন বিশ্ববিদ্যালয় আইন ২০১৭-ৰ ২ [ঞ] অনুচ্ছেদ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ চৌহদ শব্দটোৱে পাণবজাৰৰ মূল চৌহদকে ধৰি কটন বিশ্ববিদ্যালয়ৰ নামত নিৰ্ধাৰিত বিভিন্ন চৌহদকেই সাঙুৰি লয়৷ যিহেতু জাননীখনে মাষ্টাৰ প্লেন সন্দৰ্ভত কোনো স্পষ্ট ব্যাখ্যা তুলি ধৰা নাই, সেয়েহে এই স্থান-ভূমিৰ আৱণ্টন পাণবজাৰৰ মূল চৌহদতেই সীমাবদ্ধ হোৱাৰ আশংকা প্ৰবল৷ পাণবজাৰৰ মূল চৌহদত শ্ৰেণীকোঠা আৰু ছাত্ৰ-ছাত্ৰীৰ আৱাসৰ অভাৱৰ সমস্যাৰ কথা কটনৰ মজিয়াৰ পৰা দীৰ্ঘদিনে উত্থাপিত হৈ আহিছে৷ তেনেস্থলত যদিহে কোনো বিশেষ ভৱনৰ বিশেষ কোঠা বা মহলা বহিৰাগত প্ৰতিষ্ঠানক আৱণ্টন দিয়া হয়, তেনেহ’লে কটনৰ শ্ৰেণীকোঠাৰ অভাৱৰ সমস্যাক ই আৰু অধিক গুৰুতৰ কৰি তুলিব৷ যদিহে কটনৰ ভূমি আৱণ্টন দিয়া হয়, তেনেহ’লে কটনৰ শৈক্ষিক পৰিৱেশ আৰু ঐতিহ্যৰ প্ৰতি এয়া হ’ব এক মোক্ষম আঘাত৷ কটন বিশ্ববিদ্যালয় আইন ২০১৭-ৰ ৭ [ঢ] অনুচ্ছেদ অনুসৰি কটন বিশ্ববিদ্যালয়ে কটন বিশ্ববিদ্যালয়ৰ নামত সম্পত্তি ক্ৰয় আৰু বেংকৰ একাউণ্ট নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰে৷ আকৌ জ্জ [থ] অনুচ্ছেদ অনুসাৰে কটন বিশ্ববিদ্যালয়ে ৰাজহ সংগ্ৰহৰ বাবে আন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ সৈতে প্ৰযুক্তিৰ আদান-প্ৰদান কৰিব পাৰে৷ এই অনুচ্ছেদেও ৰাজহ সংগ্ৰহৰ বাবে স্থান বা ভূমি আৱণ্টন কৰাৰ নিৰ্দেশনা প্ৰদান কৰা নাই৷ একে আইনৰ ২৮ [১] অনুচ্ছেদত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে বিশ্ববিদ্যালয়ৰ সম্পত্তি আৰু বিত্তীয় কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰে৷ ২৮ [৭] অনুচ্ছেদত কোৱা হৈছে যে এই পৰিষদৰ হাতত বিশ্ববিদ্যালয়ৰ হৈ দান-বৰঙণি গ্ৰহণ আৰু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হস্তান্তৰকৰণৰো ক্ষমতা থাকিব৷ বিবাদিত জাননীখনে এই বিশেষ অনুচ্ছেদটোৰ সুৰুঙাৰেই বহিৰাগত পক্ষৰ ন্যস্তস্বাৰ্থ সুৰক্ষিত কৰিবলৈ অপচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ ঐতিহাসিকভাৱে বিভিন্ন সময়ত বিভিন্ন কাৰণ-অজুহাত প্ৰদৰ্শন কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় অনুষ্ঠান কটনৰ সম্পত্তি অগণতান্ত্ৰিকভাৱে বিভিন্ন পক্ষলৈ হস্তান্তৰ কৰা হৈছে৷ এনে ঐতিহাসিক প্ৰেক্ষাপটত বৰ্তমান জাননীখনে ইতিমধ্যেই সংকুচিত হৈ অহা কটন বিশ্ববিদ্যালয়ৰ পৰিসীমালৈ ব্যাপক ভাবুকিৰ সৃষ্টি কৰা বুলি সচেতন মহল আতংকিত-উদ্বিগ্ন হৈছে৷ কটন বিশ্ববিদ্যালয়ৰ স্থান বা ভূমি বহিৰাগত প্ৰতিষ্ঠানৰ নামত আৱণ্টন কৰাৰ দৰে ইমান এক গভীৰ আৰু স্পৰ্শকাতৰ সিদ্ধান্ত গ্ৰহণৰ বেলিকা কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, কৰ্মচাৰী সমাজ, শিক্ষাৰ্থী সমাজ, প্ৰাক্তন শিক্ষাৰ্থী সংস্থা আদি কোনো এটা পক্ষৰ সৈতে বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ কৰ্ণধাৰসকল কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই– যিটো কটন বিশ্ববিদ্যালয় আইন ২০১৭-ৰ ২৭ আৰু ২৮ নং অনুচ্ছেদৰ একাধিক উপশাখাৰ সিদ্ধান্তৰ বিৰুদ্ধ৷ কাকো একো নোকোৱাকৈ কটন কতৃৰ্পক্ষই কাৰ্যতঃ সংগোপনে গ্ৰহণ কৰা এই সিদ্ধান্তই কটন কতৃৰ্পক্ষৰ ওপৰত স্বাভাৱিকতে সকলোকে সন্দিহান কৰি তুলিছে৷ এই কাৰ্যৰ আঁৰৰ উদ্দেশ্যক লৈও সীমাহীন প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ এই গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে ‘আমাৰ অসম’ক এইদৰে কয়– ‘হঠাতে এই জাননী প্ৰকাশ পোৱাৰ পাছত কটনৰ ছাত্ৰ সমাজ উদ্বিগ্ন আৰু ক্ষুব্ধ হৈছে৷ ছাত্ৰ সমাজক আন্ধাৰত ৰাখি লোৱা এই সিদ্ধান্ত স্বেচ্ছাচাৰী, অগণতান্ত্ৰিক, ন্যস্তস্বাৰ্থজড়িত আৰু কটনবিৰোধী৷ ই কটনৰ সত্তা, শৈক্ষিক পৰিৱেশ আৰু ঐতিহ্যৰ প্ৰতি ভয়াৱহ ভাবুকি৷ কোনো কাৰণতে কটনিয়ানে এই সিদ্ধান্ত মানি নলয়৷ কটন বহিৰাগত প্ৰতিষ্ঠানৰ মুনাফা আদায়ৰ বজাৰ হ’ব নোৱাৰে৷ কটন শিক্ষাৰ বাবে, বেপাৰৰ বাবে নহয়৷’

গৰিমামণ্ডিত কটনৰ গৰিমাক লৈ ব্যৱসায় কৰিছে কতৃৰ্পক্ষই : এছএফআই

গৰিমামণ্ডিত কটন বিশ্ববিদ্যালয়ৰ গৰিমাক লৈ ব্যৱসায় আৰম্ভ কৰিছে কটন কতৃৰ্পক্ষই৷ –এই গুৰুতৰ অভিযোগ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ [এছএফআই]৷ এছএফআইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি হৰ্ষজিত দাস আৰু সম্পাদক সংগীতা দাসে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই অভিযোগ উত্থাপন কৰি এইদৰে উল্লেখ কৰা হয়– ‘বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ৱেৱছাইটত জাৰি কৰা জাননীযোগে এই কথা স্পষ্ট হৈছে যে জ্জ্ব মাৰ্চতেই অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত বহিৰাগত প্ৰতিষ্ঠানৰ বাবে বিশ্ববিদ্যালয়ৰ কেম্পাছ ভাড়ালৈ দি প্ৰয়োজনীয় খৰচ গোটোৱাৰ বিষয়টি চোৱা-চিতা কৰাৰ বাবে এখন কমিটী গঠনৰ সিদ্ধান্ত লৈছিল৷ সোমবাৰে এই সম্পৰ্কত কাৰ্যবাহী পৰিষদে উপাচাৰ্যৰ অনুমোদন মৰ্মে বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপক তথা ডীন অৱ ছ’চিয়েল ৱেলফেয়াৰক সাঙুৰি কমিটীখন গঠন কৰে৷ কটন বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শৈক্ষিক কেন্দ্ৰহে৷ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পৰাই কটন আন্তঃগাঁথনিক সমস্যাৰে জৰ্জৰিত হৈ আছে৷ অতি কম পৰিসৰৰ কেম্পাছটোৰ বিশ্ববিদ্যালয়খনত বিভাগসমূহৰ লাইব্ৰেৰী ৰূম, ক্লাছৰূম, পৰ্যাপ্ত অধ্যাপক, কেন্দ্ৰীয় লাইব্ৰেৰীত পৰ্যাপ্ত সুবিধা ইত্যাদিৰ অভাৱত বিদ্যালয়খনৰ শৈক্ষিক দিশৰ মান নিম্নগামী হৈ পৰিছে৷ শৈক্ষিক গৱেষণাৰ কথাতো বাদেই, স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও বিশ্ববিদ্যালয়খনৰ পৰিৱেশ পৰ্যাপ্ত নহয়৷ এনে অৱস্থাত বিশ্ববিদ্যালয়খনৰ কতৃৰ্পক্ষই যদি কেম্পাছ ভাড়ালৈ দি কৰ গোটোৱা ব্যৱসায় আৰম্ভ কৰে, তেন্তে অসমীৰ কপালৰ ভোটাতৰা হৈ কিমান দিনলৈ কটন জিলিকি থাকিব, সেয়া কল্পনাৰ অগোচৰ৷ ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান নহয়৷ যি সময়ত কটনে নতুন শিক্ষানীতিৰ আধাৰত সমস্যাসমূহ দূৰ কৰি ছাত্ৰসূলভ পৰিৱেশ সৃষ্টি কৰিব লাগিছিল, সেই সময়ত কটন কতৃৰ্পক্ষৰ ব্যৱসায়ৰ পদক্ষেপে সমগ্ৰ ৰাজ্যৰ শৈক্ষিক পৰিৱেশলৈ ভাবুকি মাতি আনিছে৷ কটনৰ কাৰ্যবাহী পৰিষদে প্ৰস্তুত কৰা আঁচনিখন ৰাজহুৱা কৰিবলৈ আৰু দায়িত্বহীন আৰু ব্যৱসায়িক কাৰ্যকলাপৰ পৰা বিৰত থাকি ছাত্ৰৰ হিতৰ বাবে কাম কৰিবলৈ আমি কটন কতৃৰ্পক্ষক আহ৩ান জনালোঁ৷’