Logo
image

ভোটে নাগৰিকক এটা সংখ্যাত পৰিণত কৰে

এজন ভোটাৰৰ ভোটটোৰ শক্তি কিমান? ভোটাৰ ৰাইজে এজন লোকক ৰাজপথৰ পৰা নি ৰাজদৰবাৰত বহুৱাব পাৰে৷ এটা ৰাজনৈতিক দলৰ হাতত ক্ষমতাৰ বাঘজৰী তুলি দিব পাৰে৷ কিন্তু এজন ভোটাৰৰ এটা ভোটৰ শক্তি কিমান? এজন ভোটাৰে ১২৬টা সমষ্টিৰ এটা সমষ্টিত এটা ভোট দিব পাৰে৷ তেওঁ যিটো সমষ্টিত ভোট দিলে, সেই সমষ্টিটোত তেওঁ ভোট দিয়া প্ৰাৰ্থীজন নিৰ্বাচিত নহবও পাৰে৷ গতিকে পৰৱৰ্তী প্ত বছৰ যিসকলে দেশ চলাব সেইসকলৰ এজনো জনৈক ভোটাৰৰ ভোটেৰে নিৰ্বাচিত নহ’ব পাৰে৷ এখন বিধানসভা, এখন চৰকাৰ জনৈক ভোটাৰৰ ভোট অবিহনে নিৰ্বাচিত হ’ব পাৰে৷ গতিকে ক’ব পাৰি নেকি যে এজন ভোটাৰৰ এটা ভোটে বিশেষ তাৎপৰ্য বহন নকৰে? ভোট তাৎপৰ্যপূৰ্ণ হৈ পৰে সংখ্যাৰ জোৰত৷ এটা চুবুৰিৰ, এখন গাঁৱৰ, এটা নৃগোষ্ঠীৰ ভোটে তাৎপৰ্য লাভ কৰে সংখ্যাৰ জোৰত৷ অমুক গাঁওখনত অমুক জনগোষ্ঠী/জাতি/ সম্প্ৰদায়ৰ ইমান শ বা ইমান হাজাৰ ভোট আছে, গতিকে সেই ভোটখিনি লাভ কৰিবলৈ সেই সমষ্টিটোৰ প্ৰাৰ্থীসকলে বিশেষ ‘ৰাজনৈতিক¸’ প্ৰচেষ্টা চলায়৷

এজন বিশেষ ব্যক্তিৰ ভোট যেতিয়া একোট গোটৰ ভোটৰূপে আন বহু ভোটৰ সৈতে থূপ খায়, তেতিয়াহে সেই ভোটটো গুৰুত্বপূৰ্ণ হৈ পৰে৷ বহু কাৰণত বহুধৰণে ভোট থূপ খাব পাৰে৷ এটা ৰাজনৈতিক দলৰ সমৰ্থনত ভোট থূপ খাব পাৰে৷ বিশেষ একোটা জনগোষ্ঠী/জাতি/ সম্প্ৰদায়ৰ মানুহে ‘আমি এইবাৰ অমুকক ভোট দিম’ বুলি সিদ্ধান্ত ল’লে ভোট থূপ খাব পাৰে৷ এনেধৰণে থূপ খোৱা ভোট লাভ কৰিবলৈ সকলো দলৰ সকলো প্ৰাৰ্থীয়ে আনকি নিৰ্দলীয় প্ৰাৰ্থীসকলেও হাবিয়াস কৰে৷ এনেদৰে থূপ খোৱা ভোটৰ অংশীদাৰ হোৱাৰ বাবে ভোটাৰসকলৰো কদৰ বাঢ়ে, কাৰণ তেওঁ এতিয়া মাত্ৰ এটা ভোট নহয়, বহু ভোটৰ থূপৰ এটা অংশ৷

বহু ভোটৰ এটা থূপৰ অংশীদাৰ হোৱাৰ বাবে ভোটৰ মূল্য বাঢ়ে, কিন্তু ব্যক্তিগতভাৱে ভোটাৰজন প্ৰায় অস্তিত্বহীন হৈ পৰে৷ এজন প্ৰাৰ্থী জয়ী হ’বলৈ হ’লে কিবা নহয় কিবাপ্ৰকাৰে থূপ খোৱা ভোট লাভ কৰাটো অপৰিহাৰ্য৷ ধৰি লওক তেনেকৈ থূপ খোৱা ভোটৰ জোৰত এজন প্ৰাৰ্থী ২৫ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ল৷ এজন ভোটাৰে কমকৈ ভোট দিলে তেওঁৰ জয়ৰ ব্যৱধান ২৪,৯৯৯টা হ’ব৷ সেই ভোটাৰজন হৈ পৰিব অস্তিত্বহীন৷ একেদৰে এজন প্ৰাৰ্থী যদি ২৫ হাজৰ ভোটৰ ব্যৱধানত পৰাজিত হয়, তেনেক্ষেত্ৰত আৰু এজন ভোটাৰে তেওঁক ভোট দিলে, তেওঁৰ পৰাজয়ৰ ব্যৱধান হ’ব ২৪,৯৯৯টা৷ তেতিয়াও তেওঁ পৰাজিত হ’ব আৰু সেই ভোটাৰজন অস্তিত্বহীন হৈ পৰিব৷ 

এজন প্ৰাৰ্থী যদি মাত্ৰ এটা ভোটৰ ব্যৱধানত জয়ী হয়, তেতিয়াহে তেওঁক ভোট দিয়াসকলে ক’ব পাৰিব যে ‘মই ভোট নিদিলে এই প্ৰাৰ্থীজন পৰাজিত হ’লহেঁতেন’৷ কিন্তু তেওঁক ভোট দিয়া প্ৰতিজন ভোটাৰে সেই দাবী কৰিব পাৰিব তেতিয়াও যেতিয়া তেওঁ হৈ থাকিব বহু সংখ্যাৰ মাজৰ এটা সংখ্যা৷

থিয়ৰী বা তত্ত্ব মতে ভোট এজন নাগৰিকৰ স্বাধীন চিন্তাৰ, স্বাধীন সিদ্ধান্ত গ্ৰহণৰ পৰিচায়ক; তেওঁৰ সুবিবেচনাৰে কৰা বাছনিৰ পৰিচায়ক৷ কিন্তু বাস্তৱ ক্ষেত্ৰত ভোট ঠিক তেনেকুৱা বুলি কোনেও বিশ্বাস নকৰে৷ আচলতে ভোট নিৰ্বাচনী বতৰত বহু কাৰণত থূপ খোৱা মানুহৰ গোট, যিসকল সংখ্যাত পৰিণত হয়৷ 

এনেদৰ থূপৰ এজন হৈ সংখ্যাত পৰিণত হ’বলৈ অস্বীকাৰ কৰা নাগৰিক কিছু আছে৷ তেওঁলোকেই হয়তো একমাত্ৰ নাগৰিক যিসকলে ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰ পঢ়ে৷ এইসকলৰ ভোট পাবলৈ কোনো ৰাজনৈতিক দলে, কোনো প্ৰাৰ্থীয়ে বেছি ‘মাথা নামাৰে’, কাৰণ এওঁলোকক মান্তি কৰাবলৈ যোৱা মানে বাটৰ কচু গাত ঘঁহি লোৱা৷ এওঁলোকে আটাইতকৈ বেছিকৈ NOTA বুটামত ভোট দিয়ে, অৰ্থাৎ কাকো ভোট নিদিয়ে৷ এওঁলোক আটাইতকৈ সচেতন নাগৰিক, তেওঁলোকে আটাইতকৈ অধিক বিচাৰ-বিবেচনাৰে ভোট দিয়ে৷ কিন্তু সংখ্যাত পৰিণত নোহোৱাৰ বাবে তেওঁলোকৰ ভোটৰ একো তাৎপৰ্য বা গুৰুত্ব নাথাকে৷ তেওঁলোক থকা সত্ত্বেও, তেওঁলোকে নিবিচৰাধৰণেই নিৰ্বাচন অনুষ্ঠিত হয়৷ 

ভোট এটা সংখ্যা৷ কিন্তু সেই সংখ্যাই একোজন নাগৰিকৰ মতক, চিন্তাক, সিদ্ধান্তক, বাছনিক প্ৰতিনিধিত্ব কৰিব লাগে৷ আজি কোনোবা নাগৰিকে প্ৰত্যয়েৰে এই কথা দাবী কৰিব পাৰেনে যে নিৰ্বাচনত তেওঁৰ ভোটটোৱে তেওঁৰ মত, চিন্তা, সিদ্ধান্ত আৰু বাছনিক দাঙি ধৰে আৰু সেইবোৰক বিধানসভাৰ মজিয়ালৈ কঢ়িয়াই নিয়ে, য’ত সেই মত, চিন্তা, সিদ্ধান্তৰ আধাৰত দেশ চলোৱাৰ বিধিবোৰ প্ৰণয়ন হয়?