অসমৰ পৰা দিল্লী পালেগৈ ‘আজমল’, ‘বাংলাদেশী’ৰ ৰাজনীতি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জানুৱাৰীঃ দিল্লী বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা সপ্তাহো নাই৷ অহা ৫ ফেব্ৰুৱাৰীত হ’ব দিল্লীৰ বিধানসভাৰ নিৰ্বাচন, ৪ ফেব্ৰুৱাৰীত ঘোষিত হ’ব ফলাফল৷ ইয়াৰ মাজতে বাংলাদেশী, ৰোহিংগ্যা আৰু আজমলক লৈ তোলপাৰ হৈছে দিল্লীৰ ৰাজনীতি৷ এফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তথা আম আদমি পাৰ্টীক অবৈধ বাংলাদেশী, ৰোহিংগ্যাৰ ৰক্ষক আখ্যা দি তেওঁলোকক পুলিয়ে পোখাই উভলাৰ সংকল্প ব্যক্ত কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে দিল্লীৰ মুছলমান ভোটাৰক কেজৰিৱাল তথা আপৰ পক্ষত ভোটদানৰ বাবে আহ্বান জনাইছে৷ এই সন্দৰ্ভত তেওঁ এক ভিডিঅ’ বাৰ্তাও জাৰি কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে টেলিকাষ্ট কৰা এই ভিডিঅ’ বাৰ্তাত আজমলে এনেদৰে মন্তব্য কৰিছে– ‘দেশত এতিয়া অৱস্থা ভাল নহয়৷ ছেকুলাৰ আৰু সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ যে ভোটৰ যাতে বিভাজন নকৰে৷ প্ৰতিটো ভোট অৰবিন্দ কেজৰিৱালৰ পক্ষত দিয়ক, তেওঁক পুনৰ মুখ্যমন্ত্ৰী পাতক৷’ আজমলৰ এই বাৰ্তাৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু দ্বিৱেদীয়ে কয়– ‘কেজৰিৱালৰ প্ৰতি আজমলৰ এই সমৰ্থনৰ পৰা পৰ্দাৰ পিছৰ বহু খেল পৰ্দাৰ আগলৈ আহিল৷ অবৈধ বাংলাদেশীৰ ভোটেৰে কেজৰিৱালে আজমলৰ সহায়ত নিৰ্বাচন জিকাৰ সপোন দেখিছে৷ ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সুমুৱাইছে৷ উল্লেখ্য, দেওবাৰে দিল্লীত এক ভোটৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ পৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগ্যা খেদাৰ হুংকাৰ দিছিল৷ দিল্লীৰ নাৰেলাত এক নিৰ্বাচনী সভাত অমিত শ্বাহে এনেদৰে কৈছিল– ‘যদিহে এইবাৰ বিজেপি দিল্লীত শাসনলৈ আহে তেন্তে ৰাজধানী চহৰখন অবৈধ বাংলাদেশী আৰু ৰোহিংগ্যাৰ পৰা মুক্ত কৰিব৷’ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টীক অবৈধ আমদানীৱালী পাৰ্টী আখ্যা দি অমিত শ্বাহে কৈছিল যে ভোটৰ লালসাত কেজৰিৱালে দিল্লীত অবৈধ বাংলদেশী আৰু ৰোহিংগ্যাক আশ্ৰয় দিছে৷ এইসকলক আশ্ৰয় দিয়াৰ বাবে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে৷ কাৰ্যতঃ অবৈধ বাংলাদেশী আৰু ৰোহিংগ্যাৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে আপ৷ সমগ্ৰ দিল্লীবাসীয়েই আজি কৃত্ৰিম বানৰ সমস্যাৰে জৰ্জৰিত৷ আনফালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ স্কুলৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই৷ দিল্লীত নাই পৰ্যাপ্ত স্বাস্থ্যসেৱা সুবিধা, হাস্পতাল৷ দিল্লীত অতদিনে আপৰ অপশাসন চলিল৷ এতিয়া আপক চিৰদিনৰ বাবে বিদায় দিয়াৰ সময়৷ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত বৃহৎ দুৰ্নীতি সংঘটিত হ’ল৷
ভোট পাবৰ বাবে কেজৰিৱাল আৰু আম আদমি পাৰ্টীয়ে সৰ্বত্ৰ মিছা কথা বিয়পাইছে৷ শ্বাহে লগতে কয় যে বিজেপি শাসনলৈ আহিলে দিল্লীক বিশ্বৰ ভিতৰতে নাম্বাৰ ওৱান ৰাজধানী হিচাপে গঢ়ি তুলিব৷ সমগ্ৰ দেশৰ জনসাধাৰণেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা প্ৰকাশ কৰিছে৷ তেওঁক একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাইছে৷ কেৱল মোদীয়েহে যি কয় তাক আখৰে আখৰে ৰূপায়ণ কৰে৷এবাৰ দিল্লীবাসীয়েও তেওঁৰ ওপৰত আস্থা ৰাখক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াই স্কুল, মন্দিৰ আৰু গুৰুদ্বাৰৰ সমীপতো মদৰ দোকান খোলাৰ অনুমতি দিলে৷ সৰ্বত্ৰ মদৰ পোহাৰ মেলি আপে দিল্লীৰ যুৱপ্ৰজন্মক পংগু কৰিছে৷ সুৰাৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিলে৷ কিন্তু পৰিশেষত বৰা মিঞা (কেজৰিৱাল) আৰু ছোটা মিঞা (ছিছ’দিয়া) দুয়ো জে’ললৈ যাবলগীয়া হ’ল৷ আপৰ নেতাসকলে কেৱল সুৰাৰেই কেলেংকাৰি কৰা নাই, দিল্লী জল ব’ৰ্ড, ৰেচন বিতৰণ, ডিটিচি বাচ ক্ৰয় আৰু স্কুলৰ ক্লাছৰূম নিৰ্মাণৰ নামটো কেলেংকাৰি সংঘটিত কৰিছে৷ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ আৱাসত ৫০ লাখ টকীয়া কাৰ্পেট আৰু ১৫ কোটি টকীয়া পানীৰ ব্যৱস্থা তথা ১০ লাখ টকীয়া ৰিক্লাইনাৰ ছোফা ৰখা বুলি শ্বাহে নিৰ্বাচনী সভাত কটাক্ষ কৰে৷ ইফালে, অমিত শ্বাহৰ এই হুংকাৰৰ মাজতে মৌলানা বদৰুদ্দিন আজমলে দিল্লীৰ মুছলমান ভোটাৰক আপৰ পক্ষত ভোটদানৰ বাবে পুনৰ আহ্বান জনালে৷ এক কথাত ক’বলৈ গ’লে অসমৰ পৰা গৈ দিল্লী পালেগৈ বাংলাদেশীৰ ৰাজনীতি৷