Logo
image

বিপজ্জনক ! ভাঙি পেলোৱা হ’ব ছয়মাইলৰ ফ্লাইঅভাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জানুৱাৰীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰ এতিয়া যেন ফ্লাইঅভাৰ চিটী হিচাপে চিহ্নিত হৈছে৷ সুচল যাতায়াতৰ লক্ষ্যৰে উত্তৰ-পূৰ্বৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে এখনৰ পাছত আন এখন উৰণ সেতু ৷ বৰ্তমান ডাউন-টাউন আৰু আমবাৰী-নুনমাটি দুখন উৰণ সেতুৰ নিৰ্মাণ কাৰ্য অব্যাহত থকাৰ মাজতে কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা  মহানগৰীৰ জি এছ ৰোডৰ ছয়মাইল উৰণ সেতুখন এতিয়া ভাঙি পেলোৱাৰ পৰিকল্পনা কৰিছে। লোক নিৰ্মাণ বিভাগে ৷  উদ্বোধনৰ মাত্ৰ ১৫ বছৰৰ ব্যৱধানতে প্ৰায় ৭০-৮০ কোটি টকা পানীত পেলাই ছয়মাইল উৰণ সেতুখন সম্পূৰ্ণ ৰূপে ভাঙি পেলাই ৰাজকোষৰ ধনেৰে নতুনকৈ এখন উৰণ সেতু নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছে ৷ মাত্ৰ ১৫ বছৰতে যাতায়াতৰ বাবে বিপজ্জনক হৈ পৰা ফ্লাইঅভাৰখনৰ বৰ্তমান মেৰামতি কাম অব্যাহত আছে যদিও যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ আশংকা ব্যক্ত কৰি লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই উৰণ সেতুখনৰ মেৰামতি সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিছে ৷ অভিযন্তাৰ এই প্ৰতিবেদন লাভ কৰাৰ পাছতেই লোক নিৰ্মাণ বিভাগে এতিয়া উৰণ সেতুখন ভাঙি নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে ৷ উল্লেখ্য, ছয়মাইল উৰণ সেতুখনৰ বিগত ২০২১ চনৰ পৰা মেৰামতি অব্যাহত আছে ৷  উৰণ সেতুখনৰ কেইবাটাও খুঁটা তললৈ বহি যোৱাত যান-বাহনৰ বোজা বহন কৰিব নোৱৰা হৈ পৰে ৷ যাৰ ফলত লোক নিৰ্মাণ বিভাগে ধুবুৰীৰ বিজেপি বিধায়কৰ ভাতৃ বিনোদ সিংহীৰ মালিকানাধীন গৌতম  কনষ্ট্ৰাকচন মেৰামতিৰ বাবদ প্ৰায় ১০ কোটি টকাও আদায় দিছে ৷  বিগত বৰ্ষ কেইটাত ৪-৫  বাৰকৈ মেৰামতি কৰাৰ পাছতো উৰণ সেতুখন যাতায়াতৰ বাবে সুচল হৈ নুঠিল৷ বৰ্তমান উৰণ সেতুখনৰ এটা ফালে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷  কিন্তু নিৰ্মাণত কাৰিকৰী আসোঁৱাহৰ বাবেই উৰণ সেতুখন এতিয়া ভাঙি পেলোৱাৰ পৰিকল্পনা কৰিছে লোক নিৰ্মাণ বিভাগে ৷ 

উল্লেখ্য, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০৫ চনত ছয়মাইল উৰণ সেতু আৰু ভঙাগড় উৰণ সেতুৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷  দুয়োখন উৰণ সেতু নিৰ্মাণৰ বাবে ঠিকা প্ৰদান কৰিছিল ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ  লিমিটেড নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক ৷  সেই সময়ত ছয়মাইল উৰণ সেতুৰ নিৰ্মাণ ব্যয় ৫০  কোটি টকা আৰু ভঙাগড় উৰণ সেতুৰ নিৰ্মাণ ব্যয়  ৪০ কোটি টকা ধাৰ্য কৰি ২০০৭ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিছিল ৷  কিন্তু ২০০৯ চনতহে ছয়মাইল উৰণ সেতুখন মুকলি কৰা হৈছিল।  সেই সময়ত দুয়োখন উৰণ সেতুৰ নিৰ্মাণ ব্যয় ৯০ কোটি টকাৰ পৰা ১১৪ কোটি টকালৈ বৃদ্ধি কৰিছিল৷ কিন্তু ২০২১ চনৰ পৰাই ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা উৰণ সেতুখনক  এতিয়া বিপজ্জনক হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছে লোক নিৰ্মাণ বিভাগে ৷ দীৰ্ঘদিন মেৰামতিৰ নামত উৰণ সেতুখনেৰে যাতায়াত বন্ধ ৰাখি অৱশেষত ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লোক নিৰ্মাণ বিভাগে৷ বিভাগীয় শীৰ্ষ সূত্ৰটোকে সদৰী কৰা অনুসৰি বৰ্তমান মেৰামতিৰ দায়িত্বত থকা বিজেপি নেতাৰ মালিকানাধীন নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনে ছয় মাইল ফ্লাই অভাৰৰ পুনৰ নিৰ্মাণৰ ঠিকা দিয়াৰ বাবে  চিন্তা চৰ্চা কৰিছে৷ কিন্তু কাৰিকৰীগত আসোঁৱাহৰ বাবে নিৰ্মাণৰ ১৫ বছৰতে ছয়মাইল উৰণ সেঁতু ভাঙি পেলাবলগীয়া হ’লে, পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠান ছিমপ্লেক্স ৰাজ্য চৰকাৰে জবাবদিহি কৰিব নে নাই, সেয়া সময়েহে ক’ব৷