Logo
image

ইডিৰ কামাখ্যা অভিযানত কেঁচু খান্দোতে ওলাব পাৰে সাপ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ শক্তিপীঠ মা কামাখ্যাৰে আশিস ল’বলৈ দেশ-বিদেশৰ পৰা আহে লাখ লাখ ভক্ত৷ মা কামাখ্যাৰ আশীৰ্বাদ লৈ কৃপা লাভ কৰি আহিছে ভক্তই৷ দেশৰ অন্যতম জাগ্ৰত শক্তি পীঠ হিচাপে পৰিচিত নিলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা দেৱালয়ত ভক্ত-দৰ্শনাৰ্থীয়ে আগবঢ়োৱা দান-অনুদানো হস্তগত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ  তদানীন্তন একাংশ বিষয়ববীয়াই ৷ কামাখ্যা দেৱালয়ৰ ৭.৬২  কোটি টকীয়া বিত্তীয় কেলেংকাৰিৰ  গোচৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলোৱা ঘটনাক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০০৩ চনৰ পৰা ২০১৯ চনলৈ সংঘটিত এই বিয়াগোম বিত্তীয় কেলেংকাৰিৰ কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে৷ উল্লেখ্য, কামাখ্যা মন্দিৰটো নিয়ম অনুসৰি দলৈ সমাজ তথা বৰদেউৰী সমাজে পৰিচালনা কৰিব লাগে। যদিও ১৯৯৮ চনৰ পৰা ২০১৫ চনলৈ অসাংবিধানিক ভাৱে দেৱোত্তৰ ব’ৰ্ডে পৰিচালনা কৰি আহিছিল৷ সেই সুযোগ লৈ মন্দিৰৰ বাবে ভক্তই দিয়া দান-অনুদানৰ ধন আত্মসাৎ কৰিছিল দেৱোত্তৰ  ব’ৰ্ডৰ একাংশ বিষয়ববীয়াই৷  দেৱোত্তৰ ব’ৰ্ডৰ সদস্য ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বতে ধন আত্মসাৎ কৰিছিল৷ এই দুষ্কাৰ্যৰ সহায় কৰিছিল ব’ৰ্ডৰ বিষয়ববীয়া প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাই৷ লক্ষণীয়ভাৱে অবৈধভাৱে দেবোত্তৰ ব’ৰ্ডে কামাখ্যা মন্দিৰ পৰিচালনা কৰাৰ সন্দৰ্ভত কামাখ্যাৰ বৰদেউৰী সমাজে প্ৰথমে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ ৰুজু কৰিছিল৷  পৰৱৰ্তী সময়ত এই গোচৰটো পাইছিলগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৫ চনত কামাখ্যা মন্দিৰৰ পৰিচালনাৰ দায়িত্ব বৰদেউৰী সমাজক গতাই দিয়াৰ বাবে নিৰ্দেশ দিছিল৷ আনকি দায়িত্ব হস্তান্তৰৰ সময়ত দেৱোত্তৰ ব’ৰ্ডক পূৰ্বৰ সকলো হিচাপ-নিকাচ দাখিল কৰাৰো নিৰ্দেশ দিছিল৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত দেৱোত্তৰ ব’ৰ্ডে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ ফলত গোচৰটোৰ বিচাৰাধীন হৈ থকাৰ সময়ত মন্দিৰৰ সকলো কৰ্তৃত্ব কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ হস্তান্তৰ কৰা হৈছিল৷ অৱশ্যে উচ্চতম ন্যায়ালয়েও শেষত কামাখ্যাৰ পৰিচালনাৰ দায়িত্ব বৰদেউৰী সমাজক প্ৰদান কৰিছিল৷ ইফালে দেবোত্তৰ ব’ৰ্ডে সংঘটিত কৰা কেলেংকাৰিক লৈ বৰদেউৰীৰ সমাজে চি আই ডিত গোচৰ ৰুজু কৰিছিল৷ চি আই ডিৰ তদন্তত ৭.৬২ কোটি টকা অনিয়ম পোহৰলৈ অহাত অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন ২০০২ ৰ অধীনত শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল৷


সেই সূত্ৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে বুধবাৰে দেৱোত্তৰ ব’ৰ্ডৰ তদানীন্তন সদস্য ৰিজু প্ৰসাদ শৰ্মা আৰু দুই প্ৰয়াত বিষয়ববীয়া ক্ৰমে ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ গুৱাহাটীস্থ বাসগৃহত তালাচী চলাই ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে অভিযুক্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত থকা ২৭  টা বেংক একাউণ্ট তথা¸ সা-সম্পত্তিৰ নথি-পত্ৰও জব্দ কৰিছিল৷ ইফালে কামাখ্যা দেৱালয়ৰ বিত্তীয় কেলেংকাৰিৰ গোচৰত ইডিয়ে অভিযান চলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কামাখ্যা বৰদেউৰী সমাজৰ সভাপতি ভোলা শৰ্মাই  সংবাদ মাধ্যমৰ কয়– ‘দেৱোত্তৰ ব’ৰ্ডে  ১৯৯৮  চনৰ পৰা  ২০১৫  চন পৰ্যন্ত অবৈধভাৱে মন্দিৰ পৰিচালনা কৰিছিল৷ ন্যায়ালয়ে বৰদেউৰী সমাজক দায়িত্ব চমজাই দিয়াৰ সময়ত মন্দিৰৰ আয়-ব্যয়ৰ হিচাপ দাখিল কৰিবলৈ দেৱোত্তৰ ব’ৰ্ডক নিৰ্দেশ দিছিল যদিও তেওঁলোকে কোনো হিচাপ দিব পৰা নাছিল৷ দেৱোত্তৰ ব’ৰ্ড বুলি কোনো নাছিল, কেৱল ৮-১০ জন মুষ্টিমেয় ব্যক্তিৰ এখন কমিটী আছিল৷ ২০০৩ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল যদিও অনুষ্ঠিত কৰা নাছিল৷ গোচৰটোত যিসমূহ সম্পত্তি নথিভুক্ত কৰা হৈছিল, সেইসমূহ মন্দিৰে ঘূৰাই পাব৷ আমি বিত্তীয় কেলেংকাৰিৰ দোষীয়ে উচিত শাস্তি পোৱাটো বিচাৰোঁ৷  ইফালে কামাখ্যা দেৱালয়ৰ দলৈ কবীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘দেৱোত্তৰ ব’ৰ্ডৰ বিষয়বীয়াসকলে বলপূৰ্বকভাৱে কামাখ্যাৰ পৰিচালনাত সোমাই পৰিছিল৷ যাৰ বাবে বৰদেউৰী সমাজে ন্যায়ালয়ত দ্বাৰস্থ হ’বলগীয়া হৈছিল৷ তেওঁলোকে হিচাপ-নিকাচ দাখিল কৰিব নোৱৰাৰ বাবেই কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বৰদেউৰী সমাজে আইনী ব্যৱস্থা ল’বলগীয়া হৈছিল৷’ অৱশ্যে, কামাখ্যা দেৱালয়ৰ নিৰ্মাণ, সৌন্দৰ্যবৰ্ধন, চাফাইৰ নামত ৭.৬২ কোটি টকা আত্মসাতৰ অভিযোগ উঠিলেও এই ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে৷