Logo
image

অসহ্যকৰ গৰমঃ গুৱাহাটীত পাৰাস্তম্ভই স্পৰ্শ কৰিলে ৪০ ডিগ্ৰী চেলছিয়াছ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ  প্ৰতিবেদক, ২৪ মে': দেশৰ কেইবাখনো ৰাজ্যত চলি থকা গ্ৰীষ্মপ্ৰবাহৰ প্ৰভাৱ অসমতো পৰিছে। দুই এখন ৰাজ্যক বাদ দি সমগ্ৰ দেশতে বিগত কিছুদিন ধৰি উৎকট গ্ৰীষ্মপ্ৰবাহ চলি আছে। জেঠ মাহৰ মাত্ৰ দহটা দিন পাৰ হোৱাৰ সময়তে গৰমে দহিছে ৰাজ্য। আনকি তেজপুৰ, নগাঁও, ডিফুকে ধৰি ৰাজ্যৰ বহু ঠাইত গৰমৰ প্ৰকোপত জনজীৱন অসহনীয় হৈ পৰিছে। অৱশ্যে ইয়াৰ মাজতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বংগোপ সাগৰত শুকুৰবাৰে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনা আৰু নিম্নচাপৰ প্ৰভাৱত অহা ২৬ মে'ৰ পৰাহে উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷ 

একে সময়তে কিছু কিছু অঞ্চলত গাজনি, ঢেৰেকনি, ধুমুহাৰ সৈতে বজ্ৰপাতৰো সম্ভাৱনা আছে। অৰ্থাৎ আকাশ ডাৱৰীয়া হৈ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাৱস্থান কৰাৰ বাহিৰে গত্যন্তৰ নাই। উল্লেখ্য যে জেঠ মাহ আৰম্ভ হোৱাৰ পাছৰে পৰা বৰষুণৰ পৰিমাণ কমি যোৱাৰ বিপৰীতে ৰ'দৰ প্ৰকোপ বৃদ্ধি পোৱাত ৰাজ্যত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে।  

প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰি কৰা অনুসৰি মতে সাধাৰণতে মে' মাহৰ এই সময়ত  অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব লাগে। কিন্তু বিগত প্ৰায় পাঁচদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত  তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ উদ্বেগজনকভাৱে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৬ৰ পৰা প্ৰায়  ৮  ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে।  

আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমাত্ৰা আছিল ৰাজধানী দিছপুৰত। দিছপুৰত দুপৰীয়াৰ ভাগত পাৰাস্তম্ভই স্পৰ্শ কৰে ৪০ ডিগ্ৰী চেলছিয়াছ। যিটো স্বাভাৱিকতকৈ ৭.৫ ডিগ্ৰী চেলছিয়াছ অধিক আছিল। তাৰ পাছত আনকি শিলচৰ চহৰত স্বাভাৱিকতকৈ ৭.৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.৪ ডিগ্ৰী চেলছিয়াছ। তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাৱিকতকৈ ২ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে৷ পৰিৱেশবিদ সকলে প্ৰকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে বুলি সদৰি কৰিছে। 

আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনেধৰণৰ - ডিব্ৰুগড়ত স্বাভাৱিকতকৈ ৬.৭ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৬.৮ ডিগ্রী চেলছিয়াছ, যোৰহাটত স্বাভাৱিকতকৈ ৬.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৬.৮ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত স্বাভাৱিকতকৈ ৭.৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৭.৬ ডিগ্ৰী চেলছিয়াছ আছিল। ধুবুৰীত স্বভাৱিকতকৈ ৭.৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৭.৮ ডিগ্ৰী চেলছিয়াছ আছিল। 

আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৬ মে'ৰ পাছত অসমৰ বেছিভাগ ঠাইতে বৰষুণ আহিব বুলি দাবী কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দাবী কৰা অনুসৰি বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা হ্ৰাস পাব। অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাৱস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখ্য যে যোৱা ২০ মে'ৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ গ্ৰীষ্মপ্ৰবাহ। শুকুৰবাৰ পৰ্যন্ত বিগত পাঁচদিন ধৰি প্ৰতিদিনে তাপমাত্ৰা বৃদ্ধি পাই আহিছে। আনহাতে ৰাজধানী দিছপুৰত শুকুৰবাৰৰ ৪০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাই আছিল উত্তৰ পূবৰ সৰ্বাধিক তাপমাত্ৰা। একে সময়তে ৰাজস্থানৰ কেতবোৰ অঞ্চলৰ তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে।