Logo
image

পেৰুত সোণ বুটলিলে ডিব্ৰুগড়ৰ বেদব্ৰতই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল আন এটা ডাঙৰ সফলতা৷ পেৰুৰ লিমাত অনুষ্ঠিত বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰি বিৰল কৃতিত্বৰ অধিকাৰী হ’ল  ডিব্ৰুগড়ৰ ১৭ বছৰীয়া বেদব্ৰত ভৰালী৷ বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰা বেদব্ৰত হৈছে প্ৰথমজন ভাৰতীয় [পুৰুষ] ভাৰোত্তোলক৷ প্ৰতিযোগিতাখনত ৭৩ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি শ্নেটছত ১৬০ কিলোগ্ৰাম ওজন উঠাই তেওঁ নিজৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰে৷ বেদব্ৰতই ২০ মে’ত পাটিয়ালাত অনুষ্ঠিত ছিলেকশ্বন ট্ৰায়েলত ১৩৩ কিলোগ্ৰাম উত্তোলন কৰি ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িছিল৷ শ্নেটছত ১৬০ কিলোগ্ৰাম ওজন উঠোৱাৰ পাছত বেদব্ৰতই ক্লীন এণ্ড জাৰ্কত উত্তোলন কৰিছিল ১৬০ কিলোগ্ৰাম [মুঠ ২৯৬ কিলোগ্ৰাম]৷ মুঠ ২৮৪ কিলোগ্ৰাম উত্তোলেনেৰ যুক্তৰাষ্ট্ৰৰ ৰায়ান মেকডনাল্ডে ৰূপ আৰু ইউক্ৰেইনৰ শ্বেৰহি কোটেলেভস্কিয়ে [মুঠতে ২৮৩ কিলোগ্ৰাম] ব্ৰঞ্জৰ পদক লাভ কৰে৷ উল্লেখ্য, বিশ্ব চেম্পিয়নশ্বিপত এয়া হৈছে বেদব্ৰতৰ দ্বিতীয়টো পদক৷ যোৱা বছৰ আলবানিয়াৰ ডুৰেছত অনুষ্ঠিত বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৬৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি বেদবতই মুঠতে ২৬৭ কিলোগ্ৰাম ওজন উঠাই  পাইছিল ব্ৰঞ্জৰ পদক৷  আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেশ্বনৰ ৱেবছাইটৰ তথ্য অনুসৰি আলবেনিয়াৰ টুৰ্নামেণ্টৰ ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰা আৰ্মেনিয়াৰ ছেৰ’ঝা বাৰ্ছেগিয়ানে এইবাৰ আঘাত পোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা সম্পূৰ্ণ কৰিব নোৱাৰিলে৷

যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলনত আত্মপ্ৰকাশ কৰা বেদবতই বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ পদক জয় কৰাটো ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে৷ ইয়াৰ পূৰ্বে বিশ্ব যুব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০১৬ চনত৷ সেইবাৰ ভাৰতৰ জেৰেমী লালৰিননুংগা আৰু মুথুপাণ্ডি ৰাজাই ৫৬ কিলোগ্ৰাম শাখাত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ বেদব্ৰতৰ এই সফলতাৰ পাছত টুৰ্নামেণ্টত ভাৰতৰ স্বৰ্ণপদকৰ সংখ্যা দুটালৈ বৃদ্ধি পাইছে৷ মহিলাৰ ৪০ কিলোগ্ৰাম শাখাৰ ক্লীন এণ্ড জাৰ্কত নতুন ৰেকৰ্ডেৰে স্বৰ্ণপদক জয় কৰিছে প্ৰীতিস্মিতা ভয়ে৷