Logo
image

ভাৰতীয় দলৰ সৈতে অনুশীলন আৰম্ভ হাৰ্দিকৰ

নতুন দিল্লী, ৩০ মে’ : আই পি এলৰ পৰা মুম্বাই ইণ্ডিয়াছৰ বিদায়ৰ পাছত খবৰ নাছিল দলটোৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ৷ ভাৰতীয় দলৰ সৈতে একেলগে তেওঁ আমেৰিকালৈয়ো যোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ হাৰ্দিকে আমেৰিকাত ভাৰতীয় টি-টুৱেণ্টী দলৰ সৈতে যোগ দিছে৷ সতীৰ্থৰ সৈতে আৰম্ভ কৰিছে অনুশীলন৷ ছ’চিয়েল মিডিয়াত ভাৰতীয় দলৰ সহঃঅধিনায়কজনে অনুশীলনৰ ফটো শ্বেয়াৰ কৰিছে৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হতাশজনক প্ৰদৰ্শনৰ পাছত বিভিন্ন পক্ষৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল হাৰ্দিক৷ আই পি এলত অভিযান সামৰাৰ পাছত খেলুৱৈজন জিৰণিত৷ তেওঁ লণ্ডনত আছিল বুলি সংবাদ মাধ্যম যোগে জনা গৈছিল৷ ইয়াৰ মাজতেই চৰ্চিত হয় পত্নী নাতাশাৰ সৈতে হাৰ্দিকৰ বিচ্ছেদৰ খবৰ৷ সেই বিষয়ে এতিয়াও অৱশ্যে কোনেও মুখ খোলা নাই৷ হাৰ্দিকে বিশ্বকাপত খেলাক লৈ অনিশ্চয়তাৰো সৃষ্টি হৈছিল৷ কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই টি-টুৱেণ্টী বিশ্বকাপৰ দলত যোগ দিছে খেলুৱৈজনে৷ এক্স হেণ্ডেলত হাৰ্দিকে চাৰিখন ফটো শ্বেয়াৰ কৰিছে৷ তাত তেওঁৰ নিজৰ দুখন ফটো আছে৷ এখনত শুভমন গীল, শিৱম ডুবে আদিৰ  সৈতে তেওঁক দৌৰত অংশ লোৱা দেখা গৈছে৷ আন এখনত তেওঁ দলীয় আলোচনাত থিয় হৈ আছে৷