Logo
image

আগন্তুক পাঁচদিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩০ মে': ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰায় এটা সপ্তাহ পূৰ্বে বংগোপ সাগৰত নিম্নচাপৰ বাবে সৃষ্ট ৰিমাল নামৰ সামুদ্ৰিক ধুমুহাই বাংলাদেশ আৰু পশ্চিমবংগত ধ্বংসলীলা চলোৱাৰ লগতে তাৰ প্ৰভাৱ অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত পৰিব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছিল। অৱশেষত সেই সতৰ্কতা অনুসৰি ২৮ মে' সন্ধিয়াপৰ্যন্ত অসমসহ উত্তৰ পূবৰ সকলো ৰাজ্যকে কম-বেছি পৰিমাণে ধুমুহা-বৰষুণে জোকাৰি যায়। 

বিগত প্ৰায় চাৰিদিন ধৰি অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত ঠাইবিশেষে গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে মাজে সময়ে মজলীয়াৰ পৰা ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈছে। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি সম্প্ৰতি বিধ্বংসী ধুমুহাৰ আশংকা নোহোৱা হ'লেও পুনৰ আগন্তুক প্ৰায় পাঁচদিন ধৰি বতৰ প্ৰায় অপৰিৱৰ্তনীয় হৈ থাকিব বুলি বৃহস্পতিবাৰে সন্ধিয়া বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ চেণ্টিমিটাৰ বা ৬৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হলে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ অহা বুলি কোৱা হয়। 


সেই অনুসৰি বৃহস্পতিবাৰৰ দিনটোত অসমৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষুণ হৈছে বৰাক উপত্যকাৰ সকলো অঞ্চলতে। তাৰ ভিতৰত ৰাতাচেৰাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৮  চেণ্টিমিটাৰ। তাৰ বাহিৰে বৰাক উপত্যকাৰ বেচিভাগ স্থানতে ৯ চেণ্টিমিটাৰৰ পৰা ১২ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। আনহাতে ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৩ চেণ্টিমিটাৰ। তেনেদৰে  উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক ৬৬ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে মেঘালয়ৰ মৌচিনৰামত। তাৰ বাহিৰে মেঘালয়ৰ বেছিভাগ ঠাইতে ৭ৰ পৰা ৩৫ চেণ্টিমিটাৰ পৰিমাণ পৰ্যন্ত বৰষুণ হৈছে। 

ইফালে বৰষুণকে ধৰি ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা  নিম্নগামী হোৱাত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে। মাত্ৰ চাৰিদিন আগলৈকে অসমৰ বেচিভাগ অঞ্চলৰে তাপমাত্ৰা স্বাভাৱিকতকৈ ৫ৰ পৰা ৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ওপৰত থকা বাবে ৰাইজে তীব্ৰ গৰমৰ সৈতে সহাবস্থান কৰিবলগীয়া হৈছিল। কিন্তু ৰিমালৰ প্ৰভাৱত বেচিভাগ অঞ্চলৰে তাপমাত্ৰা স্বাভাৱিকতকৈ ১ৰ পৰা ৫ ডিগ্ৰী পৰ্যন্ত কমি আছে বিগত চাৰিদিন ধৰি । যাৰ বাবে ৰাইজে গেলা গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে।  

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ- গুৱাহাটী ৩০.৫ ডিগ্ৰী চেলছিয়াছ , ডিব্ৰুগড় ২৬.৮ ডিগ্ৰী চেলছিয়াছ , তেজপুৰত ২৮.০ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ২৬.২ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ২৮.৮ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰ ২৬.৮  ডিগ্রী চেলছিয়াছ। 

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক পাঁচদিনত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু ঠাইবিশেষ গাজনি-ঢেৰেকনিৰ সৈতে ধুমুহা-বৰষুণ হ'ব বুলি সতর্কতা জাৰি কৰিছে। ইফালে কেন্দ্ৰীয় জল আয়োগৰ গুৱাহাটীত থকা কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি বিধ্বংসী সামুদ্ৰিক ধুমুহা ৰিমালৰ প্ৰভাৱত অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে বিগত চাৰিদিন ধৰি কম-বেছি পৰিমাণে বৰষুণ হৈ থকা বাবে ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে।  

আনকি মেঘালয়ৰ পৰা ডিমা হাছাও জিলাৰ মাজেৰে নগাঁৱলৈ বৈ অহা কপিলী নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বৃহস্পতিবাৰ সন্ধিয়া কপিলী নৈৰ জলস্তৰে বিপদসীমা ৬০.৫০ মিটাৰ অতিক্ৰম কৰি ৬১.৭৬ মিটাৰ ওপৰেৰে বৈ আছে। যাৰ বাবে কপিলী নদীয়ে বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। একে পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাক উপত্যকাৰ কেইবাখনো গাঁৱত। আগন্তুক ২৪ ঘণ্টাত কপিলী নৈৰ জলস্তৰ আৰু বৃদ্ধি পাব বুলি কেন্দ্ৰীয় জল আয়োগে সদৰি কৰিছে। তেনেদৰে বিগত ২৪ ঘণ্টাত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰো জলস্তৰ বৃদ্ধি পাইছে। বৃহস্পতিবাৰ সন্ধিয়াপৰ্যন্ত ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ নদীয়ে সতৰ্কতামূলক মাত্ৰা অতিক্ৰম কৰি বিপদ সীমাৰ অলপ তলৰে বৈ আছে। আনহাতে ভূটান, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পৰা বৈ অহা সকলো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় জল আয়োগে সদৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে ৰাজ্যৰ দ অঞ্চলসমূহ প্ৰথমটো বানৰ কবলত পৰাটো নিশ্চিত।