Logo
image

প্ৰচাৰ সমাপ্ত, কাইলৈ শেষ ভোট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মে’: বিগত আঢ়ৈটা মাহে সমগ্ৰ দেশতে আকাশ-বতাহ মুখৰিত কৰি ৰখা ধামখুমীয়া নিৰ্বাচনী প্ৰচাৰৰ অৱশেষত অন্ত পৰিল৷ বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ লগে লগে সামৰণি পৰে অন্তিম পৰ্যায়ৰো প্ৰচাৰ৷ শনিবাৰে আঠ ৰাজ্যৰ ৫৭টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব অন্তিম ভোটগ্ৰহণ৷ ইতিমধ্যে সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ অন্তিম পৰ্যায়ত পঞ্জাৱ আৰু উত্তৰপ্ৰদেশৰ ১৩ টাকৈ সমষ্টিৰ লগতে পশ্চিমবংগৰ ৯টা সমষ্টি, বিহাৰৰ ৮টা সমষ্টি, ওড়িশাৰ ৬টা সমষ্টি, হিমাচল প্ৰদেশৰ ৪টা সমষ্টি, ঝাৰখণ্ডৰ ৩টা সমষ্টি আৰু চণ্ডীগড়ৰ এটা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ আনহাতে দেশৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’বলগীয়া কেইগৰাকীমান উল্লেখযোগ্য প্ৰাৰ্থী হ’ল– উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিহাৰৰ পাটনা চাহিবত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদ, হিমাচল প্ৰদেশৰ হামিৰপুৰত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, মাণ্ডিত অভিনেত্ৰী কংগনা ৰাণাৱাট, পঞ্জাৱৰ খাদুৰ চাহিবত ডিব্ৰুগড় কাৰাগাৰত বন্দী খালিস্তানী নেতা অমৃতপাল সিং, পঞ্জাৱৰ আনন্দপুৰ চাহিবত কংগ্ৰেছ নেতা মনিষ তিৱাৰী, পশ্চিমবংগৰ ডায়মণ্ড হাৰবাৰত তৃণমূল কংগ্ৰেছৰ নেতা অভিশেখ বেনাৰ্জী, বিহাৰৰ বক্সাৰত প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ আদি৷

ইপিনে শেষ পৰ্যায়ত ভোট হ’বলগীয়া মুঠ ৫৭টা সমষ্টিৰ ভিতৰত বৰ্তমান ২৮টা সমষ্টি আছে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এৰ দখলত৷ তাৰ ভিতৰত বিজেপিৰ দখলত ২৫টা সমষ্টি আৰু জনতা দল [ইউনাইটেড]ৰ দখলত আছে ৯টা সমষ্টি৷ তদুপৰি বিৰোধী মহাজোঁট ‘ইণ্ডিয়া’ৰ দখলত বৰ্তমান আছে ১৯টা সমষ্টি৷ তাৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ দখলত ৯টা সমষ্টি, কংগ্ৰেছৰ দখলত ৮টা সমষ্টি, আপৰ দখলত এটা সমষ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ দখলত আছে এটা সমষ্টি৷ বাকী ১০টা সমষ্টি  সমষ্টি আছে অন্যান্য দলসমূহৰ দখলত৷ তাৰ ভিতৰত বিজু জনতা দলৰ দখলত চ্ছ্ৰটা সমষ্টি, বহুজন সমাজবাদী পাৰ্টীৰ দখলত দুটা সমষ্টি, অপনা দলৰ দখলত দুটা সমষ্টি আৰু শিৰোমণি আকালী দলৰ দখলত দুটা সমষ্টি আছে৷

আনহাতে বিভিন্ন ৰাজ্যসমূহৰ ভিতৰত বিহাৰৰ মুঠ ৮টা সমষ্টিৰ পাঁচটা বিজেপিৰ, ৩টা জনতা দল [ইউনাইটেড]ৰ দখলত, হিমাচল প্ৰদেশৰ মুঠ ৪টা সমষ্টিৰ আটাইকেইটা বিজেপিৰ দখলতষ, ওড়িশাৰ মুঠ  ৬টা সমষ্টিৰ দুটা বিজেপিৰ, চাৰিটা বিজু জনতা দলৰ দখলত, ঝাৰখণ্ডৰ মুঠ ৩টা সমষ্টিৰ ২টা বিজেপিৰ, এটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ দখলত, চণ্ডীগড়ৰ এটা সমষ্টি  বিজেপিৰ দখলত, পঞ্জাৱৰ মুঠ ১৩টা সমষ্টিৰ ৯টা কংগ্ৰেছ, ২টা বিজেপি, দুটা শিৰোমণি আকালী দল আৰু এটা সমষ্টি আপৰ দখলত৷ উত্তৰ প্ৰদেশৰ মুঠ ১৩টা সমষ্টিৰ ৮টা বিজেপি, দুটা বহুজন সমাজপাৰ্টী, দুটা সমষ্টি অপনা দলৰ দখলত আৰু পশ্চিমবংগৰ মুঠ জ্ঝটা সমষ্টিৰ আটাইকেইটা তৃণমূল কংগ্ৰেছৰ দখলত বৰ্তমান আছে৷

উল্লেখযোগ্য যে ইতিমধ্যে দেশৰ বাকী ৪৮৬ টা সমষ্টিত বিগত ৬টা পৰ্যায়ত সম্পন্ন হৈছে ভোটগ্ৰহণ৷ ইয়াৰ পিছতে এইবাৰ দিল্লীৰ মছনদ দখলৰ দাবীত পূৰ্বৰ দৰেই অটল হৈ আছে শাসক-বিৰোধী দলসমূহ৷ ইয়াৰ মাজতে অন্তিম পৰ্যায়ৰ ৫৭টা সমষ্টিক লৈ শাসক বিৰোধী দলসমূহে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছিল৷ বিশেষকৈ পশ্চিমবংগ, ওড়িশা আদি ৰাজ্যসমূহত অন্তিম পৰ্যায়ত আসন বৃদ্ধিৰ বাবে বিজেপিয়ে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়৷ লগতে বিহাৰ, উত্তৰপ্ৰদেশ, হিমাচল প্ৰদেশ আদি ৰাজ্যত যাতে কোনো কাৰণতে আসনৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস নাপায় তাৰ বাবে শাসক দলটোৱে বিশেষ দৃষ্টি ৰখা পৰিলক্ষিত হৈছিল৷ ইয়াৰ বিপৰীতে বিহাৰ, উত্তৰপ্ৰদেশ, ঝাৰখণ্ড, পঞ্জাৱ আদি ৰাজ্যত বৰ্তমান বিজেপিৰ দখলত থকা আসনসমূহত এইবাৰ ব্যাপক প্ৰচাৰ চলাইছিল কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মহাজোঁটে৷ বিহাৰত আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আৰু উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ নেতৃত্বত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ একেদৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক জে’ললৈ প্ৰেৰণৰ পিছত ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেণক সন্মুখত লৈ প্ৰচাৰ চলাইছিল বিৰোধীয়ে৷ জে’লৰ পৰা ওলাই পঞ্জাৱত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে৷ লক্ষণীয়ভাৱে অন্তিম পৰ্যায়ৰ নিৰ্বাচনত পশ্চিমবংগ, উত্তৰপ্ৰদেশত মাৰাথান প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ দেশত ৬টাকৈ পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত অন্তিম পৰ্যায়ৰ ৫৭টা সমষ্টি শাসক-বিৰোধীৰ বাবে হৈ পৰিছে বিশেষ গুৰুত্বপূৰ্ণ৷