Logo
image

মোদীৰ ধ্যানভংগ কৰাৰ চেষ্টা মমতাৰ

নতুন দিল্লী, ৩১ মে’ : নিৰ্বাচনী প্ৰচাৰ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ধ্যান ভংগ কৰিবলৈ ওলাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে৷ ইয়াৰ বাবে নিৰ্বাচনী আয়োগৰ দ্বাৰস্থ হৈছে মমতাই৷ মমতা মতে, নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাছত ধ্যানত বহাটো মোদীৰ ‘প্ৰচাৰ কৌশল’ আৰু ইয়াৰ জৰিয়তে তেওঁ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে৷ যাৰ বাবে মোদীৰ ধ্যানসূচীত হস্তক্ষেপ বিচাৰি আয়োগলৈ পত্ৰ লিখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ সামৰি মৌন ব্ৰত আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেই অনুসৰি তেওঁ আজিৰে পৰা কন্যাকুমাৰীত ধ্যান আৰম্ভ কৰিছে৷ ২০১৪ চনতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সামৰি মোদীয়ে ধ্যানত বহিছিল ৰাজস্থানৰ  প্ৰতাপগড়ত৷ একেদৰে ২০১৯তো শেষ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সামৰি তেওঁ ধ্যানত বহে৷ সেইবাৰ মোদীয়ে কেদাৰনাথৰ গুহাত ধ্যানত বহিছিল৷ এইবাৰ তেওঁৰ ধ্যান হ’ব  ৪৮ ঘণ্টীয়া৷ কন্যাকুমাৰীৰ সমতলৰ পৰা ৫০০ ফুট উচ্ছতাৰ বিবেকানন্দ ৰক নামৰ এটা বিশেষ শিলাখণ্ডৰ ওপৰত মোদীৰ ধ্যান আৰম্ভ হৈছে৷ ইয়াৰ বাবে ইতিমধ্যে তামিলনাডুৰ কন্যাকুমাৰীত বিশেষ আয়োজন কৰা হৈছে৷ গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা বেষ্টনী৷ তাৰ বাবে মোতায়েন কৰা হৈছে তিনি হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী৷ বুধবাৰৰ পৰা  কন্যাকুমাৰীত পৰ্যটকৰ অহা যোৱা বন্ধ কৰি দিয়া হৈছে৷ নিৰাপত্তাৰক্ষীৰ উপৰিও মোদীৰ সুৰক্ষাৰ বাবে বিবেকানন্দ ৰকৰ উপৰি কন্যাকুমাৰীৰ বিশাল এলেকাত মোতায়েন কৰা হৈছে কেন্দ্ৰীয় চোৰাংচোৱাৰ লগতে নৌসেনা বাহিনী৷ 

উল্লেখ্য যে কন্যাকুমাৰীত আহি মিলিত হৈছে বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰ৷ ইয়াতেই সংযোগ ঘটিছে ভাৰতৰ পূব আৰু পশ্চিম উপকূলৰ৷ কন্যাকুমাৰীৰ মূল ভূ-খণ্ড পাৰ হ’লেই কিছু আঁতৰত আছে বিবেকানন্দ ৰক৷ এই শিলাখণ্ডৰ ওপৰতেই আছে কন্যাকুমাৰী মন্দিৰ৷ সমুদ্ৰৰ চৌদিশৰ পৰা অহা বিশাল ঢৌ ইয়াতেই খুন্দা মাৰে৷ এটা সময়ত এইটো শিলাখণ্ডৰ ওপৰতেই স্বামী বিবেকানন্দই ধ্যানত মগ্ন হৈছিল৷ এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ সামৰি সেই শিলাখণ্ডটোকেই প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যানৰ বাবে নিৰ্বাচন কৰে৷ 

ইপিনে প্ৰধানমন্ত্ৰীৰ এই ধ্যানসূচীৰ বিৰুদ্ধে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে আপত্তি দৰ্শোৱা আৰম্ভ কৰিছে৷ কংগ্ৰেছে আনকি মোদীৰ ধ্যানকাৰ্যত নিৰ্বাচনী আয়োগৰ হস্তক্ষেপ দাবী কৰিছে৷ একেদৰে তামিলনাডুৰ শাসকীয় দল ডিএমকেও মোদীৰ ধ্যানত আপত্তি জনাইছে৷ ডিএমকেৰ তৰফৰ পৰা কন্যাকুমাৰীৰ জিলা প্ৰশাসনক চিঠি লিখি মোদীক যাতে ধ্যানৰ বাবে অনুমতি দিয়া নহয়, তাৰ বাবে অনুৰোধ জনাইছে৷ একেদৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে মোদীৰ ধ্যানত কটাক্ষ কৰা আৰম্ভ কৰিছে৷ মমতাই কয়– মোদীয়ে ধ্যানত বহিছে বহক, কিন্তু লগত কেমেৰা কিয়? একেদৰে ৰাহুল গান্ধীয়েও মোদীৰ ধ্যানসূচীক তীব্ৰ সমালোচনা কৰিছে৷  উল্লেখ্য যে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ সামৰি মোদীয়ে ধ্যানত বহিছিল৷ সেই দুয়োবাৰ মোদী ধ্যানত বহা বিভিন্ন ভিডিঅ’ তথা আলোকচিত্ৰ সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰে৷ সামাজিক মাধ্যমসমূহতো মোদীৰ ধ্যানৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ভাইৰেল হৈ পৰে৷ ইয়াৰ প্ৰভাৱ পৰে ভোট গ্ৰহণত৷ বিৰোধী দল আৰু ৰাজনৈতিক পৰ্যৱেক্ষকসকলৰ মতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোদীয়ে ধ্যানৰ জৰিয়তে দলৰ প্ৰচাৰৰ সুবিধা আদায় কৰি আহিছে৷ যাৰ বাবে এইবাৰ কংগ্ৰেছ তথা বিৰোধী দলসমূহে মোদীৰ ধ্যানসূচীৰ বিৰোধিতা কৰি নিৰ্বাচনী আয়োগৰ হস্তক্ষেপ বিচাৰিছে৷ 

প্ৰশ্ন হয় এইবাৰ কিয় মোদীয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰকক ধ্যানৰ বাবে বাছি ল’লে৷ উল্লেখ্য যে  চেন্নাইৰ মাইলাপুৰত শ্ৰীৰামকৃষ্ণ মঠৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰ আৰু দলৰ দৰ্শন স্বামী বিবেকানন্দৰ দ্বাৰা অনুপ্ৰাণিত বুলি দাবী কৰিছে৷ মোদীয়ে কয়– অচলায়তনৰ বিৰুদ্ধে আঘাত আৰু সমতা নিশ্চিত কৰি  সমাজ আগবাঢ়ে৷ আজিৰ চৰকাৰেও সেই দৃষ্টিভংগীৰে আগবাঢ়িছে৷ ইয়াৰ পূৰ্বে মৌলিক সুযোগ-সুবিধাক বিশেষ  সুবিধাৰ দৰে বিবেচনা কৰা হৈছে৷ বহু লোক উন্নয়নৰ পৰা বঞ্চিত হৈছিল৷ কিছুমান নিৰ্বাচিত লোক বা গোষ্ঠী সুবিধা ভোগ কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়াৰ চৰকাৰে  সকলোৰে বাবে উন্নয়নৰ দুৱাৰ খুলি দিছে৷ স্বামী বিবেকানন্দৰ আদৰ্শৰে চৰকাৰে সকলোকে সমতাৰ দৃষ্টিৰে চাই আহিছে৷ যাৰ বাবে বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ কন্যাকুমাৰীত এইবাৰ ধ্যানত বহে বুলি  এটা সূত্ৰই দাবী কৰিছে৷