Logo
image

এইবাৰ ৰাষ্ট্ৰপতি ভৱনত শপত নলয় মোদীয়ে!

নতুন দিল্লী, ৩১ মে’ : লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়াও হ’বলৈ বাকী৷ ফলাফল ওলাবলৈও কেইবাটাও দিন আছে৷ কিন্তু ইয়াৰ মাজতে তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰাৰ পৰিকল্পনা চূড়ান্ত কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ আনকি শপতগ্ৰহণৰ দিন-বাৰো একপ্ৰকাৰ চূড়ান্ত কৰিছে মোদীয়ে৷ এটা সূত্ৰই প্ৰকাশ কৰা মতে, এইবাৰ শাসনলৈ আহিলে মোদীয়ে শপত গ্ৰহণৰ ৰীতি-নীতিৰো সাল-সলনি কৰিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মোদীয়ে প্ৰধানমন্ত্ৰীৰূপে ৰাষ্ট্ৰপতি ভৱনত দুবাৰ শপত গ্ৰহণ কৰিছিল৷ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলেও ৰাষ্ট্ৰপতি ভৱনতে সংবিধান আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰিছিল৷ কিন্তু এইবাৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব মুক্ত আকাশৰ তলত৷ ইয়াৰ বাবে ইণ্ডিয়া গেটৰ সমীপৰ কৰ্তব্য পথক নিৰ্বাচন কৰি লোৱা হৈছে৷ সকলো ঠিক-ঠাকে চলিলে অহা ৯ জুনত মোদীয়ে শপতগ্ৰহণ কৰিব৷ ইয়াৰ পূৰ্বে ২০১৪ চনৰ ২৬ মে’ত মোদীয়ে প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল৷ সেইবাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল ১৬ মে’ত৷ ২০১৯ চনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হয় ২৩ মে’ত৷ মোদীয়ে শপত লয় ৩০ মে’ত৷ এইবাৰ নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা হ’ব৷ আৰু শাসনলৈ আহিলে ইয়াৰ পাঁচ দিনৰ পাছতে ‘শুভ দিন’ ৯ জুনত মোদীয়ে শপতগ্ৰহণ কৰিব বুলি দিন-বাৰ চূড়ান্ত কৰিছে৷ 

এটা সূত্ৰৰ মতে মোদীয়ে তৃতীয়বাৰৰ বাবে শাসনলৈ আহিব বুলি প্ৰায় এমাহ পূৰ্বৰে পৰা নিশ্চিত হৈছে৷ অৰ্থাৎ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাছৰে পৰা বিজেপি দলটো পুনৰ শাসনলৈ আহিব বুলি মোদীৰ আত্মবিশ্বাস গঢ়ি উঠিছে৷ কিন্তু প্ৰশ্ন হয়, যদি ফলাফল বিপৰীত হয়? গেৰুৱা দলটোৰ মতে, ফলাফল বিপৰীত হোৱাৰ প্ৰশ্নই নাহে৷ এইবাৰ ‘৪০০ পাৰ’ শ্ল'গানেৰে বিজেপি দলটো নিৰ্বাচনী যুঁজত নামিছে৷ আশা কৰা মতে ৪০০ পাৰ নহ’লেও বিজেপি পুনৰ ক্ষমতালৈ আহিব বুলি দলটো এশ শতাংশই নিশ্চিত হৈ আছে৷ যাৰ বাবে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ বাকী থাকিলেও বা ফলাফল ঘোষণা নহ’লেও আগতীয়াকৈ মোদীয়ে শপত গ্ৰহণৰ দিন-বাৰ আৰু স্থান চূড়ান্ত কৰি ৰাখিছে৷