Logo
image

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ মৃতৰ সংখ্যা ১২ লৈ বৃদ্ধি

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১ জুনঃ  ৰিমাল নামৰ সাগৰীয় ধুমুহাৰ বাবে এইবেলি উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো বিভিন্ন প্ৰান্তত মে' মাহৰ শেষৰ তিনি-চাৰিদিন ধৰি স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱাত বৰাক উপত্যকাৰ  বেছিভাগ অঞ্চল, ডিমা হাছাও জিলা, কাৰ্বি আংলং জিলা, ভূটান সীমান্তৰ জিলা কেইখনত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে।

ৰাজ্যত প্ৰথমটো বানতে এই পৰ্যন্ত ৯ খন জিলাৰ ২১ টা ৰাজহ চক্ৰৰ ১৩০ খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। শনিবাৰ সন্ধিয়াপৰ্যন্ত শিশু, মহিলাকে ধৰি মুঠ ১২ জন লোকৰ বানৰ কবলত পৰি মৃত্যু হৈছে। বানৰ কবলত পৰি ঠাই বিশেষে শিশু, মহিলা, বৃদ্ধসহ কেইবাজনো লোক উটি যোৱাৰ খবৰ আহিছে। ইয়াৰে কিছু সংখ্যকক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও হাইলাকান্দিত শনিবাৰে এজন বৃদ্ধ উটি যোৱা বুলি জানিব পৰা গৈছে। 


ইফালে কেন্দ্ৰীয় জল আয়োগৰ গুৱাহাটীত থকা কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি কেইবাদিনো ধৰি অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে বিগত চাৰিদিন ধৰি কম-বেছি পৰিমাণে বৰষুণ হৈ থকা বাবে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ  সকলো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে। আনকি মেঘালয়ৰ পৰা ডিমা হাছাও জিলাৰ মাজেৰে নগাঁও জিলালৈ বৈ অহা কপিলী নৈৰ পানী  বৃহস্পতিবাৰৰ পৰা বিপদ সীমাৰ ওপৰেৰে বৈ আছে। শনিবাৰে সন্ধিয়া কপিলী নৈৰ জলস্তৰ কামপুৰ আৰু ধৰমতুলত বিপদসীমাৰ ওপৰেৰে বৈ আছে। শনিবাৰে সন্ধিয়া কামপুৰত কপিলী নৈৰ জলস্তৰৰ পৰিমাণ আছিল ৬১.৮৬ মিটাৰ (বিপদসীমা ৬০.৫০ মিটাৰ)। ধৰমতুলত কপিলী নৈৰ জলস্তৰৰ পৰিমাণ আছিল ৫৬.১২ মিটাৰ (বিপদসীমা ৫৬.০০ মিটাৰ)। সন্ধিয়া অৰুণাচল প্ৰদেশৰ পৰা নামি অহা জীয়া ভৰলী নৈয়েও শোণিতপুৰ জিলাত বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৰাক উপত্যকাৰ আটাইকেইখন নৈৰ পানী উফন্দি থকাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। 

কেন্দ্ৰীয় জল আয়োগে আগন্তক সময়ত পুনৰ বৰষুণ হ'লে বান পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিব বুলি আশংকা ব্যক্ত কৰিছে।  তেনেদৰে বিগত ২৪ ঘণ্টাত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰো জলস্তৰ বৃদ্ধি পাইছে। যাৰ বাবে পুনৰ বৰষুণ হ'লে ৰাজ্যখনৰ বহু অঞ্চল বানপানীৰ কৱলত পৰাৰ আশংকা আছে। আনকি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তক চাৰি-পাঁচদিনত উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হ'ব বুলি আশংকা ব্যক্ত কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা বাস্তৱত পৰিণত হ'লে বান পৰিস্থিতি আৰু অধিক অৱনতি হোৱাটো নিশ্চিত।