Logo
image

ছানি দেউলৰ বিৰুদ্ধে কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ

‘গদৰ-২’ এখন সফল বলীউডৰ ছবি হিচাপে দৰ্শকে বিপুলভাৱে আদৰিছিল৷ ছানি দেউল আৰু আমিশা পেটেলৰ যুটীয়ে ছবিগৃহত জোৱাৰ আনিবলৈ সক্ষম হৈছিল৷ ছবিখনে বক্স অফিচত চমক সৃষ্টি কৰিছিল আৰু অভিলেখসংখ্যক ধন উপাৰ্জন কৰিছিল৷ পৰ্দাৰ হিৰো ছানি দেউলৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ তুলিছে প্ৰযোজক সৌৰভ গুপ্তাই৷ অভিনেতাজনৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলিছে ছানডন এণ্টাৰটেনমেণ্ট প্ৰাঃলিঃৰ প্ৰযোজকজনে৷ সৌৰভ গুপ্তাই প্ৰতাৰণ, জালিয়াতিৰ অভিযোগ আনিছে ছানিৰ বিৰুদ্ধে৷ সৌৰভ গুপ্তাৰ দাবী ২০১৬ চনত তেওঁ ছানি দেউলৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰে৷ চুক্তিমতে ৪কোটি টকা পাৰিশ্ৰমিকৰ বিনিময়ত ছানিয়ে এখন ছবিত অভিনয় কৰিব৷ চুক্তিমতে ১ কোটি টকা আগধন হিচাপে ছানিয়ে কাম আৰম্ভ নকৰিলে অভিনেতাজনে৷ পৰৱৰ্তী সময়ত ২.৫৫ কোটি টকা আগধন হিচাপে দিয়া হয় যদিও ছবিৰ কাম আগ নাবাঢ়িল৷ প্ৰযোজকে ২০২৩ বৰ্ষত ৪ কোটিৰ ছানিৰ পাৰিশ্ৰমিক ৮ কোটি টকালৈ বৃদ্ধি কৰে৷ প্ৰযোজক গুপ্তাই ইতিমধ্যে ছানিৰ বিৰুদ্ধে জালিয়াতী-প্ৰতাৰণাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে৷ তদুপৰি ছানিৰ বাবে ১৯৯৯ চনত ‘জানোৱাৰ’, ২০০৩ চনত ‘আন্দাজ’ৰ দৰে ছবিত পৰিচালক সুনীল দৰ্শনে৷ এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বুলি অভিযোগ উঠিছে৷