Logo
image

ড্ৰাগ্‌ছ আসক্তি নে ৰাজনীতিৰ চিকাৰ!

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ সুশান্তৰ মৃত্যুৰ পিছতে বলীউডৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ প্ৰসংগত ইটোৰ পাছত সিটো তথ্য পোহৰলৈ আহিছে৷ কেঁচু খান্দোতে সাপহে ওলাইছে৷ বলীউডৰ সপোনৰ জগতখনৰ বহু পানী ঘোলা হৈছে৷ কেইবাগৰাকীও জনপ্ৰিয় তাৰকা সাঙুৰ খাই পৰিছে ড্ৰাগছৰ বিশাল সাম্ৰাজ্যৰ সৈতে৷ ড্ৰাগছ নেক্সাছৰ বিষয়ে ন ন তথ্য ফাদিল হোৱা সময়তে এন চি বিয়ে বহুকেইগৰাকী অভিনেত্ৰীক সোধ-পোছৰ বাবে চমন জাৰি কৰিছে৷ ৰিয়া, ছাৰা, ৰাকুল প্ৰীত সিং, শ্ৰদ্ধা কাপুৰৰ পাছত ড্ৰাগছৰ লগত নতুনকৈ নাম সাঙোৰ খাইছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাড়ুকন৷ সেইদৰে নাম উত্থাপন হৈছে বলীউডৰ ‘পাৰ্টীবয়’ খ্যাত কৰণ জোহৰ৷ নাক’টিক্স কণ্ট্ৰল ব্যুৰয়ে দীপিকা মেনেজাৰ কৰিশ্মা প্ৰকাশ আৰু ৰাকুল প্ৰীত সিঙক দীৰ্ঘ সময় জেৰা কৰে৷ দীপিকাৰ সৈতে মেনেজাৰ কৰিশ্মাৰ হোৱাইটএপৰ কথোপকথন শেহতীয়াকৈ চৰ্চিত হৈছে৷ ২০১৭ চনৰ ২৮ অক্টোবৰৰ কথোপকথন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

দীপিকাঃ তোমাৰ ওচৰত মাল আছে নেকি?

কৰিশ্মাঃ আছে, কিন্তু মই বৰ্তমান ঘৰত আছো৷ যদি আপোনাক লাগে মই অমিতক ক’ব পাৰো৷ অমিতৰ ওচৰত মাল থাকে৷

দীপিকাঃ Hash নহয় জানো? গাঞ্জা নহয়...

ইফালে, বলীউডৰ জনপ্ৰিয় প্ৰযোজক-পৰিচালক ‘পাৰ্টীবয়’ খ্যাত কৰণ জোহৰে দীৰ্ঘদিন ধৰি মায়াপুৰীত ড্ৰাগ পাৰ্টী আয়োজন কৰি দীপিকাকে ধৰি তাৰকাসকলক আমন্ত্ৰণ কৰি এক সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ এন চি বিৰ শেন দৃষ্টি পাৰ্টীবয়জনলৈও৷