Logo
image

আমেৰিকাত আজি ভাৰত-পাক হাই ভলটেজ মেচ

নিউয়ৰ্ক, ৯ জুনঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাশিত জয়েৰে টুৱেণ্টী২০ বিশ্বকাপত অভিযান কৰিলেও ভাৰতীয় ক্ৰিকেট দলৰ প্ৰকৃত পৰীক্ষা হ’ব চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া খেলখনতহে৷ আমেৰিকাৰ হাতত প্ৰথম খেলত পৰাস্ত হৈছে বাবৰ  আজমৰ দলটো৷ তথাপি দলটোক সহজভাৱে ল’ব নোৱাৰি৷ সেইবাবে প্ৰস্তুতিত কোনো ধৰণৰ খুঁট  ৰাখিব বিচৰা নাই অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলিয়ে৷ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ো ব্যস্ত হাই ভেল্টজ খেলখনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাত৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম খেলত ৰান পোৱা নাছিল কোহলিয়ে৷ তেনেদৰে ব্যৰ্থ হৈছিল সূৰ্যকুমাৰ যাদৱো৷ সেয়েহে কাইলৈৰ খেলখনত এই দুজন ক্ৰিকেটাৰৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ শ্বাহিন শ্বাহ আফ্ৰিদী, মহম্মদ আমীৰ, হেৰিছ ৰৌফ আৰু নাছিম  শ্বাহৰ উপস্থিতিত পাকিস্তানৰ পেচ আক্ৰমণক সকলো দলেই সমীহ কৰে৷ সেয়েহে এই বলাৰকেইজনৰ সন্মুখত সতৰ্ক হ’ব লাগিব ভাৰতীয় বেটাৰ৷ সেইবাবেই স্থানীয় নাছাউ কাউণ্টী ষ্টেডিয়ামত দীৰ্ঘ সময় অনুশীলন কৰা দেখা গৈছিল কোহলি আৰু সূৰ্যকুমাৰক৷ ষ্টেডিয়ামখনৰ ড্ৰপ-ইন পিটচে যথেষ্ট চিন্তাত ৰাখিছে ভাৰতীয় দলক৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনৰ পাছত অধিনায়ক ৰোহিত শৰ্মাই পিটচক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ পিটচক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে ভাৰত-পাকিস্তানৰ মাজৰ বহু প্ৰতীক্ষিত খেলখনৰ পূৰ্বে পিটচৰ বিসংগতি দূৰ কৰাত গুৰুত্ব দিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে৷ তথাপি অসমান বাউন্সে সমস্যাত পেলাব পাৰে বেটাৰক৷ সেইবাবে পিটচৰ সম্ভাব্য আচৰণৰ পূৰ্বানুমানৰ চেষ্টা চলাইছে টীম মেনেজমেণ্টে৷  বেটিং অনুশীলনৰ সময়ত বলাৰক বিভিন্ন লেংথত বলিং কৰিবলৈ কোৱা হৈছিল৷ সেইমতে, যশপ্ৰীত বুমৰা, মহম্মদ ছিৰাজ, অৰ্শদীপ সিঙে বলৰ গতি বৃদ্ধি আৰু হ্ৰাস কৰা দেখা গৈছিল৷



ইপিনে, পাকিস্তানৰ বেটিঙৰ মূল শক্তি হৈছে অধিনায়ক বাবৰ আজম৷ আমেৰিকাৰ বিৰুদ্ধে বাবৰ আৰু শ্বাদব খানৰ যুটিত ৭২ ৰান যোগ নোহোৱা হ’লে  অধিক বিপৰ্যয়ৰ সন্মুখীন হ’লহেঁতেন পাকিস্তান৷ সেয়েহে ভাৰতীয় বলাৰৰ লক্ষ্য হ’ব বাবৰৰ উইকেট৷ ভাৰতীয় পেচ আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰা এতিয়ালৈকে বাবৰক আউট কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়েহে পাক অধিনায়কজনৰ বিৰুদ্ধে বুমৰাৰ প্ৰদৰ্শনো হ’ব লক্ষ্যণীয়৷ পৰিসংখ্যালৈ চালে  দেখা যায় যে টুৱেণ্টী২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়ালৈকে প্ৰতিদ্বন্দ্বিতা হৈছে সাতবাৰ আৰু ছবাৰেই জয়ী হৈছে ভাৰত৷ ২০২১ চনত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল টীম ইণ্ডিয়া৷ এইবাৰৰ বিশ্বকাপৰ গ্ৰুপ ‘এ’ত ভাৰত আৰু পাকিস্তানৰ উপৰি  আছে আমেৰিকা, আয়াৰলেণ্ড আৰু কানাডা৷ ভাৰতে গ্ৰুপৰ অন্তিম দুখন খেল খেলিব আমেৰিকা আৰু কানাডাৰ বিৰুদ্ধে৷ দুখন খেলত জয়ী হৈ আমেৰিকা আছে গ্ৰুপৰ শীৰ্ষস্থানত৷ আনহাতে, প্ৰথম খেলত পৰাস্ত হোৱাৰ বাবে পাকিস্তানৰ চাপ বৃদ্ধি পাইছে৷ ভাৰতৰ বিৰুদ্ধে খেলখনত হ’ব দলটোৰ বাবে একপ্ৰকাৰ মৰণপণ যুঁজ৷ পৰাস্ত হ’লেই গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লোৱাৰ আশংকা৷ গ্ৰুপৰ দ্বিতীয়টো দল হিচাপে ‘ছুপাৰ এইট’ত স্থান পোৱাৰ দৌৰত আগবাঢ়ি আছে আমেৰিকা৷ আয়াৰলেণ্ডক পৰাস্ত কৰিব পাৰিলেই পৰৱৰ্তী ৰাউণ্ডত উপনীত হ’ব আব্ৰাহাম লিংকনৰ দেশ৷ আমেৰিকা আৰু কানাডাক পৰাস্ত কৰিব পাৰিলেও পৰৱৰ্তী ৰাউণ্ডত ভাৰতৰ স্থান নিশ্চিত হ’ব৷ কিন্তু পাকিস্তানৰ বাবে ভাৰতক পৰাস্ত কৰাৰ গত্যন্তৰ নাথাকিব৷