Logo
image

মাৰাডোনাৰ ‘গ’ল্ডেন বল’ৰ নিলাম স্থগিত

১৯৮৬ চনৰ ফিফা বিশ্বকাপত সোণৰ বল জয় কৰিছিল ডিয়েগো মাৰাডোনাই৷ কিংবদন্তি ফুটবলাৰজনৰ সেই ট্ৰফী নিলাম হোৱাৰ কথা আছিল ফ্ৰান্সত৷ কিন্তু আইনী জটিলতাৰ বাবে সেই নিলাম প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে৷ মাৰাডোনাৰ সেই সোণৰ বল চুৰি হৈছিল বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ কৰা হৈছিল৷ সেই তদন্ত শেষ নোহোৱা পৰ্যন্ত সোণৰ বল নিলাম নহয় বুলি জনাইছে ফ্ৰান্সৰ নিলাম সংস্থা ‘আগুট্ৰেছে’৷ এক বিবৃতিত নিলাম সংস্থাই জনাইছে যে নিলাম স্থগিত ৰখাৰ বাবে আদালতৰ দাৰস্থ হৈছিল মাৰাডোনাৰ পৰিয়াল৷ কিন্তু আদালতে তেওঁলোকৰ আৰ্জি খাৰিজ কৰে৷ ইয়াৰ পাছতো মাৰাডোনাৰ সোণৰ বল লৈ বিতৰ্ক শেষ হোৱা নাই৷ নিলামৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা মানি চলিব লগা হৈছে৷ যিহেতু মাৰাডোনাৰ সোণৰ বলৰ  মালিকী-স্বত্বক লৈ এতিয়াও আইনি জটিলতা আছে সেয়ে নিলাম স্থগিত ৰখা হৈছে৷ বিষয়টো স্পষ্ট হোৱাৰ পাছতহে নিলাম হ’ব৷ উল্লেখ্য, বিশ্বকাপত মাৰাডোনাই লাভ কৰা সোণৰ বল বহু আগতেই চুৰি হৈছিল৷ বিষটো প্ৰায় আঠ বছৰৰ পূৰ্বে পোহৰলৈ আহে৷ তাৰ পাছত সোণৰ বল চুৰি হোৱাৰ অভিযোগ দিছিল মাৰাডোনাৰ পৰিয়ালে৷ যি ব্যক্তিয়ে সোণৰ বলৰ মালিক বুলি দাবী কৰিছে তেৱোঁ সেই বলৰ আচল মালিক নহয়৷ সোণৰ বলৰ মালিকী-স্বত্ব দাবী কৰিছে মাৰাডোনাৰ পৰিয়ালে৷ আদালতে তেওঁলোকৰ দাবী খাৰিজ কৰিলেও  তদন্তৰ নিদেৰ্শ দিছে৷ তদন্ত শেষ হ’লেহে নিলাম হ’ব৷