Logo
image

কাউৰীৰ দেহত বাৰ্ড ফ্লু, লক্ষাধিক কাউৰী নিধন

নতুন দিল্লী, ১৬ জুনঃ ভাৰতত প্ৰথমবাৰৰ বাবে কাউৰীৰ দেহত বাৰ্ড ফ্লু’ৰ সংক্ৰমণ ধৰা পৰিছে৷ কেৰালাৰ আলাপুঝাৰ মুহাম্মা এলেকাত ৱাৰ্ড ফ্লুত আক্ৰান্ত হৈ শ শ কাউৰীৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে৷ গাঁওখনৰ পঞ্চায়ত সভাপতিয়ে সাংবাদিকক জনোৱামতে কেইদিনমানৰ পৰা গাঁওখনত অস্বাভাৱাকি হাৰত কাউৰীৰ মৃত্যু ঘটিবলৈ ধৰাত বিষয়টো পশু-স্বাস্থ্যবিভাগক অৱগত কৰোৱা হয়৷ এনে অৱস্থাত পশু স্বাস্থ্যবিভাগে মৃত কাউৰীৰ  নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ভূপাললৈ প্ৰেৰণ কৰে৷ 


ইয়াৰ পাছতে গাঁওখনত মৃত্যু ঘটা কাউৰীসমূহ ৱাৰ্ড ফ্লুত আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷ ইপিনে আলাপুঝাৰ দক্ষিণাঞ্চলৰ উপৰি উত্তৰ অঞ্চলত কুকুৰা আৰু কাউৰীৰ মাজত ৱাৰ্ড ফ্লু’ৰ সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে৷ ফলত ৱাৰ্ড ফ্লু’ৰ বাবে ৰাজ্যখনত এইপৰ্যন্ত এক লাখৰো অধিক কাউৰী হত্যা কৰা হৈছে৷ ইয়াৰে প্ৰায় ৭৩ হেজাৰৰো অধিক কাউৰী হত্যা কৰা হৈছে অকল আলাপুঝা এলেকাত৷ ইয়াৰ পাছতে কেৰালাৰ পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী জে চিন্মু ৰাণীয়ে  ৰাজ্যত যাতে ৱাৰ্ড ফ্লু’য়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এটা বিশেষজ্ঞৰ গোট গঠন কৰি দিছে৷