Logo
image

‘নীট’ৰ সকলো ভুল মানি লৈ শুধৰণি কৰক, ব্যৱস্থা লওক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুনঃ ‘নীট ইউজি ২০২৪ পৰীক্ষাত যদি ০.০০১ শতাংশ গাফিলতি হৈছে তেন্তে ব্যৱস্থা লওক, সেৱা শুধৰণি কৰক, ভুল হ’লে ভুলটো স্বীকাৰ কৰক৷’–চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা ‘নীট’ত হোৱা কেলেংকাৰি আৰু প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত মঙলবাৰে শুনানী গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএক এনেদৰে কঠোৰ সকীয়নি দিলে উচ্ছতম ন্যায়ালয়ে৷ উল্লেখ্য, নীটৰ প্ৰশ্নকাকত ফাদিল আৰু একাংশ প্ৰাৰ্থীক গ্ৰেচ নম্বৰ দিয়া প্ৰসংগত দাখিল হোৱা ৰীট আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি ভট্টিৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে৷ শুনানীত কেন্দ্ৰীয় চৰকাৰ আৰু এন টি এক প্ৰতিনিধিত্ব কৰা অধিবক্তা কানু আগৰৱালা আৰু বৰ্ধমান কৌশিকক উদ্দেশ্য কৰি ন্যায়াধীশ নাথ আৰু ভট্টিয়ে কয়–‘যদি কাৰোবাৰ ফালৰ পৰা ০.০০১ শতাংশও গাফিলতি থাকে তেন্তে ইয়াক সম্পূৰ্ণ মোকাবিলা কৰা উচিত৷ কেৱল বিৰোধীৰ বিষয় হিচাপে এই সকলোবোৰ বিষয়ক গণ্য কৰা উচিত নহয়৷’ ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ এন ভি ভাট্টিয়ে লগতে কয় যে পৰীক্ষাত প্ৰৱঞ্চনা কৰি চিকিৎসক হোৱাটো সমাজৰ কাৰণে বিপদজ্জনক৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকলে যি কঠোৰ পৰিশ্ৰম কৰিছে তাৰ প্ৰতি এনটিএ সচেতন হোৱা উচিত৷ শুনানীৰ সময়ত এনটিএক আদালতে কয়–কল্পনা কৰক যে প্ৰৱঞ্চনা কৰি চিকিৎসক হোৱা এজনে শিশুক চিকিৎসা কৰি আছে আৰু তেওঁৰ উত্তীৰ্ণৰ সন্দৰ্ভত তদন্ত চলি আছে৷ ইয়াক আন কোনো পৰম্পৰাগত ক্ষেত্ৰৰ দৰে নাভাবিব৷ ভুল হ’লে স্বীকাৰ কৰক৷ কওক, হয় আমাৰ ফালৰ পৰা ভুল হৈছিল আৰু আমি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো৷ তেতিয়া অন্ততঃ মানুহৰ আপোনালোকৰ ওপৰত বিশ্বাস অটুট থাকিব৷’ 


উল্লেখ্য যে অহা ৮ জুলাইত পুনৰ গোচৰটোৰ শুনানী অনুষ্ঠিত হ’ব৷ যোৱা সপ্তাহত এনটিএয়ে উচ্ছতম ন্যায়ালয়ক শপত নামা যোগে অৱগত কৰিছিল যে গ্ৰেচ মাৰ্ক দিয়া ১,৫৬৩ জন প্ৰাৰ্থীয়ে ইচ্ছা কৰিলে ২৩ জুনত পুনৰ পৰীক্ষাত বহিব পৰিব আৰু ৩০ জুনত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব৷ যিসকলে পুনৰ পৰীক্ষাত বহিব নিবিচাৰে তেওঁলোকৰ পূৰ্বৰ স্কৰেই বাহাল থাকিব৷ উল্লেখ্য যে যোৱা ৫ মে’ত দেশজুৰি চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত নীট অনুষ্ঠিত হৈছিল৷ সমগ্ৰ দেশৰ প্ৰায় ৪,৫০০টা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৪ লাখ পৰীক্ষাৰ্থী৷ কিন্তু ৪ জুনত পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতে নীটত হোৱা অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো পোহৰলৈ আহে৷ নীটৰ একোখন প্ৰশ্নকাকত ৩০ লাখ টকাত বিক্ৰীৰ অভিযোগ উঠিছিল৷ উত্তৰ প্ৰদেশ, বিহাৰ আৰু গুজৰাট কেলেংকাৰিৰ অভিকেন্দ্ৰ হৈ পৰিছিল৷ যাক লৈ এতিয়া দেশজুৰি উত্তাল পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ লগতে বিৰোধী দল তথা ছাত্ৰ-সংগঠনসমূহে কেলেংকাৰিটোৰ চিবিআই তদন্ত বিচাৰিছিল৷ আনকি দেশৰ সৰ্বোচ্ছ আদালতত একাধিক আবেদনো দাখিল হৈছিল৷ মঙলবাৰে উচ্ছতম ন্যায়ালয়ে গোচৰৰ শুনানী গ্ৰহণ কৰে৷