Logo
image

আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান

ব্ৰীজটাউন, ২০ জুনঃ টুৱেণ্টী২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ভাৰতে পৰাস্ত কৰিছিল আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাক৷ গ্ৰুপৰ অন্তিমখন খেল আছিল কানাডাৰ বিৰুদ্ধে৷ কিন্তু ফ্ল’ৰিডাত হ’বলগীয়া সেই খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল৷ ভাৰতে গ্ৰুপৰ খেলকেইখন খেলিছিল আমেৰিকাত৷ বৃহস্পতিবাৰে ৰোহিত শৰ্মাৰ দলটোৱে ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেল খেলিব আফগানিস্তানৰ বিৰুদ্ধে৷ খেলখন হ’ব বাৰ্বাডোজৰ ব্ৰীজটাউনত৷ খেলখনত বতৰে বিঘিনি জন্মোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি বাৰ্বাডোজত বৰষুণৰ সম্ভাৱনা আছে ২৫ শতাংশহে৷ আকাশ মেঘাচ্ছন্ন হৈ থাকিব৷ গ্ৰুপত অপৰাজিত থাকিলেও ভাৰতীয় দলৰ মূল চিন্তা বিৰাট কোহলিৰ ফৰ্মক লৈ৷  ভাৰতীয় বেটিঙৰ অপৰিহাৰ্য অংগ কোহলিক বেটৰ পৰা এতিয়ালৈকে তিনিখন খেলত আহিছে কেৱল পাঁচ ৰান৷ তিনিওখন খেলত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে তেওঁ বেটিং মুকলি কৰিছিল৷ 



বাওঁহতীয়া পেচ বলাৰৰ বিৰুদ্ধে কোহলিৰ দুৰ্বলতা স্পষ্ট হৈ পৰিছে৷ আফগানিস্তানত ফজলহক ফাৰুকিৰ দৰে বাওঁহতীয়া পেচ বলাৰ আছে, যিজন কোহলিৰ বাবে সমস্যা হৈ পৰিব পাৰে৷ ছুপাৰ এইটত কোহলিয়ে ফৰ্ম ঘূৰাই পাব বুলিয়েই আশাবাদী টীম মেনেজমেণ্টৰ লগতে তেওঁৰ অনুৰাগীসকল৷  টুৱেণ্টী২০ বিশ্বকাপত কিং কোহলিৰ ফৰ্মক লৈ চৰ্চা চলি থকা সময়তে কাইলৈক খেলখনত ভাৰতীয় মূল একাদশত সালসলনি ঘটাৰ ইংগিত পোৱা গৈছে৷ নিউয়ৰ্কৰ পিটচ আছিল পেচ বলাৰৰ সহায়ক৷ সেয়েহে দলত তিনিজন বিশেষজ্ঞ পেচ বলাৰ ৰখাৰ ৰণকৌশল সফল হৈছিল ভাৰতৰ৷ কিন্তু ৱেষ্ট ইণ্ডিজত স্পিনাৰে সহায় পাব বুলি অনুমান কৰা হৈছে আৰু সেয়েহে মূল একাদশত এজন পেচ বলাৰৰ স্থানত স্পিনাৰ কুলদীপ যাদৱক স্থান দিয়া হ’ব পাৰে৷ অনুশীলনত কুলদীপৰ ওপৰত বিশেষ দৃষ্টি ৰখা হৈছিল৷ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ সন্মুখত তেওঁ দীৰ্ঘ সময় বলিং কৰিছিল৷

ইপিনে আফগানিস্তান গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’লেও প্ৰথম তিনিখন খেলত জয়ৰ সূত্ৰে দলটো ছুপাৰ এইটত উপনীত হৈছে৷ নিউজীলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰি দলটোৱে ডাঙৰ অঘটন ঘটাইছিল৷ বলিঙত আফগানিস্তানৰ অধিনায়ক ৰছিদ খানৰ ভৰসা হৈছে ফজলহক ফাৰুকি, যিজনে এতিয়ালৈকে টুৰ্নামেণ্টখনত সৰ্বাধিক ১২টা উইকেট লাভ কৰিছে৷ বেটিঙতো ৰহমতুল্লা গুৰবাজ আৰু ইব্ৰাহিম জেদৰান আছে ভাল ফৰ্মত৷ টুৱেণ্টী২০ ক্ৰিকেটত এতিয়ালৈকে আফগানিস্তানে ভাৰতক পৰাস্ত কৰিব পৰা নাই৷ কিন্তু  বৰ্তমানৰ ফৰ্মলৈ চাই  দলটোৱে টুৰ্নামেণ্টত আৰু অঘটনৱ ঘটালে তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷