কৌশল সলাওক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ প্ৰসংগত কৈছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কাজিৰঙা সংসদীয় সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহত নিৰ্বাচনী সভা আদি কৰিবলৈ তেওঁ নাযাবও পাৰে, কাৰণ সেইটো কৰিলে বাকীবোৰ সমষ্টিলৈ যোৱাৰ সময় নহ’বও পাৰে৷ কি কাৰণত মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে, সেইটো সকলোৰে বিদিত, তাত ক’বলৈ একো নাই৷ কিন্তু ক’বলগীয়া কথাটো হৈছে এয়ে যে সাংবাদিকে এনে প্ৰশ্ন সোধাৰ পৰা বিৰত থাকক আৰু সকলোৱেই কথাবোৰ অলপ অন্যধৰণেৰেও ভবা আৰম্ভ কৰক৷ ভাবি চাওকচোন, চাৰে তিনি কোটিৰো অধিক জনসংখ্যাৰ ৰাজ্য এখন, য’ত শিক্ষা, স্বাস্থ্য, খোৱাপানী, মূল্যবৃদ্ধি, কৰ্মসংস্থান আদি ক্ষেত্ৰৰ সমস্যাৰ আদি-অন্ত নাই, ড্ৰাগ, চুৰি, ডকাইিত, ধৰ্ষণ, হত্যা আদি অসামাজিক কামৰ বাৰংবাৰতা নিয়ন্ত্ৰণৰ সীমা পাৰ হৈ যায়, তেনে এখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে সমষ্টিয়ে সমষ্টিয়ে ঘূৰি ঘূৰি দিনৰ পাছত দিন, মাহৰ পাছত মাহ নিৰ্বাচনী সভাত টেঁটুফালি চিঞৰি চিঞৰি ভোট খুজি ফুৰিব লাগে৷ লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন আদি সকলো সময়তে যদি নিৰ্বাচনত জয়লাভ কৰাৰ কৌশলৰ কথা ভাবি আৰু দিহিঙে-দিপাঙে দল আৰু প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি ঘূৰি ফুৰিব লাগে, ৰাজ্যৰ সমস্যা সমাধান অথবা বিকাশৰ কথা ভাবিব কেতিয়া? মুখ্যমন্ত্ৰীজন কেৱল দলৰেইনে, নে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ? দেশৰ প্ৰধানমন্ত্ৰীজনে ইমান গুৰুত্বপূৰ্ণ কাম-কাজ এৰি হাড়ক মাটি আৰু তেজক পানী কৰি অন্ন আৰু নিদ্ৰা পৰিহাৰ কৰি কিয় এখনৰ পাছত আন এখন ৰাজ্যলৈ কেৱল কোনো প্ৰাৰ্থী এজনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিব লাগে? প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাটো বা নকৰাটো কিয় প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ যোগ্যতা বা অৰ্হতাৰ মাপকাঠী হ’ব লাগে? অসমত কোনো কোনোৱে মন্তব্য কৰিছে যে কংগ্ৰেছ দলৰ গুৱাহাটীৰ প্ৰাৰ্থীজনৰ বাবে কোনো ‘ষ্টাৰ কেম্পেইনাৰ’ নাহিল৷ সেইবুলিয়েই কি প্ৰাৰ্থীজনৰ প্ৰদৰ্শন বেয়া হ’ল নেকি!নিজাববীয়াকৈ প্ৰচাৰ চলাই মুঠ ভোটৰ ৪০.৩ শতাংশ ভোট যে প্ৰাৰ্থীগৰাকীয়ে পাইছে, সেয়া তেওঁ নিজৰ বলত পাইছে৷ প্ৰকৃততে, সেইটোহে হ’ব লাগে৷ কোনে উলিয়ালে ‘ষ্টাৰ কেম্পেইনাৰ’ৰ ধাৰণা? প্ৰাৰ্থী এজনক কিয় ভোট দিব লাগে, দল এটাক কিয় চৰকাৰ গঠন কৰিবলৈ দিব লাগে, তাৰ কাৰণ বুজাবলৈ, যুক্তি দিবলৈ, আজিৰ প্ৰযুক্তিৰ দিনত কতবোৰ উপায় আছে৷ এটা সময় আছিল যেতিয়া প্ৰাৰ্থীসকলে নিজে সমৰ্থকক লগত লৈ ঘৰে ঘৰে গৈ নিজৰ পৰিচয় দিছিল আৰু ভোট বিচাৰিছিল৷ এতিয়া সেই সময় নাই, প্ৰয়োজনো নাই৷ কিয়নো, এতিয়া বিকল্প উপায় অনেক আছে৷ ৰেডিঅ’, টেলিভিছন, ইণ্টাৰনেটৰ কৃপাত সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্ম, ম’বাইল ফোন আদি অত্যাধুনিক মাধ্যমৰ সুলভতাই প্ৰাৰ্থী বা দলক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অপৰিসীম সুবিধা দিছে৷ নেতা-মন্ত্ৰীয়ে আগৰ দৰে এতিয়া এম্বেছাডৰ গাড়ীত ঘূৰি নুফুৰে৷ কোটি টকীয়া বিলাসী গাড়ীত ঘূৰে, অথচ ভোট বিচৰাৰ পুৰণি অভ্যাসবোৰ এৰিব নোখোজে৷ ৰাষ্ট্ৰীয়ই হওক বা স্থানীয়ই হওক, প্ৰতিখন বাতৰিকাকত-আলোচনীত চৰকাৰৰ, ৰাজনৈতিক দলৰ বৃহৎ বৃহৎ বিজ্ঞাপন৷ চৰকাৰে কৰা ভাল কামবোৰৰ কথা ভোটাৰ ৰাইজে এই বিজ্ঞাপনৰ পৰাই জানিব পাৰে আৰু চৰকাৰে জনাব নোখোজা গোপন এজেণ্ডাৰ কামৰ বিষয়ে চৰ্চা-সমালোচনা কৰি ভোটাৰৰ কাণত পেলাবলৈ বিৰোধী দলৰ নেতাবোৰ আছেই৷ এইবোৰৰ লগতে বুদ্ধিজীৱী, সমাজ সেৱক, সংবাদ-সেৱীসকল আছেই৷ আধুনিক প্ৰযুক্তিৰ বলত যোগাযোগ ব্যৱস্থাই এনে অৱস্থা পাইছে যে ক্ষন্তেকতে সকলো কথাই দেশ-বিদেশৰ চুকে-কোণে বিয়পি পৰে৷ এনে প্ৰেক্ষাপটত আমি কিয় বিচাৰোঁ যে গধুৰ দায়িত্ব বহন কৰি থকা প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীজনে নিজৰ সকলো কাম-বন কাতি কৰি থৈ নিৰ্বাচনী প্ৰচাৰ কৰি থাকক৷ নিৰ্বাচনী প্ৰচাৰৰ নামত কৰা এই সভা-সমদল, বাইক-ৰেলী, ৰোড-শ্বো, বিশাল জনসমাৱেশবোৰত কত কোটি কোটি টকাৰ ব্যয় হয়, যিবোৰ তেনেই অনুৎপাদনশীল৷ আমি এই ব্যয়ৰ পৰিমাণ বা উৎসৰ কথা নাপাতোঁ, আমি কথা পাতোঁ কোনটো ‘ইভেণ্ট’ত কিমান মানুহ হ’ল (যদিও মানুহবোৰক ভাড়ালৈ অনা বুলি আমিয়েই স্থানান্তৰত সমালোচনাও কৰোঁ), কিমানখন বাছত কিমান দূৰৈৰ পৰা মানুহ আহিল৷ এই নিৰ্বাচনী ষ্টাইলবোৰ অপৰিহাৰ্য নেকি? নিশ্চয় নহয়৷ তেন্তে, আমি এইবোৰ সলোৱাৰ ব্যৱস্থা নকৰোঁ কিয়? প্ৰাৰ্থী আৰু দলে নিজাববীয়াকৈ প্ৰচাৰ কৰক, ইলেক্ট্ৰনিক মাধ্যম ব্যৱহাৰ কৰক, চৰকাৰ-মন্ত্ৰী, বিশেষকৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে এনেদৰে ধুমুহাৰ গতিৰে কৰা প্ৰচাৰ সভাবোৰৰ অন্ত পেলাওক৷ দেশৰ কোটি কোটি জনতাই আপোনালোকক নিৰ্বাচিত কৰি ৰজা-মন্ত্ৰী পাতে, আপোনালোক ৰজা-মন্ত্ৰী হৈ তেওঁলোকৰ সুখ-দুখৰ কথা ভাবক; জিকি যোৱা মানুহে আৰু জিকিবৰ বাবেই কি যুদ্ধ কৰি থাকে? জনতাকো জয়ী হ’বলৈ দিয়ক৷