Logo
image

ব্ৰেণ্ড ভেল্যুৰ শীৰ্ষত কোহলি

টুৱেণ্টী২০ বিশ্বকাপত ব্যস্ত আছে বিৰাট কোহলি৷ তাৰ মাজতে ব্ৰেণ্ড ভেল্যুৰ ক্ষেত্ৰত দেশৰ সকলো চেলিব্ৰিটীক চেৰ পেলালে তেওঁ৷ শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ দৰে তাৰকাক অতিক্ৰমী গ’ল কোহলিয়ে৷ চেলিব্ৰিটী ব্ৰেণ্ড ভেলুৱেশ্বন  শীৰ্ষক এটা প্ৰতিবেদনত প্ৰকাশ পাইছে ভাৰতীয় তাৰকাসকলৰ অৱস্থান৷ সেই তালিকাত সবাতোকৈ অধিক ব্ৰেণ্ড ভেল্যুৰ তাৰকা হৈছে বিৰাট কোহলি৷ 



সকলো মিলাই তাৰকা ক্ৰিকেটাৰজনৰ ব্ৰেণ্ড ভেল্যু হৈছে ২২ কোটি ৮০ লাখ ডলাৰ৷  উল্লেখ্য, ২০২২ চনত  এই তালিকাৰ দ্বিতীয় স্থানত  আছিল কোহলি৷ এবছৰ পাছত পুনৰ শীৰ্ষস্থান অধিকাৰ কৰিছে তেওঁ৷ ২০২২ চনত তেওঁৰ ব্ৰেণ্ড ভেল্যুৰ তালিকাৰ দ্বিতীয় স্থানত আছে বলীউড তাৰকা ৰণবীৰ সিং৷ তেওঁৰ ব্ৰেণ্ড ভেল্যু হৈছে প্ৰায় ২০ কোটি ডলাৰ৷ ২০২২ চনত তেওঁ এই তালিকাৰ শীৰ্ষত আছিল৷ শেহতীয়া তালিকাত ৰণবীৰ সিঙৰ পাছত তৃতীয় স্থানত আছে শ্বাহৰুখ খান৷ ২০২২ চনত তেওঁ আছিল দশম স্থানত৷ 

২০২৩ চনত শ্বাহৰুখে ‘পাঠান’, ‘জৱান’ৰ দৰে ব্লকবাষ্টাৰ ছবি উপহাৰ দিছিল৷ সেই সূত্ৰে ব্ৰেণ্ড ভেল্যুৰ তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ হৈছে তেওঁৰ৷  প্ৰতিবেদনটোত প্ৰকাশ পোৱা অনুসৰি সৰ্বাধিক ব্ৰেণ্ড ভেল্যুৰ তালিকাত কোহলিৰ পাছত শীৰ্ষৰ দহত স্থান পোৱা আন দুজন ক্ৰিকেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনি আৰু শচীন তেণ্ডুলকাৰ৷ ধোনি সপ্তম আৰু তেণ্ডুলকাৰ অষ্টম স্থানত আছে৷ চতুৰ্থৰ পৰা ষষ্ঠ স্থানত আছে অক্ষয় কুমাৰ, আলিয়া ভাট আৰু দীপিকা পাড়ুকন৷ নৱম আৰু দশম স্থানত আছে অমিতাভ বচ্ছন আৰু ছালমান খান৷