Logo
image

প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত আফগানিস্তান

ছেণ্ট ভিনচেণ্ট, ২৬ জুন : টুৱেণ্টী২০ বিশ্বকাপৰ ছুপাৰ এইটত জয় অবিহনেই স্বদেশলৈ উভতিবলগীয়া হ’ল বাংলাদেশ৷ মঙলবাৰে ছুপাৰ এইটৰ অন্তিমখন খেলত প্ৰতিদ্বন্দ্বিতা হৈছিল বাংলাদেশ আৰু আফগানিস্তানৰ৷ এই খেলখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিছিল বাংলাদেশ আৰু আফগানিস্তানৰ লগতে অষ্ট্ৰেলিয়াৰো ভাগ্য৷ ছেমিফাইনেলত উপনীত হোৱাৰ সুযোগ আছিল তিনিওটা দলৰেই৷ কিন্তু শেষ পৰ্যন্ত বাংলাদেশক ৮ ৰানত পৰাস্ত কৰি [ডাক ৱৰ্থ-লিৱিছ পদ্ধতি অনুসৰি] প্ৰথমবাৰৰ বাবে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে আফগানিস্তানে৷ আশা নিৰ্বাপিত হ’ল অষ্ট্ৰেলিয়াৰো৷ টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে পাঁচ উইকেটত সংগ্ৰহ কৰিছিল ১১৫ ৰান৷ ছেমিফাইনেললৈ পথ প্ৰশস্ত কৰিবলৈ হ’লে বাংলাদেশক ১২.১ অভাৰত জয়ী হোৱাটো আৱশ্যক আছিল৷ কিন্তু সেয়া সম্ভৱ নহ’ল৷ বৰষুণৰ বাবে কেইবাবাৰো খেল বন্ধ ৰাখিবলগীয়া হৈছিল৷ বাংলাদেশৰ জয়ৰ লক্ষ্যও সলনি কৰা হৈছিল ১৯ অভাৰত ১১৪ ৰান৷ কিন্তু শেষ পৰ্যন্ত দলটোৱে ১৭.৫ অভাৰত ১০৫ ৰানত সকলো উইকেট হেৰুৱায়৷ ছুপাৰ এইটত ভাৰতৰ হাতত পৰাস্ত হ’লেও অষ্টে˜লিয়া  আৰু বাংলাদেশক পৰাস্ত কৰাৰ সূত্ৰে চাৰি পইণ্টেৰে গ্ৰুপ ‘এক’ৰ পৰা ছেমিফাইনেলত স্থান পালে আফগানিস্তানে৷ অন্তিম চাৰি স্থানৰ প্ৰতিদ্বনিদ্বতাত আফগানিস্তানৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্ৰিকা৷

এটা সময়লৈ বাংলাদেশৰ সম্ভাৱনা জীয়াই ৰাখিছিল অ’পেনাৰ লিটন দাসে৷ কিন্তু পঞ্চম উইকেটৰ পতনৰ পাছত হঠাৎ মন্থৰ হৈ পৰিছিল বাংলাদেশৰ ৰানৰ গতি৷ তাৰ কৃতিত্ব দাবী কৰিব পাৰে আফগানিস্তানৰ স্পিনাৰদ্বয় ৰছিদ খান আৰু নুৰ  আহমেদে৷ বাংলাদেশৰ ইনিংছত ৪৯টা বলত এটা ‘ছিক্স’, পাঁচটা ‘চাৰি’ৰে ৫৪ ৰানত আপৰাজিত থাকে লিটন দাস৷ আনহাতে, তৌহিদ হূদয় আৰু সৌম্য সৰকাৰৰ বেটৰ পৰা আহে ক্ৰমে ১৪ আৰু ১০ ৰান৷ আফগানিস্তানৰ ৰছিদ খানে ২৩ ৰানত চাৰিটা, নভিদ উল হকে ২৬ ৰানত চাৰিটা আৰু ফজলহক ফাৰুকী, গুলবাদিন নাঈবে এটাকৈ উইকেট লাভ কৰে৷ টছত জিকি প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত পাঁচ উইকেটত ১১৫ ৰান সংগ্ৰহ কৰা আফগানিস্তানৰ ইনিংছত অ’পেনাৰ ৰহমতুল্লা গুৰবাজে ৫৫টা বলত এটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে সৰ্বাধিক ৪৩, ইব্ৰাহিম জেদৰানে ১৮  আৰু আজমাতুল্লা অ’মাৰজায়ে ১০ ৰান সংগ্ৰহ কৰে৷ বাংলাদেশৰ ৰিছাদ হুছেইনে ২৬ ৰানত চাৰিটা আৰু মুস্তাফিজুৰ ৰহমান, তাস্কিন আহমেদে এটাকৈ উইকেট লাভ কৰে৷